ETV Bharat / bharat

দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ গোচৰ; মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ১৯ জানুৱাৰীলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:02 PM IST

Delhi liquor Scam: দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰত অভিযুক্ত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা অহা বছৰৰ ১৯ জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে ৷ শুকুৰবাৰে ৰাউজ এভিনিউ আদালতে মনীষ ছিছোডিয়াৰ অধিবক্তাক চিবিআইৰ মুখ্য কাৰ্যালয়লৈ গৈ নথিপত্ৰ পৰীক্ষা কৰিবলৈ ১৫ দিনৰ সময় দিয়ে ৷

Sisodia judicial custody extended
মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ১৯ জানুৱাৰীলৈ বৃদ্ধি

নিউজ ডেস্ক, ২২ ডিচেম্বৰ : দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াক শুকুৰবাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় । দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰৰ অভিযুক্ত হৈছে মনীষ ছিছোডিয়া । আদালতে ছিছোডিয়াৰ ন্যায়িক জিম্মা ১৯ জানুৱাৰী, ২০২৪ লৈকে বৃদ্ধি কৰে । আদালতে মনীষ ছিছোডিয়াৰ অধিবক্তাক চিবিআইৰ মুখ্য কাৰ্যালয়লৈ গৈ নথিপত্ৰ পৰীক্ষা কৰিবলৈ ১৫ দিনৰ সময় দিয়ে । আদালতে চিবিআইক নথিপত্ৰ পৰীক্ষাৰ বাবে পৰ্যাপ্ত বিষয়া নিয়োগ কৰিবলৈও নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে ২১ নৱেম্বৰত শুনানিৰ সময়ত আদালতে মনীষ ছিছোডিয়াৰ অধিবক্তাক গোচৰটোৰ বিচাৰত বিলম্ব কৰিব বিচাৰে বুলি অভিযোগ কৰে । আনহাতে, ১০ নৱেম্বৰত আদালতে ছিছোডিয়াক তেওঁৰ অসুস্থ পত্নীক লগ কৰিবলৈ অনুমতি প্ৰদান কৰে । ইফালে ৩০ অক্টোবৰত উচ্চতম ন্যায়ালয়ে মনীষ ছিছোডিয়াক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে ।

২৫ এপ্ৰিলত চিবিআয়ে দিল্লীত গোচৰটোৰ পৰিপূৰক অভিযোগনামা দাখিল কৰে । অভিযোগনামাত চিবিআয়ে মনীষ ছিছোডিয়াকো এই গোচৰটোত অভিযুক্ত কৰে । ছিছোডিয়াৰ উপৰি পৰিপূৰক অভিযোগনামাত অভিযুক্ত হিচাপে নাম থকাসকল হৈছে বুচি বাবু, অৰ্জুন পাণ্ডে আৰু অমনদীপ ধল । উল্লেখ্য যে বুচি বাবু হৈছে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চি ৰাওৰ কন্যা কে কবিতাৰ প্ৰাক্তন চিএ ।

ছিছোডিয়াক চিবিআয়ে ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল । আনহাতে, ২০২২ চনৰ ২৫ নৱেম্বৰত চিবিআয়ে প্ৰথম অভিযোগনামা দাখিল কৰে । আদালতে ২০২২ চনৰ ১৫ ডিচেম্বৰত প্ৰথম অভিযোগনামাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আদালতে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০বি ধাৰা আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭, ৭এ আৰু ৮ ধাৰাৰ অধীনত অভিযোগ দাখিল কৰিছিল ।

আদালতে অভিযোগনামাখনত বিবেচনা কৰা অভিযুক্তসকল হৈছে কুলদীপ সিং, নৰেন্দ্ৰ সিং, বিজয় নায়াৰ, অভিষেক বইনপল্লী, অৰুণ ৰামচন্দ্ৰ পিল্লাই, মুথু গৌতম আৰু সমীৰ মহেন্দ্ৰু ।

লগতে পঢ়ক :Year Ender 2023 : ৩ ৰাজ্যত বিজয়ে ২০২৪ লৈ অক্সিজেন যোগাইছে বিজেপিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.