ETV Bharat / bharat

Gambling Racket In Thailand : জুৱা খেলি থাইলেণ্ডত গ্ৰেপ্তাৰ ভাৰতীয় জুৱাৰী

author img

By

Published : May 2, 2023, 10:10 AM IST

Updated : May 2, 2023, 12:46 PM IST

থাইলেণ্ডত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 93 জুৱাৰীক (Indian gamblers arrested in Pattaya hotel) ৷ জুৱাৰীকেইটাৰ পৰা আৰক্ষীয়ে 1.60 লাখ ভাৰতীয় মুদ্ৰা, 20 কোটি টকাৰ জুৱাৰ চিপছ, 92 টা ম’বাইল ফোন আৰু 8 টা চিচিটিভি জব্দ কৰিবলৈ সক্ষম হয় (Police Busted Gambling Racket In Thailand) ।

Gambling Racket In Thailand
জুৱা খেলি থাইলেণ্ডত গ্ৰেপ্তাৰ হ’ল 93 জুৱাৰী

ইণ্টাৰনেশ্যনেল ডেস্ক, 2 মে’ : সোমবাৰে থাইলেণ্ডত স্থানীয় আৰক্ষীয়ে উৎখাত কৰে জুৱাৰ ৰেকেট । স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি থাইলেণ্ডৰ পাটায়াৰ এখন বিলাসী হোটেলত 83 জন ভাৰতীয়সহ 93 জুৱাৰীক গ্ৰেপ্তাৰ কৰা হয় । আনকি হায়দৰাবাদৰ কেচিনো সংগঠক চিকোটি প্ৰবীণকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । থাইলেণ্ডৰ বাং লামুং জিলাৰ এছিয়া পাটায়া হোটেলত পুৱাৰ ভাগত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুৱাৰীকেইটাক (80 Indian gamblers arrested in Pattaya hotel raid)।

Police Busted Gambling Racket In Thailand
জুৱা খেলি থাইলেণ্ডত গ্ৰেপ্তাৰ হ’ল 93 জুৱাৰী

বিৱৰণি অনুসৰি, জুৱাৰীয়ে জুৱা খেলি থকাৰ সময়তে আৰক্ষীয়ে হোটেল চৌহদত চলায় অভিযান । এই অভিযানত 83 জন ভাৰতীয়, 6 জন থাইলেণ্ড আৰু 4 জন ম্যানমাৰ নাগৰিককে ধৰি মুঠ 93 জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (83 Indian gamblers arrested in Thailand) । লগতে আৰক্ষীয়ে জুৱাৰীকেইটাৰ পৰা 1.60 লাখ ভাৰতীয় মুদ্ৰা, 20 কোটি টকাৰ জুৱাৰ চিপছ, 92 টা ম’বাইল ফোন আৰু 8 টা চিচিটিভি জব্দ কৰে ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জুৱা খেলত ব্যৱহৃত সকলো সঁজুলি ভাৰতৰ পৰা অনা হৈছিল ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে (83 Indian Gamblers Arrested)।

উল্লেখযোগ্য যে, 2022 চনৰ আগষ্ট মাহত বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা) উলংঘা কৰাৰ অভিযোগত কেচিনো সংগঠক চিকোটি প্ৰবীণ কুমাৰ আৰু তেওঁৰ সহায়ক মাধৱ ৰেড্ডীয়ে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত সোধা-পোছাৰ বাবে হাজিৰ হৈছিল । ইডিয়ে 30 জুলাইত অভিযান চলাইছিল তেলেংগানাৰ ৰঙা ৰেড্ডী জিলাৰ কাডতালত চিকোটি প্ৰবীণ কুমাৰৰ ফাৰ্ম হাউচৰ লগতে অন্যান্য স্থানত । 29 জুলাইত হায়দৰাবাদৰ আই এছ সদনত চিকোটি প্ৰবীণৰ বাসগৃহ আৰু বয়নপালিত মাধৱ ৰেড্ডীৰ বাসগৃহত তদন্তকাৰী সংস্থাটোৱে অভিযান চলাইছিল (Chikoti Praveen a casino organiser from Hyderabad) ৷

লগতে পঢ়ক : DHS Assam Result 2023 : অভাৰলেপিঙৰ নাটক বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান কৃষক মুক্তিৰ

Last Updated : May 2, 2023, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.