ETV Bharat / bharat

Kuki woman raped: মণিপুৰত কুকি মহিলাক ধৰ্ষণৰ অভিযুক্ত এজনক গ্ৰেপ্তাৰ

author img

By

Published : Jul 20, 2023, 12:47 PM IST

Updated : Jul 20, 2023, 2:05 PM IST

মণিপুৰত মানৱতা ভূলুণ্ঠিত কৰা বিভৎস ঘটনাৰ মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা ব্যক্তিজন ঠৌবাল জিলাৰ মেইটেই সম্প্ৰদায়ৰ বি ফেইনোম নামৰ কুকি প্ৰধান গাঁৱৰ বাসিন্দা ৷

Manipur Police Arrest Mastermind
ধৰ্ষণৰ অভিযুক্ত এজনক গ্ৰেপ্তাৰ

তেজপুৰ, 20 জুলাই : মণিপুৰৰ কন্যাসকলৰ সংঘটিত বিভৎস ঘটনাৰ মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা ব্যক্তিজন ঠৌবাল জিলাৰ মেইটেই সম্প্ৰদায়ৰ বি ফেইনোম নামৰ কুকি প্ৰধান গাঁৱৰ বাসিন্দা ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত সংবাদমেল আয়োজন কৰাৰ কথা জানিব পৰা গৈছে ৷

বুধবাৰে অশান্ত জৰ্জৰ মণিপুৰৰ ইষ্ট ইম্ফলত দুগৰাকী কুকি যুৱতীক ধৰ্ষণ কৰি উলংগ অৱস্থাত ৰাজপথত সমদল কৰাৰ এক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই সমগ্ৰ দেশতে খলকনিৰ সৃষ্টি হয় ৷ ইম্ফলৰ কাংপকপি পাহাৰীয়া জিলাখনত সংঘটিত ঘটনাৰ পিছতে নিশা আৰক্ষীয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু বৃহস্পতিবাৰে পুৱা ইম্ফল ইষ্ট আৰক্ষীয়ে অভিযুক্তটোক গ্ৰেপ্তাৰ কৰি য়াঙপকপি থানাত জেৰাৰ বাবে ৰাখি থৈছে বুলি মণিপুৰৰ শীৰ্ষ আৰক্ষীৰ সূত্ৰত জানিব পৰা গৈছে ৷

  • was registered at Nongpok Sekmai PS (Thoubal District) against unknown armed miscreants and the investigation has been started. The State Police is making all-out effort to arrest the culprits at the earliest.

    2/2

    — Manipur Police (@manipur_police) July 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

গোষ্ঠীগত সংঘৰ্ষৰ মাজতে বুধবাৰে মণিপুৰত সংঘটিত এই শিহৰণকাৰী, চাঞ্চল্যকৰ ঘটনাই সংবাদ মাধ্যমত তোলপাৰ লগোৱাৰ সময়তে এই বৰ্বৰ ঘটনাৰ এক অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বিগত 3 মে'ৰ পৰা মণিপুৰত হিংসাত্মক কাৰ্য, আক্ৰমণ, প্ৰতি-আক্ৰমণৰ ঘটনা দৈনিক সংঘটিত হৈ আহিছে ৷

উল্লেখযোগ্য যে, মণিপুৰৰ হিংসাত্মক ঘটনাত ম্যানমাৰৰ কুকি বিদ্ৰোহী জড়িত থকাৰ বিষয়ে বিৰোধী দলসমূহে অভিযোগ উত্থাপিত কৰি আহিছে ৷ আনহাতে এই সমগ্ৰ ঘটনাৰ পিছত মণিপুৰৰ এই হিংসাত ম্যানমাৰৰ 8 জন লোকে চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ চুৰাচান্দপুৰ আৰক্ষী অধীক্ষকে Letter No. C-5/27/SP-CDL/2023/ Dated 28 June 2023 এক বিশেষ জাননী জাৰি কৰি চাণ্ডাল জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছে এই লোকসকল কেনেকৈ মণিপুৰত প্ৰৱেশ কৰিছিল সেই বিষয়ে জানিবলৈ ৷

বিগত 16 আৰু 19 জুনত এই আঠজন লোকৰ বেছি সংখ্যকেই বোমা বিস্ফোৰণ আৰু গুলীয়াগুলীত গুৰুতৰভাৱে আহত হোৱা ৷ এই লোকসকলে বৰ্তমান চিকিৎসালয়ত চিকিৎসা লৈ আছে আৰু ইয়াৰ অতিৰিক্ত দুজন ব্যক্তি আছে যি যোৱা দুমাহ ধৰি তেওঁলোকৰ চিকিৎসাৰ বাবে আছে ৷ ম্যানমাৰৰ তামু জিলাৰ এই লোকসকলৰ তদন্তৰ বাবে 28 জুনত আৰক্ষীয়ে জাৰি কৰা এই জাননী সংবাদ মাধ্যমত প্ৰকাশ পায় ৷

লগতে পঢ়ক: Kuki woman raped: বৰ্বৰতাৰ চৰম সীমা; মণিপুৰত কুকি মহিলাক দলবদ্ধ ধৰ্ষণ কৰি বিশাল সমদল

Last Updated :Jul 20, 2023, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.