ETV Bharat / bharat

Road accident at Gujrat: দুৰ্ঘটনা চাবলৈ অহা ভিৰত খুন্দা মাৰিলে জাগুয়া বাহনে; নিহত-৯, আহত ১৫

author img

By

Published : Jul 20, 2023, 7:53 AM IST

Updated : Jul 20, 2023, 8:56 AM IST

গুজৰাটৰ আহমেদাবাদৰ ইস্কন দলঙত বৃহস্পতিবাৰে পুৱা সংঘটিত হয এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ইস্কন দলঙত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত দুজন আৰক্ষীসহ প্ৰায় ৯ জন লোক নিহত হয় ।

Road accident at Gujrat
গুজৰাটত পথ দুৰ্ঘটনাত নিহত-৯

নিউজ ডেস্ক, ২০ জুলাই: গুজৰাটৰ আহমেদাবাদৰ ইস্কন দলঙত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ইস্কন দলঙত সংঘটিত পথ দুৰ্ঘটনাত প্ৰায় ৯ জন লোক নিহত হয় । আনহাতে এই দুৰ্ঘটনাত আহত হয় ১৫ জন লোক ৷ গভীৰ নিশা সংঘটিত এই দুৰ্ঘটনাটো আহমেদাবাদত এতিয়ালৈকে সংঘটিত হোৱা অন্যতম বৃহৎ দুৰ্ঘটনা বুলি বিবেচিত হৈছে ।

প্ৰাপ্ত তথ্য মতে, নিশা ইস্কন দলঙৰ ফালে যোৱা এখন ডাম্পাৰৰ পিছফালে মহিন্দ্ৰা থাৰে খুন্দা মাৰে । এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰিবলৈ সেই স্থানত ভিৰ গোট খাইছিল ৷ কিন্তু একে সময়তে কৰ্ণাৱতী ক্লাবৰ পৰা ঘণ্টাত ১৬০ কিলোমিটাৰতকৈ অধিক বেগত অহা জাগুয়াৰ গাড়ী এখনে পথৰ কাষৰ মানুহৰ জুমত খুন্দা মৰাত তেওঁলোক প্ৰায় ২৫ ফুটৰ পৰা ৩০ ফুট দূৰত ছিটিকি পৰে । জানিব পৰা মতে, এই ঘটনাত থিতাতে ৬ জন লোকৰ মৃত্যু হয় ।

মৃত যুৱককেইজন বোটাড আৰু সুৰেন্দ্ৰনগৰৰ যুৱক বুলি চিনাক্ত কৰা হৈছে । ইফালে আহতসকলক ততাতৈয়াকৈ স্থানীয় ছ’লা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে দুৰ্ঘটনাগ্ৰস্ত গাড়ী চালকজনৰ নাম তাত্য পেটেল বুলি জানিব পৰা গৈছে । খবৰ অনুসৰি, এই দুৰ্ঘটনাত দুজন আৰক্ষীৰো মৃত্যু হৈছে । ভিৰ কৰা যুৱক-যুৱতীসকল বোটাদ আৰু সুৰেন্দ্ৰনগৰৰ পৰা পঢ়া-শুনা কৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে ।

ইস্কন দলঙত প্ৰথমে সংঘটিত মহিন্দ্ৰা গাড়ী আৰু ডাম্পাৰৰ মাজত হোৱা দুৰ্ঘটনাটো চাবলৈ গোট খোৱা ভিৰত জাগুয়াৰ গাড়ী চালকে ভুলবশতঃ খুন্দা মাৰে ৷ এই ভিৰত প্ৰায় ৪০ৰ পৰা ৫০জন লোক থকাৰ কথা জানিব পৰা হৈছে ৷ এই দুৰ্ঘটনাত প্ৰায় ৯ জন লোকৰ মৃত্যু হয় আৰু প্ৰায় ১৫ জন লোক আহত হয় । প্ৰথম দুৰ্ঘটনাত তদন্তৰ বাবে তাত উপস্থিত থকা যান-বাহন বিভাগৰ এজন আৰক্ষীৰো মৃত্যু হৈছে । দুৰ্ঘটনাৰ পাচত দলংখনৰ ওপৰত দূৰ-দূৰণিলৈ সিঁচৰতি হৈ পৰে মৃতদেহ ।

লগতে পঢ়ক: Ghaziabad Road Accident : দিল্লী-মিৰাট এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনাত নিহত ৬

Last Updated :Jul 20, 2023, 8:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.