ETV Bharat / bharat

Kuki woman raped: বৰ্বৰতাৰ চৰম সীমা; মণিপুৰত কুকি মহিলাক দলবদ্ধ ধৰ্ষণ কৰি বিশাল সমদল

author img

By

Published : Jul 19, 2023, 10:51 PM IST

মণিপুৰত শিহৰণকাৰী ঘটনা ৷ এগৰাকী কুকি মহিলাক দলবদ্ধ ধৰ্ষণ এচাম মানৱৰূপী দানৱৰ ৷ ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকী কুকি সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে ৷

Kuki women raped
Kuki women raped

নেশ্যনেল ডেস্ক, 19 জুলাই: সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰিত মণিপুৰত ভূলুণ্ঠিত হৈছে মানৱতা ৷ কুকি আৰু মেইটেইসকলৰ মাজত অব্যাহত থকা সংঘৰ্ষৰ মাজতে মণিপুৰত সংঘটিত হোৱা এক অতি নিকৃষ্ট ঘটনা পোহৰলৈ আহিছে ৷ যি ঘটনাই স্বাভাৱিকতেই লজ্জানত কৰিব এখন সভ্য সমাজক ৷

শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে এক শিহৰণকাৰী দৃশ্য ৷ য’ত মানৱৰূপী এদল পশুতকৈও নিকৃষ্ট লোকে এগৰাকী মহিলাক উলংগ কৰি সমদল উলিওৱা দেখিবলৈ পোৱা গৈছে ৷ জানিব পৰা মতে ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী এগৰাকী 21 বছৰীয়া কুকি যুৱতী ৷ যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ পাচত বস্ত্ৰ পৰিধান কৰিলে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি এদল পাষাণ লোকে ৰেলী কৰি লৈ আহে ৷

ইতিমধ্যেই বিভিন্ন সংবাদমাধ্যমত সম্প্ৰচাৰ হৈছে এই বাতৰি ৷ প্ৰাপ্ত তথ্য অনুসৰি 4 মে’ তাৰিখে অৰ্থাৎ মণিপুৰত কুকি আৰু মেইটেইসকলৰ মাজত হিংসা আৰম্ভ হোৱাৰ এদিন পাচত সংঘটিত হৈছিল এই ঘটনা ৷ অৱশ্যে এতিয়াহে পোহৰলৈ আহিছে এই তথ্য ৷ যি এতিয়াই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি কাংপোকপি জিলাৰ চাইকুল আৰক্ষী থানাত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত এক গোচৰ ৰুজু হৈছিল ৷ অৱশ্যে এই ঘটনা সন্দৰ্ভত এতিয়াও বিতং তথ্য পোহৰলৈ অহা নাই ৷

উল্লেখ্য যে বিগত 3 মে’ৰ পৰা উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যখনত সংঘটিত হৈছে সাম্প্ৰদায়িক সংঘৰ্ষ ৷ কুকি আৰু মেইটেইসকলৰ মাজত হোৱা সংঘৰ্ষত বৰ্তমানলৈকে দেৰ শতাধিক লোক নিহত হৈছে ৷ দুমাহতকৈ অধিক দিন পাৰ হোৱাৰ পাচতো ৰাজ্যখনলৈ ঘূৰি অহা নাই শান্তি ৷

লগতে পঢ়ক: Manipur violence: স্থায়ী শান্তি বিচাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক ব্যৱস্থা ল’বলৈ মণিপুৰৰ 31 বিধায়কৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.