ETV Bharat / bharat

SC extends Nawab Maliks bail : নৱাব মালিকৰ জামিনৰ সময় বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:30 PM IST

SC extends Nawab Maliks bail
নৱাব মালিকৰ জামিনৰ সময় বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ

বৃক্কৰ ৰোগত ভুগি থকা নৱাব মালিকক যোৱা ১১ আগষ্টত দুমাহৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছিল । উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন পুনৰ ৩ মাহলৈ বৃদ্ধি কৰে । ধন আত্মসাৎ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী মালিকক ।

নেশ্যনেল ডেস্ক,১২ অক্টোবৰ : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ নেতা নবাব মালিকক উচ্চতম ন্যায়ালয়ে সকাহ প্ৰদান কৰে । আদালতে ধন আত্মসাৎ গোচৰত তেওঁক দিয়া অন্তৱৰ্তীকালীন জামিন ৩ মাহলৈ বৃদ্ধি কৰে । বোম্বাই উচ্চ ন্যায়ালয়ে ১৩ জুলাইত এক নিৰ্দেশত মালিকক চিকিৎসাজনিত কাৰণত জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল । মালিকে তেতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । ধন আত্মসাৎ গোচৰটো ইডিয়ে তদন্ত কৰি আছে ।

জামিন বৃদ্ধি কৰি ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে কয় যে মালিক বৃক্কৰ ৰোগত ভুগি আছে আৰু ১১ আগষ্টত দুমাহৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ হোৱাৰ পাছতো তেওঁৰ স্বাস্থ্যৰ উন্নতি হোৱা নাই । অৱশ্যে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে অন্তৱৰ্তীকালীন জামিনৰ সম্প্ৰসাৰণৰ বিৰোধিতা কৰা নাই । মালিকক ২০২২ চনৰ ফেব্ৰুৱাৰীত ইডিয়ে পলাতক গেংষ্টাৰ ডাউদ ইব্ৰাহিম আৰু তেওঁৰ সহযোগীসকলৰ সৈতে ধনৰ লেনদেন সম্পৰ্কিত এক গোচৰত গ্ৰেপ্তাৰ কৰিছিল ।

প্ৰথমে এনচিপিৰ নেতাগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ পৰা সকাহ বিচাৰি আবেদন কৰিছিল আৰু তেওঁ দাবী কৰিছিল যে তেওঁ বহুকেইটা ৰোগৰ উপৰিও বৃক্কৰ ৰোগত ভুগি আছে । তাৰ পাছতে উচ্চ ন্যায়ালয়ে কৈছিল যে দুসপ্তাহৰ পাছত জামিন বিচৰা তেওঁৰ আবেদনৰ শুনানি ল'ব । তাৰ পাছত মালিকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে আৰু স্বাস্থ্যজনিত কাৰণত মালিকক জামিন প্ৰদান কৰে ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী নৱাব মালিক ২০২২ চনৰ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা কাৰাগাৰত আছিল । নৱাব মালিকে বোম্বাই উচ্চ ন্যায়ালয়ত কেইবাবাৰো জামিন আবেদন দাখিল কৰিছিল ।

লগতে পঢ়ক :Nawab Malik bail : প্ৰাক্তন মন্ত্ৰী নৱাব মালিকক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.