ETV Bharat / bharat

Haldwani lehenga controversy: লেহেংগা পচন্দ নহ'ল কইনাৰ, ভাঙি দিলে বিয়া..!

author img

By

Published : Nov 9, 2022, 11:14 AM IST

আপুনি বিয়াৰ প্ৰস্তুতি চলাইছে নেকি ? কইনাক লেহেংগা দিয়াৰ পূৰ্বে বহুবাৰ চিন্তা কৰক । কইনাৰ পচন্দৰ লেহেংগাহে দিব । নহ'লে খঙত বিয়া ভাঙিব পাৰে কইনাই । এয়া আমাৰ কথা নহয় । উত্তৰাখণ্ডত তেনে এক ঘটনাই সংঘটিত হৈছে (Lehenga controversy)। লেহেংগা পচন্দ নোহোৱাৰ বাবেই বিয়া ভাঙিলে কইনাই ।

Haldwani lehenga controversy
কইনাক লেহেংগা দিয়াৰ পূৰ্বে বহুবাৰ চিন্তা কৰক

নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ : উত্তৰাখণ্ডৰ হালদ্বানীত চাঞ্চল্যকৰ ঘটনা । দৰা ঘৰৰ পৰা দিয়া লেহেংগা পচন্দ নহ'ল কইনাৰ । যাৰ বাবে কইনাই মাতৃৰ নিৰ্দেশত বিয়া ভাঙি দিলে (Bride breaks marriage as she doesnot like lehenga)। লগে লগে দৰা আৰু কইনা ঘৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । আনকি সমগ্ৰ বিষয়টোক লৈ অঞ্চলটোত বিতৰ্কৰো সূত্ৰপাত হৈছে ।

হালদ্বানীৰ কোতৱালীত দুয়োপক্ষৰ মাজত বাক-বিতণ্ডা হোৱাও দেখা যায় (Haldwani lehenga controversy)। লেহেংগাক লৈ আৰম্ভ হোৱা এই বিতৰ্কত আনকি আৰক্ষীয়েও হস্তক্ষেপ কৰিবলৈ বাধ্য হয় । দুয়োপক্ষৰ মাজত হোৱা কাজিয়া বন্ধ কৰিবলৈ আৰক্ষীয়ে তেওঁলোকক জেললৈ পঠিওৱাৰ ভাবুকি প্ৰদান কৰে । ফলত দীঘলীয়া বিতৰ্কৰ অন্তত তেওঁলোক শান্ত হয় আৰু বিয়া নপতাৰ সিদ্ধান্তত উপনীত হয় । আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে দুয়োপক্ষৰ মাজত বিয়া নকৰাৰ এক বুজাবুজিও হৈছে ।

জানিব পৰা মতে চহৰখনৰ এগৰাকী যুৱতীৰ সৈতে আলমোৰা জিলাৰ এজন যুৱকৰ বিয়া ঠিক হৈছিল । যোৱা জুন মাহত আঙুঠি পিন্ধোৱাৰ কাৰ্যসূচী হৈ গৈছিল । আঙুঠি পিন্ধোৱাৰ পাছত ৫ নৱেম্বৰত বিয়া হোৱাৰ কথা আছিল ।

দৰা ঘৰৰ পক্ষই ইতিমধ্যে বিয়াৰ বাবে সকলো প্ৰস্তুতি কৰিছিল । কাৰ্ড ছপা কৰি অতিথিক নিমন্ত্ৰণো জনোৱা আৰম্ভ কৰিছিল । তেওঁলোকৰ মাজত বিভিন্ন বিষয়ক লৈ কথা বতৰা হৈছিল আৰু সিদ্ধান্ত হৈছিল যে দৰা ঘৰৰ পক্ষই কইনাৰ বাবে লেহেংগা প্ৰস্তুত কৰি দিব । কথা মতে কাম, দৰাৰ পিতৃয়ে লক্ষ্ণৌৰ পৰা এযোৰ লেহেংগা অৰ্ডাৰ দিছিল ।

অৱশেষত লেহেংগা আহি কইনাৰ ঘৰ পালে । ইমানলৈ সকলো ঠিকে আছিল । কিন্তু লেহেংগা কইনাৰ ঘৰ পোৱাৰ লগে লগে আৰম্ভ হ'ল বিতৰ্কৰ । কাৰণ কইনাৰ পচন্দ নহ'ল লেহেংগা । কইনাই এই কথা মাতৃক ক'লে আৰু কইনা পক্ষই বিয়া ভঙাৰ সিদ্ধান্ত লয় (Controversy over lehenga)।

যোৱা ৩০ অক্টোবৰত দুয়োপক্ষৰ মাজত মীমাংসা হয় আৰু বিয়া নপতাৰ সিদ্ধান্ত লয় । দৰাৰ পিতৃ আৰু আত্মীয়ই বিষয়টো নিষ্পত্তি কৰিবলৈ আনকি কইনাৰ ঘৰত উপস্থিত হৈ ১ লাখ টকাও কইনা ঘৰৰ পক্ষক দিছিল । কিন্তু কইনাৰ পক্ষই পুনৰ বিয়া ভঙাতহে জোৰ দিয়ে । যাৰ বাবে কোতৱালীত দুয়োপক্ষৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । কিন্তু এযোৰ লেহেংগাৰ বাবে এনেদৰে বিয়া ভাঙি দিয়া বিষয়টোহে একাংশ লোক সহজভাৱে ল'ব পৰা নাই ।

লগতে পঢ়ক :Shop owner beats employee: দৰমহা বিচৰাৰ বাবেই কৰ্মচাৰীক প্ৰহাৰ মালিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.