ETV Bharat / bharat

Road accident in MH: মহাৰাষ্ট্ৰত দৰ্শনাৰ্থীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, চাৰিমহীয়া শিশুসহ মৃত্যু 12 জনৰ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 7:03 AM IST

Updated : Oct 15, 2023, 12:15 PM IST

মহাৰাষ্ট্ৰৰ সমৰুদ্ধি এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা ৷ এখন তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত শিশুসহ 12 জন লোকৰ নিহত; আহত 23 । আহতসকলক হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে ।

Road accident in MH
মহাৰাষ্ট্ৰত ভক্ত কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক, 15 অক্টোবৰ: পুনৰ শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত ৷ শৈলনী বাবাৰ দৰ্শনৰ বাবে যোৱা ভক্তৰ এখন বাহন দুৰ্ঘটনাত পতিত হোৱাৰ দুখজনক খবৰ পোহৰলৈ আহিছে । প্ৰাথমিক তথ্য অনুসৰি, এই দুৰ্ঘটনাত এটি চাৰিমহীয়া শিশুকে ধৰি 12 জন লোকৰ মৃত্যু হৈছে । আহত হৈছে প্ৰায় 23 জন লোক ।

সম্ভাজিনগৰৰ বৈজাপুৰ আৰু ঘাটি হাস্পতালত ইতিমধ্যে আহতসকলক ভৰ্তি কৰোৱা হৈছে । বৈজাপুৰৰ সমীপৰ সমৰুদ্ধি এক্সপ্ৰেছৱেৰ জাম্বৰ গাঁৱৰ টোল বুথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো । ভক্ত কঢ়িওৱা ট্ৰেভেলাৰখনে ৰৈ থকা এখন ট্ৰাকক খুন্দিওৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি নিশা প্ৰায় 12.30 বজাত সমৰুদ্ধি এক্সপ্ৰেছৱেৰ আৰ টি অ’ই এখন ট্ৰাক অভাৰটেক কৰি কাষলৈ টানি নিয়াৰ সময়তে পিছফালৰ পৰা অহা এখন ট্ৰেভেলাৰে ট্ৰাকখনত খুন্দা মাৰে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ শব্দ ওচৰ-পাজৰ গাঁৱৰ লোকসকলে শুনা পাইছিল । প্ৰচণ্ড শব্দটো শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা চিঞৰ-বাখৰ আৰু কান্দোনৰ শব্দ শুনিবলৈ পোৱা বুলি জনায় ।

লগে লগে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় । ইয়াৰ পূৰ্বেও সমৰুদ্ধি এক্সপ্ৰেছৱেত বাছ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছিল ৷ শেহতীয়া এই দুৰ্ঘটনাটোৱে সম্প্ৰতি বহু প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে সৰ্বসাধাৰণৰ মনত ।

প্ৰাথমিক তথ্য অনুসৰি বাহনখনৰ ভিতৰত থকা সকলো যাত্ৰী নাছিক জিলাৰ পথাৰ্ডি আৰু ইন্দিৰা নগৰৰ বাসিন্দা বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক: Accidents on Samruddhi Expressway : বিগত ছমাহত সমৰুদ্ধি এক্সপ্ৰেছৱেত প্ৰাণ হেৰুৱাইছে 88 জনে

Last Updated : Oct 15, 2023, 12:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.