ETV Bharat / bharat

উত্তৰ পূৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক: 4149 গাহৰিৰ মৃত্যু

author img

By

Published : May 24, 2021, 10:52 PM IST

চলিত বৰ্ষৰ 25 মাৰ্চ তাৰিখে মিজোৰামৰ লুংচেন গাঁৱত প্ৰথমবাৰৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰে ৷ ইয়াৰ পিছতে মিজোৰামৰ সকলো জিলাতে তাৎক্ষণিক ভাৱে ৰেপিড ৰেচপন্স দল গঠন কৰা হৈছিল । পৰীক্ষাৰ অন্তত ভূপালৰ NIHSADয়ে ইয়াক আফ্ৰিকান ছোৱাইন ফিভাৰ (এএছএফ) বুলি নিশ্চিত কৰে ৷

mass-culling-of-asf-infected-pigs-in-aizawl-around-10-crores-lost
আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত 10 কোটি টকাৰ লোকচানৰ সন্মুখীন গাহৰী পালক

আইজল, 24 মে’: আফ্ৰিকান ছোৱাইন ফিভাৰ (এএছএফ) এক সংক্ৰমিত ৰোগ, যিয়ে ইয়াৰ দ্বাৰা সংক্ৰমিত গাহৰিৰ মৃত্যু 100% নিশ্চিত কৰে ৷ প্ৰথমে ভাৰতীয় উপমহাদেশত 2020 চনৰ আৰম্ভণিতে অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মণিপুৰত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল আফ্ৰিকান ছোৱাইন ফিভাৰ । কেৱল মিজোৰামত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ আশংকাত 4149 টা গাহৰি মাৰি পেলোৱা হৈছিল ৷ এই ৰোগৰ ফলত গাহৰি পালকসকলে প্ৰায় 10 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল ৷

চলিত বৰ্ষৰ 25 মাৰ্চ তাৰিখে মিজোৰামৰ লুংচেন গাঁৱত প্ৰথমবাৰৰ বাবে আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰে ৷ ইয়াৰ পিছতে মিজোৰামৰ সকলো জিলাতে তাৎক্ষণিক ভাৱে ৰেপিড ৰেচপন্স দল গঠন কৰা হৈছিল । পৰীক্ষাৰ অন্তত ভূপালৰ NIHSADয়ে ইয়াক আফ্ৰিকান ছোৱাইন ফিভাৰ (এএছএফ) বুলি নিশ্চিত কৰে ৷ যাৰ পিছত মিজোৰামৰ মুখ্য সচিবক বিগত 16 এপ্ৰিল তাৰিখে এই ৰোগ সন্দৰ্ভত অৱগত কৰোৱা হৈছিল ।

আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত 10 কোটি টকাৰ লোকচানৰ সন্মুখীন গাহৰী পালক

একেদিনাই মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে "পশুৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ অধিনিয়ম 2009"ৰ অধীনত লুংচেনক 'সংক্ৰমিত অঞ্চল' হিচাপে ঘোষণা কৰে ।

এতিয়ালৈকে মিজোৰামৰ ৮ খন জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে ৷ এই ৰোগৰ সংক্ৰমণ হোৱা জিলা কেইখন ক্ৰমে: চিয়াহা, লংটলাই, লুংলেই, চেৰ্ছিপ, আইজল, খাওজল, চম্ফাই আৰু মমিত ।

চলিত বৰ্ষৰ 21 মাৰ্চৰ পৰা 23 মে' ভিতৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত সংক্ৰমিত ৰাজ্যসমূহত 4149 টা গাহৰিৰ মৃত্যু হৈছে আৰু আন 260 টা গাহৰি অপ্ৰমাণিত কাৰণত মৃত্যু বৰণ কৰিছে ।

24 মে’ তাৰিখে কে. লালংঘেটাৰ মালিকানাধীন খাওলহৰিং ফাৰ্মত 25 টা গাহৰি হত্যা কৰা হৈছিল । ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে কৈছে যে, আফ্ৰিকান ছোৱাইন ফিভাৰৰ কোনো চিকিৎসা নাই আৰু ইয়াৰ দ্বাৰা সংক্ৰমিত যিকোনো খেতি পথাৰ বা এলেকা সম্পূৰ্ণৰূপে বীজাণুমুক্ত কৰিব লাগিব আৰু গাহৰিবোৰ সঠিকভাৱে সমাধিস্থ কৰিব লাগিব ।

লগতে পঢ়ক: ব্লেক আৰু হোৱাইট ফাংগাছৰ পাছত এইবাৰ আহিছে ‘য়েল্ল’ ফাংগাছ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.