ETV Bharat / bharat

lichipriya urged PM : আত্মহননৰ হুংকাৰ 11 বছৰীয়া লিচিপ্ৰিয়াৰ, X যোগে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে ভিডিঅ’ বাৰ্তা

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 2:27 PM IST

lichipriya urged PM modi
প্ৰধানমন্ত্ৰীলৈ লিচিপ্ৰিয়াৰ X যোগে আহ্বান

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত গুৰুত্ব দিবলৈ আবেগিকভাৱে পুনৰ প্ৰধানমন্ত্ৰীলৈ X যোগে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিলে 11 বছৰীয়া পৰিৱেশ কৰ্মী লিচিপ্ৰিয়া কাংগুজামে ৷ কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা 11 বছৰীয়া পৰিৱেশ কৰ্মীগৰাকীৰ ৷

তেজপুৰ, 27 ছেপ্টেম্বৰ: বৰ্তমানেও শান্ত হোৱা নাই উঃপূঃ ৰাজ্য মণিপুৰৰ পৰিস্থিতি ৷ অৱশ্যে বিষয়টো সন্দৰ্ভত একপ্ৰকাৰ নিৰিবিকাৰ ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যখনৰ এগৰাকী 11 বছৰীয়া পৰিৱেশ কৰ্মী লিচিপ্ৰিয়া কাংগুজামে ৷

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত গুৰুত্ব দিবলৈ আবেগিকভাৱে পুনৰ প্ৰধানমন্ত্ৰীলৈ X যোগে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিলে 11 বছৰীয়া পৰিৱেশ কৰ্মীগৰাকীয়ে ৷ লিচিপ্ৰিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক X মণিপুৰৰ বিষয়ে চিন্তা কৰিবলৈ আহ্বান জনায় । বুধবাৰে 11 বছৰীয়া পৰিৱেশ কৰ্মীগৰাকীয়ে X ত উল্লেখ কৰিছে, "আপোনালৈ এয়া মোৰ জৰুৰী বাৰ্তা । আপুনি মণিপুৰক লৈ যি ব্যৱহাৰ কৰে সেয়া মণিপুৰৰ প্ৰাপ্য নহয় । আপোনাৰ মৌনতা এই পৰিস্থিতিৰ সমাধান নহয় । আমি শান্তিৰ বাবে আৰু অধিক জীৱন বলিদান দিবলৈ সাজু । আপোনাৰ ব্যৰ্থতাৰ বাবে সন্তানৰ প্ৰাণ আহুতি দিয়াটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় । আমি মণিপুৰৰ বাবে ন্যায় বিচাৰো । লিন্থোগাম্বি আৰু হেমনজিতৰ বাবে আমি ন্যায় দাবী কৰিছো ।"

  • Dear Mr. @narendramodi ji,
    This is my urgent message to you. Manipur doesn't deserve the way you treat. Your silence is not the solution. We're ready to sacrifice more lives for Peace.

    Sacrificing the lives of the children for the failures of you is unacceptable at any cost.… pic.twitter.com/MmIT97fvP4

    — Licypriya Kangujam (@LicypriyaK) September 27, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ কৰা প্ৰয়োজন যে, মণিপুৰত হাজাৰ হাজাৰ বিদ্যালয় ধ্বংসস্তুপত পৰিণত হৈছে ,আজিও লাখৰো অধিক আশ্ৰয় শিবিৰত দিন কটাইছে, জীৱন দুৰ্ভিক্ষ হৈ পৰা পৰিলক্ষিত হৈছে । ইয়াৰ পূৰ্বেও লিচিপ্ৰিয়া কাংগুজামে যোৱা 30 জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ X যোগে লিখিছিল, "প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি আপোনাৰ মন কী বাত শুনিবলৈ বিচৰা নাই ৷ আপুনি মণিপুৰৰ লোকৰ মন কী বাত কওক, শুনক । মণিপুৰত হিংসাত্মক পৰিস্থিতি অব্যাহত থকাৰ সময়ত আপুনি মণিপুৰৰ কথা এবাৰো নাভাবিলে ।"

লিচিপ্ৰিয়াই একে মাহৰ 2 জুলাইৰ দিনা প্ৰথমবাৰ আৰু 30 জুলাইত দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী লৈ টুইটাৰযোগে মণিপুৰৰ পৰিস্থিতি উল্লেখ কৰি টুইট কৰে । ইয়াৰ পূৰ্বে 26 ছেপ্টেম্বৰৰ দিনা লিচিপ্ৰিয়াই লিন্থোগাম্বি আৰু হেমনজিত নামৰ দুটি শিশুৰ হত্যাকাৰীৰ ক্ষেত্ৰত চূড়ান্ত পদক্ষেপ গ্ৰহণ নকৰিলে নতুন সংসদ ভৱনৰ সন্মুখত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলিও সকীয়াই দিয়ে ৷

11 বছৰীয়া প্ৰকৃতি কৰ্মীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী "বেটি বচাও বেটি পঢ়াও" আৰু "মহিলা সৱলীকৰণ" কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, মঙলবাৰে বৈদেশিক সম্পৰ্ক পৰিষদত বিদেশ মন্ত্ৰী এছ জয়শংকৰে গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰৰ পৰিস্থিতি শান্ত বুলি প্ৰকাশ কৰা মন্তব্যই যথেষ্ট ইংগিত বহন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Manipur Violence : মণিপুৰত পুনৰ বন্ধ ইণ্টাৰনেট সেৱা; আজি ইম্ফললৈ চিবিআইৰ সঞ্চালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.