ETV Bharat / bharat

Rules Change From 1st April: ১ এপ্ৰিলৰ পৰা সলনিৰ পথত বহু নিয়ম

author img

By

Published : Mar 30, 2023, 11:57 AM IST

২০২৩-২৪ নতুন বিত্তীয় বৰ্ষই আনিছে বহুতো পৰিৱৰ্তন । সাধাৰণতে এই পৰিৱৰ্তনে সাধাৰণ ৰাইজক প্ৰভাৱিত কৰে । এনে ধৰণৰ কিছুমান পৰিৱৰ্তন এপ্ৰিলত দেখা যাব (rules changes from 1st April 2023) । কি কি পৰিৱৰ্তন হ'ব পাৰে এবাৰ চাওঁ আহক ।

new financial year
new financial year

নিউজ ডেস্ক, ৩০ মাৰ্চ : শনিবাৰ, ১ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আগন্তুক নতুন বিত্তীয় বৰ্ষ । ২০২৩-২৪ বিত্তীয় বৰ্ষৰ নতুন মাহটো আৰম্ভ হোৱাৰ লগে লগে কিছুমান নিয়মৰো সলনি হ'ব । নিশ্চিতভাৱে সেইবোৰে আমাৰ জীৱনত প্ৰভাৱ পেলাব । ১ এপ্ৰিলৰ পৰা আৰম্ভ আৰম্ভ হ'বলগীয়া নতুন বৰ্ষটোত তলৰ পৰিৱৰ্তনবোৰ সংঘটিত হ'ব (rules changes from 1st april 2023) ।

এলপিজি চিলিণ্ডাৰৰ মূল্য (LPG cylinder price hike) : গেছ কোম্পানীবোৰে প্ৰতি মাহৰ প্ৰথম তাৰিখত এলপিজি চিলিণ্ডাৰৰ মূল্য সলনি কৰে । যোৱা মাহতো গেছৰ মূল্য বৃদ্ধি পাইছিল । ঘৰুৱা গেছৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছিল । একে সময়তে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য 350 টকা বৃদ্ধি কৰা হৈছিল । শনিবাৰে গেছৰ মূল্যৰো পৰিৱৰ্তন হ'ব । ইয়াৰ লগতে চিএনজি আৰু পিএনজি গেছৰ মূল্যত কিবা এটা নতুন প্ৰত্যক্ষ কৰিব লাগিব । একে সময়তে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ ওপৰতো নজৰ ৰাখিব লাগিব ।

সোণৰ গহনা বিক্ৰীৰ নিয়মত সলনি (gold ornaments proceeding change) : এপ্ৰিলৰ প্ৰথম দিনৰ পৰা সলনি হ'ব সোণৰ গহনা বিক্ৰীৰ নিয়ম । চৰকাৰে যোৱা মাহত ঘোষণা কৰিছিল যে এপ্ৰিলৰ পৰা 4 টা অংকৰ পৰিৱৰ্তে 6 টা অংকৰ হলমাৰ্ক বৈধ হ'ব । এই নিয়মবোৰ নতুন গহনাত কাৰ্যকৰী হ'ব । অৱশ্যে গ্ৰাহকসকলে তেওঁলোকৰ পুৰণি গহনাবোৰ কোনো হলমাৰ্ক অবিহনে বিক্ৰী কৰিব পাৰে ।

ডিমেট একাউণ্টত উত্তৰাধিকাৰী জৰুৰী (demat accounts nominee) : 1 এপ্ৰিল, 2023-ৰ পৰা বিনিয়োগকাৰীসকলৰ বাবেও নিয়মবোৰ সলনি হ'ব । নতুন মাহটোৰ পৰা সকলো বিনিয়োগকাৰীয়ে তেওঁলোকৰ ডিমেট একাউণ্টত মনোনীত ব্যক্তিৰ নাম পঞ্জীয়ন কৰিব লাগিব । যদি মনোনীত ব্যক্তিৰ নাম পঞ্জীয়ন কৰা নহয়, তেন্তে ডিমেট একাউণ্ট জব্দ কৰা হ'ব ।

ইঞ্চুৰেন্সৰ ওপৰত কৰ (tax on insurance) : চৰকাৰে বাজেট, 2023-ত ঘোষণা কৰিছিল যে নতুন বিত্তীয় বৰ্ষৰ পৰা উচ্চ-প্ৰিমিয়াম বীমাৰ পৰা উপাৰ্জনৰ ওপৰত কৰ আৰোপ কৰা হ'ব । যদি আপোনাৰ বীমা 5 লাখতকৈ অধিক হয়, তেন্তে ইয়াৰ পৰা উপাৰ্জনৰ ওপৰত কৰ আৰোপ কৰা হ'ব । এইটো প্ৰথমবাৰৰ বাবে হ'ব যে বীমা উপাৰ্জনৰ ওপৰত কৰ পৰিশোধ কৰিব লাগিব ।

গাড়ীৰ মূল্য বৃদ্ধি : সকলো গাড়ী নিৰ্মাতাই ইতিমধ্যে ঘোষণা কৰিছিল যে এপ্ৰিলৰ পৰা গাড়ীৰ মূল্য বৃদ্ধি কৰা হ'ব । সেয়েহে সকলো বিলাসী বাহনৰ মূল্য যথেষ্ট বৃদ্ধি হ'ব ।

লগতে পঢ়ক :Pak Twitter Accounts Blocked : টুইটাৰে ভাৰতত ব্লক কৰিলে পাকিস্তান চৰকাৰৰ একাউণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.