ETV Bharat / bharat

Manipur violence : দেশৰ ইতিহাসত ন্যায়ালয়ে ভাৰতীয় সেনাক নিৰ্দেশ দিয়া নাই; ছুপ্ৰিম কোৰ্ট

author img

By

Published : Jul 11, 2023, 9:16 PM IST

Manipur violence
Manipur violence

মুখ্য ন্যায়াধীশে কয়, "আপুনি আদালতক ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীক নিৰ্দিষ্ট পদক্ষেপ ল'বলৈ নিৰ্দেশ দিবলৈ কৈছে । সঁচাকৈয়ে, আমাৰ দেশৰ ইতিহাসত আৰু বিগত ৭০ বছৰত উচ্চতম ন্যায়ালয়ে (ভাৰতীয় সেনাক) নিৰ্দেশনা দিয়া নাই ।... গণতন্ত্ৰৰ এটা ডাঙৰ বিশেষত্ব হৈছে সশস্ত্ৰ বাহিনীৰ ওপৰত অসামৰিক নিয়ন্ত্ৰণ । আমি সেইটো উলংঘা নকৰোঁ...।"

নিউজ ডেস্ক, ১১ জুলাই : উচ্চতম ন্যায়ালয়ে মঙলবাৰে মণিপুৰৰ জনজাতীয় অঞ্চলসমূহত নিৰাপত্তা প্ৰদানৰ বাবে পদক্ষেপ ল'বলৈ ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীক নিৰ্দেশনা জাৰি কৰিবলৈ অস্বীকাৰ কৰি কয় যে দেশৰ ইতিহাসত শীৰ্ষ ন্যায়ালয়ে ভাৰতীয় সেনাক নিৰ্দেশনা দিয়া নাই ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে কয়, "মাননীয় কলিন গনচালভেছ, এইটো পৰামৰ্শৰ ধৰণ হ'ব নোৱাৰে । উদাহৰণ স্বৰূপে, আপুনি আদালতক ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীক নিৰ্দিষ্ট পদক্ষেপ ল'বলৈ নিৰ্দেশ দিবলৈ কৈছে (গাঁওবোৰত নিৰাপত্তা প্ৰদান কৰিবলৈ) । সঁচাকৈয়ে, আমাৰ দেশৰ ইতিহাসত আৰু বিগত ৭০ বছৰত উচ্চতম ন্যায়ালয়ে (ভাৰতীয় সেনাক) নিৰ্দেশনা দিয়া নাই ।... গণতন্ত্ৰৰ এটা ডাঙৰ বিশেষত্ব হৈছে সশস্ত্ৰ বাহিনীৰ ওপৰত অসামৰিক নিয়ন্ত্ৰণ । আমি সেইটো উলংঘা নকৰোঁ । এইটো আমাৰ ৰাষ্ট্ৰৰ অন্যতম শক্তিশালী বিন্দু । আমি ভাৰতীয় সেনাক নিৰ্দেশনা জাৰি নকৰোঁ...।"

উল্লেখ্য, মণিপুৰ চৰকাৰে আদালতত দাখিল কৰা শেহতীয়া স্থিতি প্ৰতিবেদনৰ পটভূমিত জনজাতীয় লোকসকলক প্ৰতিনিধিত্ব কৰা এজন পৰামৰ্শদাতাই দিয়া পৰামৰ্শবোৰ বিবেচনা কৰি বিচাৰপীঠে এই পৰ্যবেক্ষণ আগবঢ়ায় । শীৰ্ষ আদালতে মণিপুৰত জাতিগত হিংসাৰ সন্দৰ্ভত এটা গোটৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই কথা কয় ।

মণিপুৰ ট্ৰাইবেল ফ'ৰাম দিল্লীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কলিন গনচালভেছে কয় যে চৰকাৰৰ পৰামৰ্শদাতাৰ একাধিক আশ্বাস সত্ত্বেও মণিপুৰত হিংসা বন্ধ হোৱা নাই । আনহাতে, অনাগত মাহবোৰত ই তীব্ৰভাৱে বৃদ্ধি পাব পাৰে । যিটো জুলাইৰ প্ৰথম সপ্তাহত এগৰাকী জনজাতীয় লোকৰ শিৰচ্ছেদ কৰা আৰু লগতে এগৰাকী মানসিকভাৱে বিকলাঙ্গ জনজাতীয় মহিলাক হত্যা কৰা ঘটনাই সূচিত কৰিছে ।

গনচালভেছে জোৰ দি কয় যে জনজাতীয় লোকসকলৰ সুৰক্ষাৰ বাবে তাৎক্ষণিক পদক্ষেপৰ প্ৰয়োজন । কিয়নো ৰাজ্যখনত গণহত্যাৰ আহ্বান প্ৰেৰণ কৰা হৈছে । আনহাতে মেইটেই নেতা প্ৰমত সিঙক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈও কয় । গনচালভেছে সিঙৰ এটা সংবাদ সংস্থাৰ সৈতে সাক্ষাৎকাৰৰ উদ্ধৃতি দিয়ে, য'ত তেওঁ কুকিসকলক হত্যা আৰু ধ্বংস কৰাৰ দাবী কৰিছিল ।

লগতে পঢ়ক :ED Director tenure extension controversy : EDৰ সঞ্চালকৰ কাৰ্যকাল বৃদ্ধি কৰাটো অবৈধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.