ETV Bharat / bharat

Two Militants Killed in Balakot Sector Jammu : ডাংৰী হিংসাৰ সৈতে জড়িত দুটা সন্ত্ৰাসবাদী নিহত

author img

By

Published : Jan 8, 2023, 9:08 AM IST

Updated : Jan 8, 2023, 12:39 PM IST

ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত দুটা সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত ৷ বালাকোটৰ সীমান্ত সুৰক্ষাত নিয়োজিত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয় উগ্ৰপন্থী দুটা (Two Militants Killed in Balakot Sector Jammu)৷

Two Militants Killed in Balakot Sector Jammu
ডাংগ্ৰী ঘটনাৰ সৈতে জড়িত দুজন সন্ত্ৰাসবাদী নিহত

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী : জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱত সংঘটিত নৰ সংহাৰৰ ঘটনাত জড়িত দুটা সন্ত্ৰাসবাদী নিহত ((Two Militants Killed in Balakot Sector Jammu)) ৷ বালাকোটৰ সীমান্ত সুৰক্ষাত নিয়োজিত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয় সন্ত্ৰাসবাদী দুটা । বৰ্তমানেও অভিযান অব্যাহত আছে আৰু অঞ্চলটো সেনাই ঘেৰি ৰাখিছে বুলি জানিবলৈ পৰা গৈছে (Two terrorists neutralised) ৷

বিগত দেওবাৰৰ দিনা অৰ্থাৎ পহিলা জানুৱাৰীৰ দিনা ৰাজৌৰীৰ ধনঘৰী অঞ্চলত সংঘটিত দুটাকৈ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে অঞ্চলটোত ব্যাপক তালাচী অভিযান আৰম্ভ কৰা হয় ৷ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাটোত দুটা শিশুসহ ৭ জন লোকৰ প্ৰাণহানি হয় ।

জম্মু-কাশ্মীৰৰ বালাকোট ছেক্টৰত শনিবাৰে নিশাজোৰা অভিযানত নিহত হয় দুটা উগ্ৰপন্থী । শনিবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিহত হয় উগ্ৰপন্থী দুটা (Line of Control in Jammu and Kashmir)। প্ৰতিৰক্ষা সূত্ৰৰ মতে, অঞ্চলটো বৰ্তমানেও ঘেৰাও কৰি ৰখা হৈছে আৰু তালাচী অভিযান অব্যাহত আছে । প্ৰতিৰক্ষা সূত্ৰই জনোৱা অনুসৰি , ১৯ মাদ্ৰাজ ৰেজিমেণ্টৰ সৈন্যসকলে বালাকোট খণ্ডত নিয়মীয়াকৈ টহল দি থকাৰ সময়তে সীমান্তত সন্দেহজনক ব্যক্তিৰ গতি-বিধি লক্ষ্য কৰে ৷ তাৰ পাছতেই নিৰাপত্তাৰক্ষীয়ে সন্দেহজনক ব্যক্তি দুজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে ।

বালাকোট সীমান্তত নিয়োজিত সুৰক্ষা কৰ্মীয়ে এতিয়ালৈকে ৰাজৌৰী জিলাৰ ডাংগ্ৰী গাঁৱৰ ঘটনাৰ সৈতে জড়িতৰ অপৰাধত দুজন সন্ত্ৰাসবাদীক নিহত কৰে । দেওবাৰে পুৱা সেনাই অঞ্চলটোত তালাচী অভিযান চলাই নিহত সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

‘‘ডাংগ্ৰী আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ অভিযান অব্যাহত আছে । বালাকোটৰ সীমান্তৰ বেৰত নিয়োজিত সৈন্যই এতিয়ালৈকে দুজন সন্ত্ৰাসবাদীক ধৰা পেলাই হত্যা কৰিছে । এই অঞ্চলটো ঘেৰি ৰখা হৈছে আৰু অভিযান চলি আছে । অঞ্চলটোত ব্যাপক তালাচী অভিযান আৰম্ভ কৰাৰ পিছতে উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষ হয় আৰু সংঘৰ্ষৰ অন্তত দুজন অচিনাক্ত সন্ত্ৰাসবাদী নিহত হয় ।’’ এক সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

যোৱা দেওবাৰে ৰাজৌৰীৰ ডাংগ্ৰী অঞ্চলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে দুটি শিশুকে ধৰি ছয় জন সাধাৰণ নাগৰিক নিহত হয় । পাচত ৰাজৌৰী আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা সাতজনলৈ বৃদ্ধি পায় । ডাংগ্ৰীত গুলীচালনাৰ প্ৰথম দিনাই আহত হয় প্ৰিন্স শৰ্মা নামৰ এজন লোক ৷ দেওবাৰে পুৱাই মৃত্যুক সাৱটি লয় প্ৰিন্স শৰ্মাই ৷ পৰৱৰ্তী সময়ত জিএমচি ৰাজৌৰীৰ পৰা জম্মু চিকিৎসালয়লৈ বিমানেৰে লৈ যোৱা হয় প্ৰিন্স শৰ্মাক ৷

লগতে পঢ়ক : City bus employees on protest: বাছ এৰি ৰাজপথত বহিল চিটি বাছৰ মালিক-কৰ্মচাৰী

Last Updated : Jan 8, 2023, 12:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.