ধৰ্মান্তৰ কৰি মুছলমান যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল হিন্দু যুৱতী

author img

By

Published : Oct 1, 2022, 8:48 PM IST

Updated : Oct 1, 2022, 9:37 PM IST

missing-amu-student-recovered-from-mumbai-married-to-lover-after-conversion

প্ৰেমে জাতি-কুল নামানে, নামানে ভাষা আৰু ভৌগোলিক দূৰত্বৰ দুৰ্ভেদ্য দে‌ৱাল ৷ আলিগড়ত ধৰ্মান্তৰ কৰি মুছলমান যুৱকৰ লগত বিবাহপাশত বহিল হিন্দু ধৰ্মৰ যুৱতীয়ে (Student married to lover after conversion) ৷

নেশ্যনেল ডেস্ক, 1 অক্টোবৰ: প্ৰেম হেনো কৰা নাযায়, প্ৰেম হৈ যায় নিজে নিজে ৷ প্ৰকৃত প্ৰেম দূৰন্ত, ইয়াৰ নিজস্ব গতিক বাধা দিয়াৰ ক্ষমতা কাৰো হাতত নাথাকে ৷ প্ৰেমে জাতি-কুল নামানে, নামানে ভাষা আৰু ভৌগোলিক দূৰত্বৰ দুৰ্ভেদ্য দে‌ৱাল ৷ আজি আমি আপোনালোকক ক’ব ওলাইছো এক অনুৰূপ ঘটনা ৷

আলিগড় মুছলিম বিশ্ববিদ্যালয়ত প্ৰথম লগ পাইছিল আমজাদ আৰু তেওঁৰ প্ৰেয়সীয়ে (Missing amu student recovered) ৷ ছাত্ৰীগৰাকী হিন্দু সম্প্ৰদায়ৰ, ইফালে আমজাদ মুছলমান সম্প্ৰদায়ৰ ৷ সকলোবোৰ জানি শুনিও দুয়ো প্ৰেমত পৰিছিল ৷ এই প্ৰেমৰ সম্পৰ্কক বিবাহৰ স্বীকৃতি দিব বিচাৰিছিল দুয়োগৰাকীয়ে ৷ কিন্তু ইয়াৰ পিছতে আহিল ঘৰৰ চিন্তা, সমাজৰ চিন্তা ৷ কি বুলি ক’ব ঘৰৰ লোকক ? জাত-পাত, ধৰ্মৰ দেৱালখন ভঙাটো কিমান সম্ভৱ দুয়োজনে বাৰুকৈয়ে বুজে ৷

উপায়ন্তৰ হৈ বিশ্ববিদ্যালয়ৰ পৰা আমজাদৰ লগত পলোৱাৰ সিদ্ধান্ত ল’লে দুয়োগৰাকীয়ে ৷ কথামতেই কাম ৷ 21 ছেপ্টেম্বৰৰ দিনা ঘৰৰ পৰা আমজাদৰ সৈতে পলাই গ’ল যুৱতীগৰাকী ৷ তাৰ পিছতেই নিজ কন্যাক বিচাৰি নাপাই ঘৰত হুৱা-দুৱা লাগিল পিতৃ-মাতৃৰ ৷ যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে আৰক্ষীক যুৱতীগৰাকী নিখোজ হোৱাৰ সন্দৰ্ভত অৱগত কৰে ৷

বহু বিচাৰ-খোচাৰৰ অন্তত আলিগড় আৰক্ষীয়ে শনিবাৰে মুম্বাইৰ খাৰগড় থানাৰ তালোজা অঞ্চলৰ পৰা আমজাদ সহ প্ৰেয়সীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যুৱতীগৰাকীয়ে আৰক্ষীত জনোৱা অনুসৰি ইতিমধ্যে তেওঁ নিজকে মুছলমান ধৰ্মলৈ ধৰ্মান্তৰণ কৰি আমজাদৰ সৈতে বিবাহপাশত আৱদ্ধ হয় (Student married to lover after conversion) ৷ তেওঁলোকে আলিগড়ৰ পৰা জয়পুৰ পাইছিল আৰু তাৰ পৰা মুম্বাইলৈ গৈছিল ৷ দুয়োজনে পৰিয়ালটো পোহপালৰ বাবে মুম্বাইত এটা চাকৰিৰ সন্ধান কৰি আছিল ৷

ইফালে যুৱতীগৰাকীৰ মাতৃয়ে অভিযোগ উত্থাপন কৰে যে বিহাৰৰ বাসিন্দা আমজাদে যুৱতীগৰাকীক প্ৰলোভন দি প্ৰেমত পেলাইছিল ৷ আমজাদৰ প্ৰলোভনত প্ৰেমত পৰি এই পদক্ষেপ গ্ৰহণ কৰে যুৱতীগৰাকীয়ে ৷

চক্ৰ বিষয়া অশোক কুমাৰে সদৰী কৰা অনুসৰি তেওঁলোকৰ দুয়োৰে অৱস্থান মুম্বাইত পোৱা গৈছিল ৷ মুম্বাইত, তেওঁলোকে পৰিয়ালটোৰ সৈতে এটা কথা পাতিবলৈ এটা নতুন মোবাইল আৰু নম্বৰ উলিয়াইছিল ৷ সেই নম্বৰ ট্ৰেক কৰিয়েই আৰক্ষীয়ে দুয়োৰে সন্ধান উলিয়াবলৈ সক্ষম হয় ৷ আলিগড় চাচনী গেটৰ বাসিন্দা আছিল যুৱতীগৰাকী ৷

অৱশ্যে, যুৱতীগৰাকী এতিয়াও তাইৰ মাক-দেউতাকৰ ঘৰলৈ যোৱা নাই ৷ আনহাতে প্ৰেমিক আমজাদক যুৱতীগৰাকীৰ অভিভাৱকৰ গোচৰৰ ভিত্তিত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ আদালতত ছাত্ৰজনে দিয়া অনুসৰি পৰৱৰ্তী সময়ত পদক্ষেপ লোৱা হ’ব বুলি আৰক্ষীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: দিল্লীত বন্ধুৰ দ্বাৰা যৌন নিৰ্যাতৰ বলি ১০ বছৰীয়া কিশোৰ

Last Updated :Oct 1, 2022, 9:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.