ETV Bharat / bharat

Budget Session 2023: ভাৰতৰ বাজেট বিশ্বৰ বাবে আশাৰ ৰেঙনি, প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jan 31, 2023, 12:22 PM IST

Parliament
Parliament

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুয়োখন সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ প্ৰথম ভাষণৰ পূৰ্বে সংসদ চৌহদত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে (Union Budget Session 2023) ।

নিউজ ডেস্ক, ৩১ জানুৱাৰী : মঙলবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিবেশনৰ (Union Budget Session 2023) পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) কয় যে এই বাজেটে অৰ্থনৈতিক জগতৰ বিশ্বাসযোগ্য কণ্ঠস্বৰেৰে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব, আশাৰ ৰেঙনি যোগাব আৰু উৎসাহৰ আৰম্ভণি কৰিব ।

উল্লেখ্য, ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ দুয়োখন সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথমটো ভাষণৰ (President Droupadi Murmu addressed parliament) পূৰ্বে সংসদৰ চৌহদত প্ৰধামন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে । তাতেই প্ৰধানমন্ত্ৰী মোডীয়ে এই মন্তব্য আগবঢ়ায় । লগতে তেওঁ কয় যে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ । কিয়নো ৰাষ্ট্ৰপতিয়ে প্ৰথমবাৰৰ বাবে সংসদৰ যুটীয়া অধিবেশনত ভাষণ দিব (President Droupadi Murmu addressed budget session) ।

সকলোতে আশা আৰু প্ৰত্যাশা আছে । এইটো এটা গুৰুত্বপূৰ্ণ দিন । বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সংসদৰ যুটীয়া সদনক সম্বোধন কৰিব । তেওঁৰ ভাষণ ভাৰতৰ সংবিধানৰ বাবে গৌৰৱ, গণতন্ত্ৰৰ বাবে গৌৰৱ । এইটো হৈছে দেশৰ সকলো মহিলাৰ বাবে এক সন্মান । এয়া দেশৰ জনজাতীয় সম্প্ৰদায়ৰ পৰম্পৰাৰ বাবে এক সন্মান । মোডীয়ে লগতে কয় (PM Modi speaking to media in front of Parliament) ।

এইটো আমাৰ পৰম্পৰা যে যিকোনো সদস্যই প্ৰথমবাৰৰ বাবে কথা ভাষণ দিলে তেওঁ সদনৰ আন সদস্যসকলৰ পৰা সমৰ্থন আৰু সন্মান লাভ কৰে । এয়াই হৈছে আমাৰ যুগমীয়া পৰম্পৰা । ৰাষ্ট্ৰপতিৰ বাবেও এইটো প্ৰথম উপলক্ষ । কিয়নো তেওঁ সদনৰ সন্মানীয় সদস্যসকলক সম্বোধন কৰিব । সেয়েহে মই, সদনৰ সকলো সদস্যৰ হৈ আশা কৰোঁ যে এইটো তেওঁৰ বাবে স্মৰণীয় মুহূৰ্ত হৈ পৰিব । মোডীয়ে লগতে কয় ।

পৃথিৱীৰ এই পৰিৱৰ্তিত পৰিস্থিতিত ভাৰতৰ বাজেটক বিশ্বই নিকটভাৱে লক্ষ্য কৰি আছে । এই বিপজ্জনক বিত্তীয় অৱস্থাত, বাজেটে কেৱল দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰাৰ চেষ্টাই নকৰে, ই বিশ্বৰ বাবেও এক আশা হৈ পৰিব আৰু নিৰ্মলাজীয়ে নিশ্চিতভাৱে আশা-আকাংক্ষা পূৰণ কৰিব । প্ৰধানমন্ত্ৰীয়ে কয় ।

প্ৰথমতে ভাৰতীয়, প্ৰথমতে নাগৰিক আৰু তাৰ পিছত আমি সপোনবোৰ আগবঢ়াই নিম । সংঘাত হ'ব, কিন্তু তাত উন্নয়নো হ'ব বুলিও মোডীয়ে উল্লেখ কৰে । তেওঁ আৰু কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত অংশগ্ৰহণ কৰাৰ সময়ত সকলো সদস্যই এই কথা মনত ৰাখিব বুলি তেওঁ আশা কৰে ।

লগতে পঢ়ক :Budget session 2023: আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ভাষণ দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.