ETV Bharat / bharat

কাশ্মীৰত গ্ৰেপ্তাৰ লস্কৰ-ই-তৈবাৰ তিনি সন্ত্ৰাসবাদী

author img

By

Published : Apr 12, 2022, 4:00 PM IST

LeT militant arrested in Kashmir
কাশ্মীৰত গ্ৰেপ্তাৰ ৩ সন্ত্ৰাসবাদী

সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ মাজতে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ সোপোৰে অঞ্চলত গ্ৰেপ্তাৰ লস্কৰ-ই-তৈবাৰ (LeT) তিনি সন্ত্ৰাসবাদী (3 LeT militants arrested in Kashmir)। তিনিওটা সন্ত্ৰাসবাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ, নগদ ধন আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ ।

নেশ্যনেল ডেস্ক,১২ এপ্ৰিল : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে (Operation against militants in Jammu and Kashmir)। শেহতীয়াকৈ কেইবাটাও স্থানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ দেখিবলৈ পোৱা গৈছে (Encounter against militants)। এইবাৰ বাৰামুলা জিলাৰ সোপোৰে অঞ্চলত জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত লস্কৰ-ই-তৈবা (LeT) সন্ত্ৰাসবাদী সংগঠনৰ তিনি সদস্য (3 LeT militants arrested in Kashmir)।

সোমবাৰে বিষয়াসকলে জানিবলৈ দিয়া মতে সন্ত্ৰাসবাদীৰ চলাচল সম্পৰ্কীয় এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে, সেনাৰ ২২ আৰ আৰ আৰু চিআৰপিএফৰ সহযোগত সুনৱানী দলং, ৱাদুৰা বালাৰ ওচৰত এটা বিশেষ চেকপইণ্ট স্থাপন কৰিছিল । চেকপইণ্টত তালাচীৰ সময়তে ৱাদুৰা বালাৰ পৰা চুনৱানী দলঙৰ ফালে গৈ থকা তিনিজন লোকক দলটোৱে বাধা দিছিল । কিন্তু নিৰাপত্তা বাহিনী দেখি ঘটনাস্থলীৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল লোক কেইজনে । কিন্তু কৌশলেৰে তেওঁলোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।

তেওঁলোকক ব্ৰাথকালানৰ বাসিন্দা তুফাইল মজিদ মীৰ, ওৱাইছ আহমেদ মীৰ আৰু ৱাৰপোৰাৰ বাসিন্দা ছাবিৰ আহমেদ ৱাগে বুলি চিনাক্ত কৰা হৈছে । পৰৱৰ্তী অনুসন্ধানত তেওঁলোক তিনিওজন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত বুলি আৰক্ষীয়ে জানিব পাৰে ।

তিনিওটা সন্ত্ৰাসবাদীৰ পৰা তিনিটা পিষ্টল, তিনিটা মেগজিন, ২২ ৰাউণ্ড গুলী, এটা গ্ৰেনেড আৰু নগদ ৭৯,৮০০ টকাসহ আৰক্ষীয়ে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

আনহাতে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে এখন বাহনৰ পৰা জব্দ কৰে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ । সোমবাৰে নিশা দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত আৰক্ষীৰ এটা দলে মেহমোদাবাদ দুৰুৰ ওচৰত নিশা টহল দি আছিল যেতিয়া বিপৰীত দিশৰ পৰা অহা এখন বাহন আৰক্ষী দলক দেখি ৰৈছিল । পাছত আৰক্ষীৰ সন্দেহ হোৱাত শূন্যলৈ গুলীচালনা কৰে । অৱশ্যে, বাহনখনৰ চালকে আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

বাহনখন পৰীক্ষা কৰাৰ পাছত আৰক্ষীয়ে অস্ত্ৰ আৰু গোলাবাৰুদ থকা এটা ৰঙা ৰঙৰ মোনা উদ্ধাৰ কৰে (Jammu and Kashmir police recovered arms and ammunition)। য'ত এটা AK-৫৬, চৰ্ট বেৰেল, দুটা মেগজিন, ২ টা পিষ্টল, ছয়টা হেণ্ড গ্ৰেনেড, ৪৪ ৰাউণ্ড AK-৪৭ ৰ গুলী, ৫৮ ৰাউণ্ড ৯ এম এমৰ গুলী উদ্ধাৰ কৰে । এই সন্দৰ্ভত অনন্তনাগৰ দুৰুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে অভিযুক্তজনক আটক কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Encounter at Anantnag : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.