ETV Bharat / bharat

দিল্লী আবকাৰী নীতি গোচৰ; মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 3:07 PM IST

Sisodia Judicial Custody Extended : দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰত চিবিআই সম্পৰ্কীয় এটা গোচৰত মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে । আনহাতে, আদালতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মনীষ ছিছোডিয়াক উপস্থাপন কৰোৱাত আপত্তি দৰ্শায় ।

মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি
মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি

নিউজ ডেস্ক, ১৯ জানুৱাৰী : দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰৰ অভিযুক্ত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াক শুকুৰবাৰে ৰাউজ এভিনিউ আদালতত উপস্থাপন কৰোৱা হয় । চিবিআই সম্পৰ্কীয় এটা গোচৰত তেওঁক আদালতত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উপস্থাপন কৰোৱা হয় । পিছত আদালতে মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰে । অৱশ্যে আদালতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মনীষ ছিছোডিয়াক উপস্থাপন কৰোৱাৰ ক্ষেত্ৰত আপত্তি দৰ্শায় ।

এই সন্দৰ্ভত আদালতে কয়, "আমি মনীষ ছিছোডিয়াক আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছিলোঁ ।" ন্যায়াধীশে লগতে কয় যে তেওঁ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ছিছোডিয়াৰ উপস্থিতি সম্পৰ্কে তিহাৰ কাৰাগাৰৰ পৰা কোনো ই-মেইল লাভ কৰা নাই । আনহাতে, আদালতে তিহাৰ কাৰাগাৰ প্ৰশাসনক পৰৱৰ্তী শুনানিৰ তাৰিখত ছিছোডিয়াক আদালতত হাজিৰ কৰাবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে ১৯ জানুৱাৰীত ছিছোডিয়াৰ ন্যায়িক জিম্মা শেষ হ'বলগা আছিল । যাৰ বাবে তেওঁক আদালতত হাজিৰ কৰোৱা হয় । বিগত বৰ্ষৰ ১২ ডিচেম্বৰত আদালতে তেওঁক ১৯ জানুৱাৰীলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ইফালে 21 নৱেম্বৰত আদালতে শুনানিৰ সময়ত মনীষ ছিছোডিয়াৰ অধিবক্তাক জনাইছিল যে তেওঁ গোচৰটোৰ বিচাৰ বিলম্বিত কৰিব বিচাৰিছে । আনহাতে, ১০ নৱেম্বৰত আদালতে ছিছোডিয়াক তেওঁৰ অসুস্থ পত্নীক লগ কৰিবলৈ অনুমতি প্ৰদান কৰে ।

উল্লেখ্য যে যোৱা বছৰ 30 অক্টোবৰত উচ্চতম ন্যায়ালয়ে মনীষ ছিছোডিয়াক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে । আনহাতে, 25 এপ্ৰিলত চিবিআয়ে এই গোচৰটোত দিল্লীত এক পৰিপূৰক অভিযোগনামা দাখিল কৰে । চিবিআয়ে মনীষ ছিছোডিয়াকো এই গোচৰটোত অভিযুক্ত কৰে । ছিছোডিয়াৰ উপৰি পৰিপূৰক অভিযোগনামাত অভিযুক্ত হিচাপে নাম থকাসকল হৈছে বুচি বাবু, অৰ্জুন পাণ্ডে আৰু অমনদীপ ধল । বুচি বাবু তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চি ৰাওৰ কন্যা কবিতাৰ চি এ আছিল ।

উল্লেখ্য যে ছিছোডিয়াক চিবিআয়ে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰে । ২০২২ চনৰ ২৫ নৱেম্বৰত চিবিআয়ে প্ৰথম অভিযোগনামা দাখিল কৰে । আদালতে ২০২২ চনৰ ১৫ ডিচেম্বৰত প্ৰথম অভিযোগনামাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আদালতে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০বি ধাৰা আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭, ৭এ আৰু ৮ ধাৰাৰ অধীনত অভিযোগ সৃষ্টি কৰে ।

লগতে পঢ়ক :প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে পালন কৰিব লাগিব এই কেইটা নিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.