ETV Bharat / bharat

মণিপুৰ হৈছে ক্ৰীড়া প্ৰতিভাৰ এক শক্তিক্ষেত্ৰ: প্ৰধানমন্ত্ৰী

author img

By

Published : Jun 29, 2021, 12:36 PM IST

Updated : Jun 29, 2021, 3:58 PM IST

Manipur is powerhouse of sporting talent, says PM Modi after state launched 'Cheer4India' campaign
মণিপুৰ হৈছে ক্ৰীড়া প্ৰতিভাৰ এক শক্তিক্ষেত্ৰ: নৰেন্দ্ৰ মোদী

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে(Chief Minister N Biren Singh)আগন্তুক টকিঅ' অলিম্পিক(Tokyo Olympic)ত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলৰ বাবে ৰাজ্যত উল্লাস অভিযান আৰম্ভ কৰাৰ পাচতে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মণিপুৰক ক্ৰীড়া প্ৰতিভাৰ এক শক্তিক্ষেত্ৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীক প্ৰশংসা কৰে মোডীয়ে ৷

নেশ্যনেল ডেস্ক, 29 জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (narendra modi) য়ে সোমবাৰে মণিপুৰত Tokyo Olympic Cheer4India campaign আৰম্ভ কৰাৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং (N Biren Singh)ক প্ৰশংসা কৰে ৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে (N Biren Singh) আগন্তুক টকিঅ' অলিম্পিক (Tokyo Olympic)ত অংশ গ্ৰহণ কৰা খেলুৱৈসকলৰ বাবে ৰাজ্যত উল্লাস অভিযান আৰম্ভ কৰাৰ পাচতে প্ৰশংসাত পঞ্চমুখ হৈ পৰে প্ৰধানমন্ত্ৰী গৰাকী ৷

এক টুইটযোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, "মণিপুৰ হৈছে ক্ৰীড়া প্ৰতিভাৰ এক শক্তিক্ষেত্ৰ ৷ মণিপুৰ চৰকাৰে Cheer4India campaign অভিযানৰ দ্বাৰা যুৱ শক্তিক ক্ৰীড়াৰ বাবে অনুপ্ৰাণিত কৰাত বিশেষ পদক্ষেপ লৈছে ৷

ইয়াৰ পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে (N Biren Singh)টুইটযোগে কৈছিল যে, "ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক উৎসাহিত কৰাৰ এক উপায় হিচাপে মণিপুৰত Tokyo Olympic Cheer4India campaign আৰম্ভ কৰা হৈছে । আমি অলিম্পিক কুইজ (Olympic quiz), ফেন এনগেজমেণ্ট ড্ৰাইভ, অলিম্পিক চিম্প’জিয়ামৰ দৰে কাৰ্য-কলাপ আৰম্ভ কৰিছো আৰু লগতে ফটো তুলিবলৈ আৰু তেওঁলোকক সমৰ্থন কৰিবলৈ ছেলফি পইণ্ট স্থাপন কৰিছো" ৷

আনহাতে, প্ৰধানমন্ত্ৰী মোডীয়ে দেওবাৰে তেওঁৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান "মন কি বাত"(maan ki baat)ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি দেশক গৌৰৱান্বিত কৰিবলৈ টকিঅ' অলিম্পিক (Tokyo Olympic)লৈ যোৱা সকলো খেলুৱৈক সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল । লগতে, #Cheer4India ব্যৱহাৰ কৰি সামাজিক মাধ্যম(social media)ৰ জৰিয়তে খেলুৱৈসকললৈ শুভকামনা প্ৰেৰণ কৰিব পাৰে বুলিও দেশবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছিল ।

উল্লেখ্য যে, টকিঅ' অলিম্পিক(Tokyo Olympic) বিগত বছৰতে অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কিন্তু ক'ভিড-19 মহামাৰীৰ বাবে ইয়াক পিছুৱাই দিয়া হৈছিল ৷ এইবেলি 23 জুলাইৰ পৰা 8 আগষ্টলৈ অনুষ্ঠিত কৰা হ'ব ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ ইভেণ্টখন ।

লগতে পঢ়ক: আৰ্ছাৰী বিশ্ব কাপত ভাৰতীয় খেলুৱৈৰ বিজয় ধাৰা অব্যাহত

Last Updated :Jun 29, 2021, 3:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.