ETV Bharat / bharat

Man strangulates wife to death: শাৰীৰিক সম্পৰ্কৰ প্ৰতি অমান্তি; শিলেৰে থেতালি থেতালি পত্নীক হত্যা

author img

By

Published : Jan 8, 2023, 1:36 PM IST

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এটা লোমহৰ্ষক হত্যাকাণ্ড ৷ শাৰীৰিক আকাংক্ষা পূৰণ নকৰাৰ বাবেই পত্নীক নৃশংসভাৱে হত্যা কৰি জ্বলাই দিলে স্বামীয়ে (Man killed wife for denies carnal desire) ৷

Man strangulates wife to death when she denies satisfying his carnal desire in Maharashtra
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিচ্ছা

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী: মহাৰাষ্ট্ৰত শুকুৰবাৰে এটা জঘন্য ঘটনা সংঘটিত হৈছে (Murder case in Maharashtra)৷ শাৰীৰিক সম্পৰ্কৰ বাবে অনিচ্ছা প্ৰকাশ কৰাৰ বাবেই স্বামীৰ হাতত প্ৰাণ হেৰুৱাব লগা হ’ল দুৰ্ভগীয়া মহিলাই (Man strangulates wife to death)৷ ঘটনা অনুসৰি সঞ্জয় সখৰে ইয়াৱতমাল জিলাৰ আচোলাত তেওঁৰ পত্নীৰ লগত বসবাস কৰিছিল ৷ শুকুৰবাৰে সঞ্জয়ে পত্নীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ লওঁতেই পত্নীয়ে অস্বীকাৰ কৰে (Man killed wife not having intercourse)৷

লগে লগে খঙত অগ্নিশৰ্মা হৈ পৰে সঞ্জয় ৷ সঞ্জয়ে প্ৰথমে পত্নীক নাইলনৰ ৰচীৰে শ্বাসৰুদ্ধ কৰি লৈছিল ৷ তাৰ পিছতে মহিলাগৰাকীৰ বুকুত শিলেৰে থেতেলিয়াই থেতেলিয়াই হত্যা কৰে (Man killed wife by hitting with stone)৷ কেৱল ইয়াতেই ক্ষান্ত নাথাকি পত্নীৰ হত্যাকাণ্ডৰ কথা লুকুৱাবলৈ মৃতদেহটো নিজ বাসগৃহতে জ্বলাই দিয়ে ৷

এই খবৰ ওচৰ চুবুৰীয়াই গম পাই আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাওঁতে মহিলাগৰাকীৰ মৃতদেহটো ভস্মীভূত অৱস্থাত উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে অৱশিষ্টখিনি উদ্ধাৰ কৰি পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰাৰ লগতে পত্নীহন্তা স্বামীক আটক কৰে ৷

আৰক্ষীৰ সোধ পোছত সঞ্জয়ে হত্যাৰ কথা স্বীকাৰ কৰে ৷ মৃত মহিলগৰাকীৰ নাম মায়াবাই সখৰে (36)বুলি জানিবলৈ দিয়ে ৷ আৰক্ষী বিষয়া প্ৰদীপ পদৱী, এছএইচঅ' ৰাজীৱ হাকে, এছ এইচ অ' বিটাৰ্গাঁও প্ৰতাপ ভোশ, এছ পি চেংগেল স্থগুছা আৰু উপ-পৰিদৰ্শক ৰাজেশ পণ্ডিত গণেশ ৰাথোড়ে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ আৰক্ষীয়ে সঞ্জয়ৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে (police registered a case against Sanjay)আৰু শনিবাৰে হত্যাকাৰীটোক আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে ৷ সম্প্ৰতি সঞ্জয়ক এদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ পুনেত স্বামীয়ে পত্নীক হত্যা কৰা এক অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷ এগৰাকী বিবাহিত মহিলাক ছুৰিকাঘাত কৰি হত্যা কৰিছিল স্বামীয়ে ৷ অভিযুক্তটোক জয়ৰাম উত্তৰেশ্বৰ চৌৰে বুলি চিনাক্ত কৰা হৈছিল ৷ ঘটনা অনুসৰি মৃত মহিলগৰাকী তেওঁৰ স্বামী আৰু তিনিটা সন্তানৰ সৈতে বাস কৰিছিল ৷

লগতে পঢ়ক: Two Militants Killed in Balakot Sector Jammu : ডাংগ্ৰী ঘটনাৰ সৈতে জড়িত দুজন সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.