Shraddha murder case: শ্ৰদ্ধা হত্যাকাৰী সন্দৰ্ভত বিস্ফোৰক মন্তব্য সাংসদ সাক্ষী মহাৰাজৰ

author img

By

Published : Nov 18, 2022, 10:32 PM IST

mp sakshi maharaj attacked on aftab of shraddha murder in mathura

শ্ৰদ্ধা হত্যাকাণ্ডৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে সাংসদ সাক্ষী মহাৰাজে (MP Sakshi Maharaj)৷ সাংসদগৰাকীয়ে শুকুৰবাৰে বৃন্দাবন চহৰত উপস্থিত হৈ শ্ৰদ্ধা হত্যাকাৰী আফতাবৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে (MP Sakshi Maharaj on Shraddha murder )৷

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ: দেশ কঁপোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে সাংসদ সাক্ষী মহাৰাজে (MP Sakshi Maharaj)৷ সাংসদগৰাকীয়ে শুকুৰবাৰে বৃন্দাবন চহৰত উপস্থিত হৈ শ্ৰদ্ধা হত্যাকাৰী আফতাবৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে (MP Sakshi Maharaj on Shraddha murder )৷

সাংসদজনে সংবাদমাধ্যমক কয় যে, শ্ৰদ্ধাৰ ৩৫ টুকুৰা কৰা আৰু নিধিক চতুৰ্থ মহলাৰ পৰা দলিয়াই দিয়াৰ দৰে ঘটনা অতি দুৰ্ভাগ্যজনক (Sakshi maharaj attacked on Aftab)৷ এতিয়া কিন্তু তথাকথিত ধৰ্মনিৰপেক্ষতাবাদীসকলে এই জঘন্য ঘটনা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷

কেন্দ্ৰত মোদী চৰকাৰ থকাৰ পিছতো এই অপৰাধীসকলৰ ইমান সাহ ৷ চৰকাৰে এইসকল অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লব লাগে ৷ অপৰাধীক এনেদৰে শাস্তি দিয়া উচিত যাতে কোনেও পুনৰ এনে কাম কৰিবলৈ সাহস কৰিব নোৱাৰে ৷

Shraddha murder case: শ্ৰদ্ধা হত্যাকাৰী সন্দৰ্ভত বিস্ফোৰক মন্তব্য সাংসদ সাক্ষী মহাৰাজৰ

এই ঘটনাটো যদি অন্য জাতিৰ মহিলাৰ লগত হ'লহেঁতেন, পৃথিৱীৰ বিভিন্ন দেশে ভাৰতৰ বিৰুদ্ধে মাত মাতিলেহেতেন ৷ মই হিন্দু ভগ্নী আৰু কন্যাসকলক সতৰ্ক কৰি দিব বিচাৰো যে আমাৰ পুত্ৰ আফতাব হ'ব নোৱাৰে বুলি নাভাবিব ৷ যি সন্তান তেওঁলোকৰ পিতৃ-মাতৃৰ হ’ব নোৱাৰিলে, তেওঁলোক বেলেগ কাৰো হ'ব নোৱাৰে ৷

লগতে সাংসদ মহাৰাজে কয় যে ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু অখিলেশ যাদৱ, মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালে এই বিষয়ত একো কোৱা নাই ৷ এইসকল তথাকথিত ধৰ্মনিৰপেক্ষতাবাদী ৷ এইসকলে কেৱল বিভাজনৰ ৰাজনীতি কৰে ৷ ভোটৰ ৰাজনীতি কৰা মানুহ ৷ দেশৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই ৷

"ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে মই মোৰ হিন্দু ভগ্নীসকলক সতৰ্ক কৰিয়েই থাকো ৷ ইয়াৰ জৰিয়তে মই আকৌ এবাৰ সকলোকে সতৰ্ক কৰি দিব বিচাৰো যে মহিলাসকলে সজাগ হৈ থাকক ৷"

লগতে সাংসদগাৰীকয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰি কয় যে মোডীৰ ভয়ত ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰিছে ৷ যোগীজীয়েই হওক বা মোদীজীয়েই হওক বা ভাৰতীয় জনতা পাৰ্টিয়েই হওক, তেওঁলোকে ৰাষ্ট্ৰৰ ৰাজনীতি কৰে ৷ পাৰিবাৰিক ৰাজনীতি নকৰিব ৷

লগতে পঢ়ক: Skyroot Aerospace launch Vikram S: ইতিহাস ৰচি উৎক্ষেপণ কৰা হ'ল দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.