ETV Bharat / bharat

মহাৰাষ্ট্ৰ কংগ্ৰেছত জোকাৰণি, প্ৰাক্তন সাংসদ মিলিন্দ দেওৰাৰ দল ত্যাগ

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 3:21 PM IST

Milind Deora quits Congress
প্ৰাক্তন সাংসদ মিলিন্দ দেওৰাৰ কংগ্ৰেছ দল ত্যাগ

কংগ্ৰেছৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ দিনাই দলত জোকাৰণিৰ সৃষ্টি হৈছে । মহাৰাষ্ট্ৰৰ প্ৰাক্তন সাংসদ মিলিন্দ দেওৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰে (Milind Deora quits Congress)। একনাথ সিন্দেৰ শিৱসেনাৰ গোটত যোগদান কৰিবলৈ সাজু নেতাগৰাকী ।

নেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ কংগ্ৰেছত মোক্ষম আঘাত । লোকসভাৰ প্ৰাক্তন সাংসদ মিলিন্দ দেওৰাই দেওবাৰে দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে । সূত্ৰৰ মতে তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিৱসেনাৰ গোটত যোগদান কৰিবলৈ সাজু হৈছে ।

পেড্ডাৰ ৰোডত থকা তেওঁৰ ৰামলয়ম বাসভৱনত সাংবাদিকৰ সৈতে বাৰ্তালাপত দেওৰাই কয় যে তেওঁ উন্নয়নৰ পথত খোজ কাঢ়িবলৈ গৈ আছে । প্ৰভাদেৱীৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ সময়তে তেওঁ এই মন্তব্য কৰে । ঘটনাক্ৰমে, একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাৰ এগৰাকী বিধায়কো তেওঁৰ সৈতে মন্দিৰত উপস্থিত আছিল । তেওঁ মন্দিৰ ন্যাসৰ মুৰব্বীও ।

দেওৰাই মুখ্যমন্ত্ৰীক চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি শিৱসেনাত যোগদান কৰাৰ সম্ভাৱনা আছে । ইফালে দেওৰাই এক্সৰ এটা পোষ্টত তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সমাপ্তিৰ কথা উল্লেখ কৰিছে । তেওঁ লগতে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰাৰ কথাও উল্লেখ কৰে । ইয়াৰ লগে লগে দলটোৰ সৈতে তেওঁৰ পৰিয়ালৰ ৫৫ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটিছে বুলি নেতাগৰাকীয়ে উল্লেখ কৰিছে । এই যাত্ৰাত নেতাগৰাকীয়ে তেওঁৰ সহকৰ্মী আৰু কৰ্মকৰ্তাৰ সমৰ্থনৰ বাবেও কৃতজ্ঞতা জ্ঞাপন কৰে । কংগ্ৰেছৰ শক্তিশালী নেতা মুৰলী দেওৰাৰ পুত্ৰ মিলিন্দে ২০০৪ আৰু ২০০৯ চনত মুম্বাই দক্ষিণৰ পৰা জয়ী হৈছিল ।

ইফালে ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে । যিটো যাত্ৰা মুম্বাইত সমাপ্ত হোৱাৰ কথা আছে । যাত্ৰাৰ আৰম্ভণিৰ দিনটোতে দলৰ গুৰুত্বপূৰ্ণ নেতাৰ পদত্যাগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :ঝাৰখণ্ডৰ অবৈধ খনন গোচৰ, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণক ইডিৰ অষ্টমখন চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.