ETV Bharat / bharat

SC on Manipur violence : শীৰ্ষ আদালতে সোমবাৰে গ্ৰহণ কৰিব মণিপুৰৰ দুই নিৰ্যাতিতা যুৱতীৰ গোচৰৰ শুনানি

author img

By

Published : Jul 31, 2023, 10:55 AM IST

Updated : Jul 31, 2023, 11:15 AM IST

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ মণিপুৰৰ দুই নিৰ্যাতিতা ৷ সোমবাৰে গ্ৰহণ কৰা হ’ব শুনানি ৷

Women victims in Manipur
SC on Manipur violence

নেশ্যনেল ডেস্ক, 31 জুলাই : হিংসাজৰ্জৰ মণিপুৰত দুগৰাকী মহিলাক উলংগ হৈ পেৰেড কৰা গোচৰটো বেলেগ ৰাজ্যলৈ হস্তান্তৰ কৰিবলৈ কেন্দ্ৰই জনোৱা অনুৰোধৰ শুনানি সোমবাৰে গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । ভিডিঅ’টোত দেখা পোৱা মহিলা ভুক্তভোগীসকলৰ আবেদনো গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । ভুক্তভোগীৰ পৰিচয় লুকুৱাই ৰখাৰ লগতে আবেদনখনৰ বিষয়বস্তু এতিয়াও ৰাজহুৱা কৰা হোৱা নাই । মণিপুৰৰ দুগৰাকী নিৰ্যাতিতা মহিলাই কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব 31 জুলাই সোমাবাৰে ।

জানিব পৰা মতে, আবেদনখনত মণিপুৰ চৰকাৰ আৰু কেন্দ্ৰক উত্তৰদাতা হিচাপে তালিকাভুক্ত কৰা হৈছে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত বিচাৰপীঠে মহিলাৰ আবেদন গ্ৰহণ কৰিব । যোৱা সপ্তাহত কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাইছে যে, মণিপুৰৰ পৰা দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা দৃশ্যৰ এক বৰ্বৰোচিত ভিডিঅ’ৰ গোচৰটো কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰ’ৱে (চিবিআই) তদন্ত কৰিব আৰু নাৰীৰ বিৰুদ্ধে যিকোনো অপৰাধৰ প্ৰতি শূন্য সহনশীলতা সন্দৰ্ভত জোৰ দিয়া হ’ব বুলি কয় ।

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এটৰ্নী জেনেৰেল আৰু ছলিচিটৰ জেনেৰেলক গোষ্ঠী সংঘৰ্ষৰে জৰ্জৰিত মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত চলোৱা বৰ্বৰোচিত ভাইৰেল ভিডিঅ’টোৱে গভীৰভাৱে বিচলিত কৰিছে বুলি জনায় । মুখ্য ন্যায়াধীশে কেন্দ্র আৰু মণিপুৰ চৰকাৰক অপৰাধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে নহ’লে ন্যায়পালিকাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় ৷

এই ঘটনা সন্দৰ্ভত মণিপুৰ চৰকাৰে 7 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰাখিছে । উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পাদক অজয় কুমাৰ ভল্লাই কয় কেন্দ্ৰীয় চৰকাৰৰ নাৰীৰ বিৰুদ্ধে যিকোনো অপৰাধৰ প্ৰতি শূন্য সহনশীলতাৰ ভাব পোষণ কৰাৰ বাবেই এই ঘটনাৰ তদন্তৰ দায়িত্বৰ ভাৰ স্বতন্ত্ৰ তদন্তকাৰী সংস্থা অৰ্থাৎ চিবিআইক ন্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কয় । উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে সমগ্ৰ ঘটনাক ‘সাংবিধানিক অধিকাৰ আৰু মানৱতাৰ উলংঘা’ বুলি অভিহিত কৰিছিল ।

লগতে পঢ়ক : SC on Manipur violence : মণিপুৰ হিংসা সন্দৰ্ভত ছুপ্ৰিম কোৰ্টৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

Last Updated : Jul 31, 2023, 11:15 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.