ETV Bharat / bharat

Lightning Strikes In Bihar : বিহাৰত বজ্ৰপাতৰ ফলত 24 জন লোকৰ মৃত্যু

author img

By

Published : Jul 15, 2023, 1:58 PM IST

Lightning Strikes In Bihar
বজ্ৰপাতৰ ফলত 24 জন লোকৰ মৃত্যু

বিহাৰত বজ্ৰপাতৰ ফলত 24 জন লোকৰ মৃত্যু । কেইবাজনো আহত ৷ বতৰ বিজ্ঞান বিভাগে শনিবাৰে বহু জিলাত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট ।

নেশ্যনেল ডেস্ক, 15 জুলাই : বিহাৰৰ বিভিন্ন জিলাত বজ্ৰপাতৰ ফলত 24 জন লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত ছাছাৰামত 5 জন আৰু আৰৱালত 4 জন লোকৰ মৃত্যু হৈছে । অৱশ্যে প্ৰশাসনে মাত্ৰ 9 জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে । একে সময়তে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মৃতকৰ আত্মীয়লৈ 4 লাখ টকাৰ অনুদান দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । ইফালে বতৰ বিজ্ঞান বিভাগে শনিবাৰে বিহাৰৰ 26 খন জিলাত বৰষুণ আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে ।

বজ্ৰপাতৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলাসমূহৰ ভিতৰত আছে পাটনা, ৰোহতাছ, আৰৱাল, মুজাফ্ফৰপুৰ, নালন্দা, ঔৰংগাবাদ আৰু বৈশালীকে ধৰি অন্যান্য জিলাসমূহ । য’ত ৰোহতাছত 5 জন, আৰৱালত 4 জন, ছাপৰাত 3 জন, ঔৰংগাবাদ আৰু পূৱ চম্পাৰণত 2 জন, কাইমুৰ, সীতামৰ্হী, মুজাফ্ফৰপুৰ, পাটনা, বৈশালী নালন্দা, আৰিয়া, কিষাণগঞ্জ, বাংকা আৰু ছিৱানত এজনকৈ লোকৰ মৃত্যু হৈছে । এইসকল লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বতাহ-বৰষুণৰ সময়ত অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ ওলাই নাযাবলৈ সকলোকে আহ্বান জনাইছে ।

একে সময়তে বতৰ বিজ্ঞান বিভাগে শনিবাৰে ৰাজ্যৰ 26 খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । আগন্তুক 24 ঘণ্টাৰ ভিতৰত পাটনাকে ধৰি আন জিলাসমূহতো সাহাৰছা, খগড়িয়া, মধেপুৰা, মধুবনী, পশ্চিম চম্পাৰাণ, ভাগলপুৰ, পূৰ্ণিয়া, কিষানগঞ্জ, আৰিয়াৰিয়াকে ধৰি অন্যান্য জিলাত ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰিছে ।

বতৰ বিজ্ঞান বিভাগে ৰাইজক বৰষুণৰ সময়ত কাকো গছৰ তলত আশ্ৰয় নল’বলৈ সকীয়নি প্ৰদান কৰিছে । গছৰ তলত বজ্ৰপাত হোৱাৰ আশংকা সৰ্বাধিক । বতৰ ভাল নোহোৱা পৰ্যন্ত মুকলি ঠাইলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ সৰ্বসাধাৰণলৈ আহ্বান ৰাজ্যখনৰ বতৰ বিজ্ঞান বিভাগৰ । পকী গৃহত আশ্ৰয় ল’বলৈ আহ্বান জনোৱাৰ লগতে ধুমুহাৰ সময়ত গছ-গছনিৰ তলত আশ্ৰয় নল’বলৈ সৰ্তকতা বাণী জাৰি কৰে ৷

লগতে পঢ়ক : Laharighat electrical sub-division : ৰাইজলৈ বিদ্যুৎ মিটাৰ জ্বলাই দিয়াৰ আহ্বান শক্তি বিভাগৰ কৰ্মচাৰীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.