ETV Bharat / bharat

Robert Vadra on G20: মোদী চৰকাৰে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিবলৈ শিকিছে গান্ধী পৰিয়ালৰ পৰা; ৰবাৰ্ট ৱাদ্ৰা

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 12:38 PM IST

Robert Vadra on G20
G 20 সন্মিলন সন্দৰ্ভত ব্যৱসায়ী ৰবাৰ্ট ৱাদ্ৰা

সদ্য সমাপ্ত G 20 সন্মিলন সন্দৰ্ভত ব্যৱসায়ী ৰবাৰ্ট ৱাদ্ৰাৰ মন্তব্য । মোদী চৰকাৰে এই সকলোবোৰ কংগ্ৰেছৰ গান্ধী পৰিয়ালৰ পৰা শিকিছে বুলি দাবী কৰে ৱাদ্ৰাই । দেশৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰে বুলি উল্লেখ কৰি I.N.D.I.A. মিত্ৰজোঁটৰ প্ৰতি এই দেশৰ জনসাধাৰণৰ সমৰ্থন আছে বুলি দাবী ৱাদ্ৰাৰ ।

নেশ্যনেল ডেস্ক, 12 ছেপ্টেম্বৰ: ভাৰতত দুদিনীয়াকৈ আয়োজন কৰা G 20 ৰ শীৰ্ষ সন্মিলন সন্দৰ্ভত ব্যৱসায়ী ৰবাৰ্ট ৱাদ্ৰাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াৰ ৷ ব্যৱসায়ী ৰবাৰ্ট ৱাদ্ৰাই কয়, "G20 সন্মিলন আয়োজন কৰাটো ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত । তেওঁ কয় যে, পূৰ্বতে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু মোদী চৰকাৰে কংগ্ৰেছ দল আৰু নেহৰু-গান্ধী পৰিয়ালৰ পৰা শিকিছে ।" কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাই সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, নেহৰু-গান্ধী পৰিয়ালে দেশখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন লাভৰ বাবে প্ৰচেষ্টা চলাইছিল ।

ৱাদ্ৰাই কয়, " G 20 সন্মিলনৰ সকলো অতিথিকে অভিনন্দন জনাইছো । সেয়া ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আছিল । এনেবোৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইন্দিৰাজীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু প্ৰিয়ংকাৰ পৰিয়াল আৰু গান্ধী পৰিয়ালে আমাৰ দেশখনলৈ আন্তঃৰাষ্ট্ৰীয় সমৰ্থন কঢ়িয়াই অনাৰ বাবে সদায়ে বহুখিনি যত্ন কৰি আহিছে আৰু আগলৈও কৰি যাব । "

ৰবাৰ্ট ৱাদ্ৰাই কয়, ‘‘মই ভাৰতলৈ অহা সকলো প্ৰতিনিধিক আদৰণি জনাইছো আৰু তেওঁলোকৰ ভ্ৰমণ সফল হৈছে বুলি মই নিশ্চিত । ভৱিষ্যতেও এনে বহু কাৰ্যসূচী হ’ব বুলি মই নিশ্চিত । মোৰ পৰিয়ালটোও সকলো প্ৰতিনিধিক সহায় কৰিবলৈ সদায় উপস্থিত আছিল ।’’

শীৰ্ষ সন্মিলনৰ সময়ত ‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’ ব্যৱহাৰ কৰিবলৈ চৰকাৰে জোৰ দিয়া সন্দৰ্ভত সোধা প্ৰশ্নত ভাদ্ৰাই কয়, "বিজেপি নেতৃত্বাধীন চৰকাৰখনে নাম সলনি কৰিবলৈ আগ্ৰহী । সংখ্যালঘুলোকে নাম দিলে এই চৰকাৰে প্ৰতিটো পথ আৰু প্ৰতিটো প্ৰতিষ্ঠানৰ নাম সলনি কৰিব বুলি মই জানো । ভাৰত এখন বৃহৎ দেশ, ইয়াৰ জনসংখ্যাও বহুত বেছি । ভাৰতৰ বৈচিত্ৰময় সংস্কৃতি আৰু ঐতিহ্য আছে । আমি সকলো বিশ্বাসৰ প্ৰতি সন্মান জনোৱা উচিত। আমি ধৰ্মভিত্তিক ৰাজনীতি কৰা উচিত নহয় ।"

দেশৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰে বুলি দাবী কৰি I.N.D.I.A. মিত্ৰজোঁটৰ প্ৰতি এই দেশৰ জনসাধাৰণৰ সমৰ্থন আছে । ৰাহুল আৰু অন্যান্য গুৰুত্বপূৰ্ণ নেতাৰ নেতৃত্বত দেশখনৰ সুন্দৰ ভৱিষ্যতৰ সূচনা কৰা হ’ব ।

লগতে পঢ়ক: Priyanka Gandhi Himachal tour: প্ৰাকৃতিক দুৰ্যোগত বিধস্ত অঞ্চল পৰিদৰ্শনৰ উদ্দেশ্যে হিমাচলত প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.