ETV Bharat / bharat

DRI busted gold smuggling: মুম্বাইত ২২ কোটি টকাৰ চোৰাং সোণ জব্দ

author img

By

Published : Jan 25, 2023, 8:57 PM IST

MH 37 kg smuggled gold worth 22crore seized from kalbadevi in Mumbai ( Late night news )
মুম্বাইত ২২ কোটি টকাৰ ৩৭ কিলোগ্ৰাম চোৰাং সোণ জব্দ

মুম্বাইত সোণৰ চোৰাং ব্যৱসায়ীৰ এটা বৃহৎ চক্ৰৰ তথ্য ফাদিল হৈছে ৷ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কালবাদেৱীৰ ধনজী ষ্ট্ৰীটত এক অভিযান চলাই প্ৰায় 22 কোটি টকা মূল্যৰ (Gold worth 22crore seized) 37 কিলোগ্ৰাম সোণৰ (37 kg smuggled gold) লগতে নগদ 2.35 কোটি টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

নেশ্যনেল ডেস্ক, 25 জানুৱাৰী: দেশৰ বানিজ্য কেন্দ্ৰীক প্ৰধান চহৰ মুম্বাইতো এতিয়া সোণৰ এখন চোৰাং বজাৰ গঢ় লৈ উঠিছে ৷ বুধবাৰে কালবাদেৱীত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডিআৰআই) সোণৰ চোৰাং ব্যৱসায়ীৰ এটা ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে। বুধবাৰে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কালবাদেৱীৰ ধনজী ষ্ট্ৰীটত এক তালাচী অভিযান চলাই প্ৰায় 22 কোটি টকা মূল্যৰ (Gold worth 22crore seized) 37 কিলোগ্ৰাম সোণৰ (37 kg smuggled gold) লগতে নগদ 2.35 কোটি টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

এই অভিযানৰ সন্দৰ্ভত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (The Directorate of Revenue Intelligence) বিষয়াসকলে কয় যে এক গোপন সূত্ৰৰ তথ্য অনুসৰি বিগত কেইবামাহ ধৰি সমগ্ৰ দেশজুৰি বিদেশী নাগৰিকে সোণৰ চোৰাং ব্যৱসায় চলাই অহা বুলি খবৰ লাভ কৰা হৈছিল (DRI busted gold smuggling) ৷ এই তথ্যৰ ভিত্তিতেই ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলে চোৰাং চক্ৰটোক পুংখানুপুংখকৈ নিৰীক্ষণ কৰি আহিছিল ৷

ইয়াৰ পিছতে শেহতীয়াকৈ কিছু সন্দেহযুক্ত বিদেশী নাগৰিকে নিৰন্তৰে ভাৰতলৈ আহি থকাও পৰিলক্ষিত কৰিছিল নিৰীক্ষণকাৰী দলটোৱে ৷ বিদেশী নাগৰিকসকলে ভাৰতলৈ আহি কোন কোন ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিছিল সেই বিষয়েও তথ্য সংগ্ৰহ কৰিছিল চোৰাংচোৱা বিষয়াসকলে ৷

ইয়াৰ পিছতে চোৰাংচোৱা বিষয়াসকলে সংগ্ৰহ কৰা তথ্যত ফাদিল হয় সোণৰ চোৰাং ব্যৱসায়ৰ ভয়ংকৰ তথ্য ৷ এই তথ্য অনুসৰি মুম্বাইত দীৰ্ঘদিন ধৰি সোণৰ চোৰাং ব্যৱসায়ীৰ চক্ৰ এটাই সোণৰ সৰবৰাহ কৰি আহিছিল ৷ ডিআৰআই বিষয়াসকলে এই চক্ৰটোৰ সন্ধানত কালবাদেৱী অঞ্চলত অভিযান চলাইছিল । এই অভিযানতে চোৰাংচোৱা বিষয়াসকলৰ দলটোৱে প্ৰায় 22 কোটি টকাৰ 37 কিলোগ্ৰাম সোণ জব্দ কৰে (gold worth 22crore seized from kalbadevi)।

কৰ্তৃপক্ষই জনোৱা অনুসৰি সোণসমূহ পাউডাৰ অথবা পেষ্ট হিচাপে কেপচুলত লুকুৱাই চোৰাংভাৱে সৰবৰাহ কৰে ৷ এই সোণখিনি সংশোধন কৰিবলৈ মুম্বাইৰ এটা নিৰ্দিষ্ট স্থানলৈ পৰিবহন কৰা হয় ৷ তাৰ পিছতেই সংশোধিত সোণসমূহ মুম্বাইৰ লগতে অন্যান্য চহৰৰ ব্যৱসায়ীসকলক বিক্ৰী কৰা হয়।

উল্লেখ্য যে সোণৰ বিক্ৰেতা আৰু ক্ৰেতাক এটা গোপন কোড দিয়া হয় ৷ তাৰ পিছতে সেই কোড ব্যৱহাৰ কৰি সোণৰ লোনদেন কৰে ব্যৱসায়ীসকলে ৷ ইতিমধ্যে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে এই সোণৰ চোৰাং সৰবৰাহ কৰা গলন গোটৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত মোহন মাইকাৰক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: National Tourism Day 2023: কিয় আজিৰ দিনটোতে পালন কৰা হয় ৰাষ্ট্ৰীয় পৰ্যটন দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.