ETV Bharat / bharat

Lok Sabha Election 2024 : যিকোনো সময়তে অনুষ্ঠিত হ'ব পাৰে লোকসভা নিৰ্বাচন; বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 5:56 PM IST

Lok Sabha Election 2024
Lok Sabha Election 2024

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত এক ডাঙৰ মন্তব্য আগবঢ়াইছে । তেওঁ চলিত বছৰৰ শেষৰ ফালে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে । তেওঁৰ এই মন্তব্যৰ পিছৰ পৰাই এতিয়া দেশৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে ।

নিউজ ডেস্ক, ২৯ আগষ্ট : দেশৰ ৰাজনীতিত এতিয়া কেৱল আগন্তুক লোকসভা নিৰ্বাচনক লৈ চৰ্চা । ইয়াৰ মাজতে শাসক-বিৰোধী উভয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । আনহাতে, শেহতীয়াভাৱে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই নিজৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিবলৈ উঠি-পৰি লাগিছে । কিন্তু তাৰ মাজতে আন এটা বিষয়েও চৰ্চা লাভ কৰিছে, নিৰ্ধাৰিত সময়তকৈ আগতেই অনুষ্ঠিত হ'ব নেকি লোকসভা নিৰ্বাচন । ইতিমধ্যে সোমবাৰে এই সম্ভাৱনা ব্যক্ত কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

এইবাৰ বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহক একত্ৰিত কৰাৰ বাবে প্ৰচাৰ চলাই থকা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ক্ষেত্ৰত আন এক দাবী কৰিছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৈছে যে দেশত যিকোনো সময়তে নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে । উল্লেখ্য যে সোমবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও দাবী কৰিছিল যে বিজেপিয়ে এই বছৰৰ ডিচেম্বৰতে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে ।

বিহাৰৰ নালন্দা জিলাত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে এইটো প্ৰয়োজনীয় নহয় যে সাধাৰণ নিৰ্বাচন সময়মতে অনুষ্ঠিত হ'ব লাগিব । তেওঁলোকে (কেন্দ্ৰ) আগতীয়াকৈও নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে । "আমি বিগত কেইবা মাহ ধৰি এইটো কৈ আহিছোঁ যে কেন্দ্ৰই আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে ।" নীতিশ কুমাৰে কয় ।

উল্লেখ্য যে ইয়াকে লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আগতীয়া সাধাৰণ নিৰ্বাচনৰ সম্ভাৱনা প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বে চলিত বছৰৰ জুন মাহত নীতিশ কুমাৰে তেওঁৰ বিষয়াসকলক এক বৈঠকত শীঘ্ৰে আঁচনিসমূহ সম্পূৰ্ণ কৰিবলৈ কৈছিল । লগতে পৰিকল্পনাবোৰৰ বিষয়ে সম্পূৰ্ণ তথ্য ৰাখিবলৈও নিৰ্দেশ দিছিল, যাতে সঠিক বাৰ্তা জনসাধাৰণলৈ যায় । তেওঁ কৈছিল যে লোকসভা নিৰ্বাচন সময়তকৈ আগতে অনুষ্ঠিত কৰিব পাৰে, সেয়েহে সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিব লাগিব ।

আনহাতে, সোমবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দলটোৰ ছাত্ৰ শাখাৰ এক ৰেলী সম্বোধন কৰি দাবী কৰিছিল যে বিজেপিয়ে এই বছৰৰ ডিচেম্বৰত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে । তেওঁ ইয়াৰ কাৰণো ব্যাখ্যা কৰিছিল । মমতা বেনাৰ্জীয়ে কৈছিল যে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰয়োজনীয় সকলো হেলিকপ্টাৰ ইতিমধ্যে বুক কৰিছে ।

লগতে পঢ়ক :Nitish Kumar PM bid : নীতিশ কুমাৰৰ 'না'ৰ মাজতো 'হা' লুকাই আছে; বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন মাঝি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.