ETV Bharat / bharat

’Ayushman Bhava’ programme: ‘আয়ুষ্মান ভৱ’ কাৰ্যসূচীৰ প্ৰস্তুতিৰ ভাৰ্চুৱেলী বুজ লয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে

author img

By ANI

Published : Sep 13, 2023, 7:26 AM IST

13 ছেপ্টেম্বৰত ভাৰ্চুৱেলী মুকলি কৰা হ’ব ‘আয়ুষ্মান ভৱ’ কাৰ্যসূচী ৷ মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ভাৰ্চুৱেলী মত বিনিময়ৰ জৰিয়তে কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয় ৷

’Ayushman Bhava’ programme
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়া

নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভাৰ্চুৱেলী মত বিনিময়ৰ জৰিয়তে ‘আয়ুষ্মান ভৱ’ কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে চলি থকা প্ৰস্তুতিৰ বুজ লয় ।

মাণ্ডবিয়াই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে আয়ুষ্মান ভৱৰ পদক্ষেপৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে । তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰতি বছৰে স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰসমূহত স্বাস্থ্য মেলাৰ আয়োজন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ক ব্লক পৰ্যায়ত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি যোগে কয়, "ইয়াৰ দ্বাৰা স্বাস্থ্য মেলাত পৰীক্ষা কৰা ৰোগীয়ে স্বাস্থ্য মেলাত সময়মতে চিকিৎসা লাভ কৰিব পাৰিব ।" স্বচ্ছতা আৰু সুস্বাস্থ্যৰ পৰিপূৰকতাক আলোকপাত কৰি 2 অক্টোবৰত সকলো গাঁৱতে স্বচ্ছতা অভিযান অনুষ্ঠিত কৰাটো নিশ্চিত কৰিবলৈ ৰাজ্যসমূহলৈ আহ্বান জনায় । আয়ুষ্মানৰ ষষ্ঠ আৰু সপ্তম স্তম্ভ হিচাপে শেহতীয়াকৈ সংযোজন হোৱা অংগদান আৰু ৰক্তদানৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আৰম্ভ হোৱা ‘আয়ুষ্মান ভৱ’ অভিযানৰ লক্ষ্য হৈছে দেশৰ প্ৰতিখন গাঁও আৰু চহৰলৈ স্বাস্থ্যসেৱা বিয়পোৱা । 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ ‘সেৱা পখোৱাদা’ৰ সময়ত ৰূপায়ণ হ’বলগীয়া এই অভিযানৰ জৰিয়তে চৰকাৰী খণ্ড, নাগৰিক সমাজৰ সংগঠন আৰু জনগোষ্ঠীসমূহক এক উমৈহতীয়া অভিযানৰ অধীনত একত্ৰিত কৰা হ’ব যাতে প্ৰতিজন ব্যক্তিয়ে কোনো বৈষম্যৰ সন্মুখীন নোহোৱাকৈ অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা লাভ কৰে ।

আয়ুষ্মান ভৱ অভিযানত গ্ৰাম পঞ্চায়তৰ নেতৃত্বত স্বাস্থ্য বিভাগ, অন্যান্য চৰকাৰী বিভাগ, আৰু গ্ৰামাঞ্চল আৰু চহৰৰ স্থানীয় নিৰ্বাচিত সংস্থাসমূহৰ সমন্বয়ত এক সহযোগিতামূলক প্ৰচেষ্টা । ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰতিখন গাঁও আৰু চহৰলৈ স্বাস্থ্যসেৱাৰ ব্যাপক কভাৰেজ সম্প্ৰসাৰণ কৰা বুলি প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক: Killing Two Tigers in Nilgiris:নীলগিৰিৰ দুটা বাঘক বিহ দি হত্যা, এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.