ETV Bharat / bharat

INDIA bloc PM candidate: কোন হ’ব মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী, শশী থাৰুৰে দিলে ইংগিত

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 11:00 AM IST

লোকসভা নিৰ্বাচনত মিত্ৰজোঁটে ক্ষমতা লাভ কৰিলে দলটোৱে সভাপতি মল্লিকাৰ্জুন খাৰ্গে অথবা AICC ৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য শশী থাৰুৰে । থিৰুৱনন্তপুৰমত এখন উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই সম্ভাৱনা ব্যক্ত কৰে শশী থাৰুৰে ।

INDIA bloc PM candidate
কোন হ’ব মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলবোৰৰ মাজত বৃদ্ধি পাইছে ৰাজনৈতিক কাম-কাজৰ তৎপৰতা ৷ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী প্ৰাৰ্থী নিৰ্বাচনক লৈ দলবোৰৰ মাজত বৃদ্ধি পাইছে জল্পনা-কল্পনাৰ ৷ সোমবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য শশী থাৰুৰে দলটোৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী সন্দৰ্ভত কিছু ইংগিত প্ৰদান কৰে ৷ থাৰুৰে কয় যে 2024 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট দলে ক্ষমতা লাভ কৰিলে দলটোৱে সভাপতি মল্লিকাৰ্জুন খাৰ্গে অথবা AICC ৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।

থাৰুৰে আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটে বিশেষ ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে উক্ত নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA ক পৰাস্ত কৰি I.N.D.I.A. মিত্ৰজোঁটে কেন্দ্ৰত ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে বুলিও জনায় ।

এখন ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰি থাৰুৰে সকলোৱে সময়লৈ অপেক্ষা কৰিব লাগিব বুলি কয় । থিৰুৱনন্তপুৰমৰ টেকন’পাৰ্কত D2C ৰ কাৰ্যালয় উদ্বোধন কৰাৰ পিচত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্যগৰাকীয়ে ।

থাৰুৰে পুনৰ কয়, " মিত্ৰজোঁট কেৱল মাত্ৰ এটা দল নহয় ৷ ফলাফল ওলোৱাৰ পিচত উক্ত দলসমূহৰ নেতাসকলে একত্ৰিত হৈ কাৰোবাক নিৰ্বাচিত কৰিব লাগিব । কিন্তু মোৰ অনুমান এয়াই যে, কংগ্ৰেছ দলৰ পৰা হয় খাৰ্গে অথবা ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত হ’ব ৷ খাৰ্গে প্ৰধানমন্ত্ৰী হিচাপে বাচনিত উঠিলে তেওঁ ভাৰতৰ প্ৰথমগৰাকী দলিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ব ।"

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী থাৰুৰে তেওঁৰ হাতত যি দায়িত্ব ন্যস্ত কৰা হ’ব, সেই দায়িত্ব পালন কৰাৰ ক্ষমতা তেওঁৰ আছে বুলি তেওঁ আত্মবিশ্বাসী বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: Manik Sarkar on BJP govt; সন্ত্ৰাস-বিভাজনবাদী নীতিত শাসন কৰা BJP ক জনতাই বিদায় দিব: মানিক সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.