ETV Bharat / bharat

লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

author img

By ANI

Published : Dec 27, 2023, 2:32 PM IST

Updated : Dec 27, 2023, 5:08 PM IST

অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছ নেতাসকলৰ সৈতে কংগ্ৰেছৰ দলৰ শীৰ্ষ নেতাৰে আজিৰ বিশেষ বৈঠক ৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে( Mallikarjun Kharge), ৰাহুল গান্ধী(Rahul Gandhi), দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালসহ কেইবাজনো কংগ্ৰেছৰ নেতা বৈঠকখন উপস্থিত আছিল ৷ বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰা হৈছিল বুলি জানিব পৰা গৈছে (Lok Sabha Election 2024 )৷

mallikarjun kharge rahul gandhi hold meets with andhra congress leaders
লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত কংগ্ৰেছৰ মুখ্যকাৰ্যালত গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক, 27 ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচন ৷ সেয়ে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ শেহতীয়াকৈ পাঁচ ৰাজ্যৰ ভিতৰত চাৰি ৰাজ্যতে কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ নেতৃত্ব অধিক সক্ৰিয় হৈ পৰিছে ৷ কেইদিনমানৰ পূৰ্বে কংগ্ৰেছৰ চি ডব্লিউ চি বৈঠকৰ পাচত আজি পুনৰ এক গুৰুতপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷

অন্ধ্ৰপ্ৰদেশ প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ সৈতে কংগ্ৰেছৰ দলৰ শীৰ্ষ নেতাৰে আজিৰ বিশেষ বৈঠক অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে ৷ উক্ত বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালসহ কেইবাজনো কংগ্ৰেছৰ নেতা বৈঠখনত উপস্থিত আছিল ৷ উক্ত বৈঠকতে আগন্তুক লোকসভা নিৰ্বাচনত অন্ধ্ৰপ্ৰদেশত কি দৰে নিৰ্বাচনী প্ৰচাৰ চলাব বা কি কি বিষয় লৈ ৰাইজৰ মাজলৈ কংগ্ৰেছ দল যাব সেই সম্পৰ্কে বৈঠকত আলোচনা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে, ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰিবলৈ বিহাৰ আৰু পঞ্জাৱৰ কংগ্ৰেছৰ নেতাসকলৰ সৈতে এখন বৈঠক মঙলবাৰে অনুষ্ঠিত হৈছিল ৷ উক্ত বৈঠকত সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী উপস্থিত আছিল ৷ উক্ত বৈঠকত উপস্থিত আছিল বিহাৰ কংগ্ৰেছৰ মুৰব্বী অখিলেশ প্ৰসাদ সিং আৰু নৱনিযুক্ত ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া মোহন প্ৰকাশৰ লগতে ৰণজিৎ ৰঞ্জন আৰু চাকিল আহমেদসহ কেইবাজনো নেতা ৷

বিহাৰ কংগ্ৰেছৰ নেতাসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ পিছত দলৰ মুৰব্বী খাৰ্গে সামাজিক মাধ্যম Xত কয়, ‘‘ দলৰ প্ৰতিজন কৰ্মীয়ে জনসাধাৰণৰ কাষ চাপিবলৈ আৰু ৰাজ্যখনৰ প্ৰগতি, সমৃদ্ধি আৰু শান্তিৰ বাবে বিহাৰৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ কংগ্ৰেছ সাজু ৷’’

লগতে পঢ়ক : এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা

Last Updated : Dec 27, 2023, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.