ETV Bharat / bharat

Mamata Banerjee on Election Result : মেঘালয়ৰ ভোটাৰক ধন্যবাদ মমতা বেনাৰ্জীৰ

author img

By

Published : Mar 2, 2023, 5:42 PM IST

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মেঘালয়ত তেওঁৰ দলক ১৫ শতাংশ ভোট দিয়াৰ বাবে ৰাজ্যখনৰ জনগণক অভিনন্দন জনায় (Mamata Banerjee congratulated Meghalaya people) । লগতে সাগৰদিঘী উপ-নিৰ্বাচনত পৰাজয়ক 'অনৈতিক মিত্ৰতা' আৰু 'সাম্প্ৰদায়িক কাৰ্ড'ৰ বাবে দোষী সাব্যস্ত কৰে ।

Mamata Banarjee
Mamata Banarjee

নিউজ ডেস্ক, ২ মাৰ্চ : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে (West Bengal chief minister Mamata Banerjee) বৃহস্পতিবাৰে মেঘালয়ৰ জনসাধাৰণক তৃণমূল কংগ্ৰেছক তেওঁলোকৰ বিশ্বাস প্ৰদান কৰাৰ বাবে অভিনন্দন জনায় । উল্লেখ্য, এই নিৰ্বাচনত মুঠ ভোটৰ ১৫ শতাংশ লাভ কৰিছে তৃণমূলে (Mamata Banerjee congratulated Meghalaya people) ।

আনহাতে, মুৰ্ছিদাবাদ জিলাৰ সাগৰদিঘী উপ-নিৰ্বাচনত তেওঁৰ দলৰ প্ৰাৰ্থীৰ পৰাজয়ৰ বাবে 'অনৈতিক মিত্ৰতা'ৰ অভিযোগ উত্থাপন কৰে (Sagardighi bye polls West Bengal) । "মাত্ৰ ছয় মাহত আমাৰ দলে ১৫ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে । আমি পৰৱৰ্তী সময়ত আৰু ভাল কৰিম । কিছু বিভ্ৰান্তি হৈছিল । কংগ্ৰেছে কৈছিল যে মমতা কংগ্ৰেছত আছে । কিন্তু এয়া কেৱল এটা ভুল বুজাবুজি ।" নৱান্ন ৰাজ্যিক সচিবালয়ত (Nabanna state secretariat) এখন সংবাদমেলত মমতাই এনেদৰে কয় ।

আনহাতে, ত্ৰিপুৰাত নিৰ্বাচনৰ ফলাফল (Tripura election result 2023) সন্দৰ্ভত তেওঁ কয় যে কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই । কিন্তু লগতে তেওঁ কয় যে বিজেপিয়ে 'সহজে বিধায়ক ক্ৰয় কৰিব পাৰে, যিটো তেওঁলোকৰ অভ্যাস' । মমতাই লগতে কয় যে কংগ্ৰেছ, চিপিআই-এম আৰু বিজেপিৰ মাজত 'অনৈতিক মিত্ৰতা'ৰ বাবে কংগ্ৰেছে সাগৰদিঘী আসনত জয়লাভ কৰিছে । "আমি এনে ধৰণৰ ৰাজনীতিক গৰিহণা দিছোঁ । বিজেপিয়ে ইয়াৰ ভোট কংগ্ৰেছলৈ স্থানান্তৰ কৰিছিল । আনহাতে চিপিআই-এম আৰু কংগ্ৰেছ ইতিমধ্যে একেলগে আছিল (TMC alleged BJP immoral alliance Sagardighi seat) ।

বিজেপি আৰু চিপিআই-এমে তেওঁলোকক সহায় কৰি আছে বুলি ৰাজহুৱাভাৱে স্বীকাৰ কৰাৰ বাবে মই কংগ্ৰেছ নেতা অধীৰ চৌধুৰীক ধন্যবাদ জনাইছোঁ । কংগ্ৰেছ আৰু চিপিআই-এমে কেনেকৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব পাৰে আৰু নিজকে বিজেপিবিৰোধী দল বুলি দাবী কৰিব পাৰে ? মই টিএমচিৰ পৰাজয়ৰ বাবে সাম্প্ৰদায়িক কাৰ্ড আৰু ঘৃণাৰ ৰাজনীতিক দোষাৰোপ কৰিম । বিজেপিয়ে সদায় সাম্প্ৰদায়িক কাৰ্ড খেলে, কিন্তু এইবাৰ কংগ্ৰেছ আৰু চিপিআই-এম দুয়োটায়ে ইয়াত যোগদান কৰে ।" বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ।

মমতাই লগতে কয় যে সাগৰদিঘী উপ-নিৰ্বাচনৰ ফলাফলে বিজেপিবিৰোধী লোকসকলক কংগ্ৰেছ আৰু চিপিআই-এমক বিশ্বাস নকৰিবলৈ সতৰ্ক কৰি দিছে, যিহেতু তেওঁলোকে একেলগে যুঁজ দিছিল । ইফালে বংগৰ মুখ্যমন্ত্ৰীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত (Chief Election Commissioner of India) আৰু নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে স্বতন্ত্ৰ বাছনি প্ৰণালী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক প্ৰশংসা কৰে । তেওঁ কয় যে এইটো 'এটা সাহসী ৰায়' আৰু দেশখনক 'প্ৰতিহিংসাৰ ৰাজনীতি থকা কেইজনমান ৰাজনীতিবিদৰ' কবলৰ পৰা ৰক্ষা কৰাৰ বাবে যথেষ্ট প্ৰয়োজন, যিসকলে দেশখন 'সংস্থাৰ জৰিয়তে' চলাবলৈ চেষ্টা কৰি আছে । "কোনোবাইতো মেকুৰীৰ ডিঙিত ঘণ্টা আঁৰিব লাগিব । এইটো মানুহৰ নৈতিক বিজয় । টিএমচিয়ে দীৰ্ঘদিন ধৰি ইয়াৰ বাবে অনুৰোধ কৰি আহিছে ।" মমতাই কয় ।

ইয়াৰ উপৰি তেওঁ অভিযোগ কৰে যে চিবিআই (CBI) আৰু ইডিয়ে (Enforcement Directorate) কেৱল টিএমচি নেতাসকলৰ ঘৰত অভিযান চলাইছিল । আনহাতে, কংগ্ৰেছ আৰু চিপিআই-এম নেতাসকলক ইয়াৰ পৰা ৰক্ষা কৰা হৈছিল । "৩৪ বছৰীয়া বাঁওমৰ্চাৰ শাসনকালত বহুতো কুখ্যাত ঘটনা সংঘটিত হৈছিল, কিন্তু কোনো ব্যক্তিক কেতিয়াও প্ৰশ্ন কৰা হোৱা নাই । পঞ্চায়ত নিৰ্বাচনলৈকে এনে ধৰণৰ প্ৰশ্ন আৰু গ্ৰেপ্তাৰ অব্যাহত থাকিব ।" তেওঁ কয় । বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইটোও স্পষ্ট কৰি দিছে যে টিএমচিয়ে আগন্তুক সকলো নিৰ্বাচন অকলে যুঁজিব আৰু কেতিয়াও কোনো দলৰ সৈতে মিত্ৰতা নকৰে । "টিএমচিয়ে কেৱল জনসাধাৰণৰ সৈতে মিত্ৰতা কৰিব ।" তেওঁ কয় ।

লগতে পঢ়ক :Manik Saha wins from Town Bardowali : পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি মাণিক সাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.