ETV Bharat / bharat

Kochi model gang rape: চলন্ত গাড়ীৰ ভিতৰত মডেলক দলবদ্ধ ধৰ্ষণ

author img

By

Published : Nov 19, 2022, 9:15 AM IST

সুৰাসক্ত মডেলগৰাকীক ঘৰত থোৱাৰ চলেৰে তিনি মাতাল বন্ধুৱে চলন্ত গাড়ীৰ ভিতৰত ধৰ্ষণ কৰাৰ অভিযোগ(Model gang-raped inside moving car in Kochi) ৷ মডেলগৰাকীক মহিলা বান্ধৱীসহ যুৱক তিনিজনক আটক কৰি জেৰা অভ্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Kochi model gang rape
চলন্ত গাড়ীৰ ভিতৰত মডেলক দলবদ্ধ ধৰ্ষণ

নিউজ ডেস্ক, ১৯ নৱেম্বৰ: কোচিত এখন গাড়ীৰ ভিতৰত এগৰাকী মডেলক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে(Model gang-raped inside moving car in Kochi) । তিনিজন যুৱকে সুৰাৰ নিচাত চলন্ত গাড়ীৰ ভিতৰত মডেলগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল এই ধৰ্ষণকাণ্ড ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ তিনি যুৱকক গ্ৰেপ্তাৰ কৰিছে(Rape case in Kochi) ।

মডেলগৰাকী বৃহস্পতিবাৰে নিশা প্ৰায় ৮:৩০ বজাত বন্ধুৰ সৈতে কোচিৰ এখন বাৰত উপস্থিত হৈছিল । নিশা প্ৰায় ১০ বজাত মডেলগৰাকী সুৰাৰ নিচাত বাৰত বাগৰি পৰিছিল । ইয়াৰ পিছত, মডেলগৰাকীৰ যুৱ বন্ধুকেইজনে তেওঁক ঘৰলৈ লৈ যোৱাৰ চলেৰে গাড়ীত উঠায় ৷ অৱশ্যে মডেলগৰাকীৰ মহিলা বন্ধুগৰাকী সেই সময়ত তেওঁলোকৰ লগত যোৱা নাছিল ৷

যুৱকৰ দলটোৱে তেওঁলোকৰ গাড়ীখন চহৰখনৰ চাৰিওফালে ঘূৰাই গাড়ীৰ ভিতৰত মডেলগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰিছিল । পাছত তেওঁলোকে মডেলগৰাকীক তেওঁৰ ঘৰৰ সন্মুখত এৰি দিয়ে । শনিবাৰে মডেলগৰাকী কিছু সুস্থিৰ হোৱাত তেওঁ বন্ধুক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে আৰু স্থানীয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ৷

আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পাছতেই মডেলগৰাকীক লগত লৈ বাৰত তদন্ত চলায় । আৰক্ষীয়ে মডেলগৰাকীৰ বন্ধুকেইজনকো জিম্মাত লৈ জেৰা চলায় ৷ অভিযুক্ত যুৱক তিনিওজন কোডুনগালোৰৰ বাসিন্দা বুলি জানিব পৰা হৈছে । ভুক্তভোগী মডেলগৰাকীয়ে কোচিৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল যদিও আৰক্ষীয়ে তেওঁক সম্প্ৰতি কালামাচেৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰিছে ।

লগতে পঢ়ক: Shraddha murder case: শ্ৰদ্ধা হত্যাকাৰী সন্দৰ্ভত বিস্ফোৰক মন্তব্য সাংসদ সাক্ষী মহাৰাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.