ETV Bharat / bharat

Mahua Moitra on Mann ki Baat : মন কী বাতক উপহাস টিএমচি সাংসদ মহুৱা মৈত্ৰৰ

author img

By

Published : May 12, 2023, 4:20 PM IST

Updated : May 12, 2023, 6:53 PM IST

প্ৰধানমন্ত্ৰী মোডীৰ ‘মন কী বাত’ক তীব্ৰ সমালোচনা মহুৱা মৈত্ৰৰ (Mahua Moitra mocks Mann ki Baat)। ‘মন কী বাত’ক ‘মাংকী বাত’ আখ্যা । ‘মন কী বাত’ অনুষ্ঠান নুশুনাৰ বাবে শিক্ষাৰ্থীক শাস্তি প্ৰদান কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে এই মন্তব্য সাংসদগৰাকীৰ ।

Mahua Moitra on Mann ki Baat
মন কী বাতক উপহাস টিএমচি সাংসদ মহুৱা মৈত্ৰাৰ

নেশ্যনেল ডেস্ক, ১২ মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰেডিঅ'ৰ অনুষ্ঠান ‘মন কী বাত’ক লৈ এইবাৰ বিতৰ্কিত মন্তব্য পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ । সাংসদগৰাকীয়ে ‘মন কী বাত’ অনুষ্ঠানক 'মাংকী বাত'(বান্দৰৰ কথা) বুলি উপহাস কৰিছে (Mahua Moitra mocks Mann ki Baat)। সাংসদগৰাকীৰ মতে, তেওঁ কেতিয়াও ‘মন কী বাত’ অনুষ্ঠান শুনা নাই । প্ৰায়ে বিজেপিক সমালোচনা কৰি চৰ্চা লাভ কৰা সাংসদগৰাকীৰ এনে মন্তব্যৰ পাচতে পুনৰ এবাৰ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ৰ ১০০ তম খণ্ড দেশজুৰি সম্প্ৰচাৰ হৈছিল (Mann ki Baat 100th episode)। কিন্তু একাংশ শিক্ষাৰ্থীয়ে এই অনুষ্ঠান শুনিবলৈ ইচ্ছা কৰা নাছিল বা শুনা নাছিল । যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে শিক্ষা প্ৰতিষ্ঠানে শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰাৰ অভিযোগ উঠিছে । এই সন্দৰ্ভত প্ৰতিবেদন পোৱাৰ পাছতে তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

  • I haven’t listened to monkey baat either. Not once. Not ever. Am I going to be punished as well? Will l be forbidden from leaving my house for a week?

    Seriously worried now. pic.twitter.com/HaqEQwsWOj

    — Mahua Moitra (@MahuaMoitra) May 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

‘মন কী বাত’ অনুষ্ঠান নুশুনাৰ বাবে এখন নাৰ্চিং প্ৰতিষ্ঠানৰ ৩৬ গৰাকী শিক্ষাৰ্থী শাস্তি প্ৰদান কৰা সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে, তেওঁ ‘মাংকী বাত’ (বান্দৰৰ কথা) আজিলৈ শুনা নাই (Mahua Moitra calls Mann ki Baat as Monkey baat)। এবাৰো আৰু কেতিয়াও শুনা নাই । সেয়ে তেওঁকো শাস্তি দিয়া হ'ব নেকি বুলি সাংসদগৰাকীয়ে প্ৰশ্ন কৰে । শাস্তি হিচাপে তেওঁক এসপ্তাহৰ বাবে ঘৰৰ পৰা ওলাই যাবলৈ অনুমতি দিয়া নহ'ব নেকি আৰু এয়া সঁচাকৈয়ে চিন্তাজনক খবৰ বুলি তেওঁ উল্লেখ কৰে ।

প্ৰতিবেদনখনত দাবী কৰা হৈছে যে, ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ৰ ১০০ তম খণ্ড সম্প্ৰচাৰ হোৱাৰ সময়ত চণ্ডিগড়ৰ পিজিআইএমইআৰৰ ৰাষ্ট্ৰীয় নাৰ্চিং শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে কাৰ্যসূচীটো শুনিব বুলি আশা কৰা হৈছিল । কৰ্তৃপক্ষই এক জাননীত কৈছিল যে, ‘মন কী বাত’ ৩০ এপ্ৰিলত থিয়েটাৰ-১ ত প্ৰচাৰিত হ'ব । তেওঁলোকে লগতে কৈছিল যে প্ৰথম আৰু তৃতীয় বৰ্ষৰ নাৰ্চিং শিক্ষাৰ্থীসকলৰ বাবে ১০০ তম খণ্ডটো শুনাটো বাধ্যতামূলক ।

কিন্তু নিৰ্দেশনা উপেক্ষা কৰি কেন্দ্ৰীয় চৰকাৰৰ নাৰ্চিং ইনষ্টিটিউটৰ ৩৬ গৰাকী শিক্ষাৰ্থীয়ে ‘মান কী বাত’ৰ ১০০ তম খণ্ড শুনিবলৈ সংশ্লিষ্ট স্থানলৈ যোৱা নাছিল । ৩ মে'ত, কৰ্তৃপক্ষই এক নিৰ্দেশ জাৰি কৰি কয় যে, তৃতীয় বৰ্ষৰ ২৮ গৰাকী শিক্ষাৰ্থী আৰু প্ৰথম বৰ্ষৰ ৮ গৰাকী শিক্ষাৰ্থীয়ে এসপ্তাহৰ বাবে হোষ্টেলৰ বাহিৰ লৈ ওলাব নোৱাৰিব । ঘটনাটো বৃহস্পতিবাৰেহে পোহৰলৈ আহিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ৰ ১০০ তম খণ্ডটো নুশুনা নাৰ্চিং শিক্ষাৰ্থীসকলক হোষ্টেলৰ বাহিৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি পিজিআইএমইআৰ কৰ্তৃপক্ষই বিবৃতিত উল্লেখ কৰে । এই খবৰ পোহৰলৈ অহাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :CBSE results 2023 : CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা, শীৰ্ষ স্থানত কেৰালা

Last Updated : May 12, 2023, 6:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.