ETV Bharat / bharat

Opposition Unity: নিৰ্বাচন একেবাৰে কাষত, বৃদ্ধি কৰিব লাগিব তৎপৰতা; লালু প্ৰসাদ যাদৱ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:52 PM IST

Opposition Unity
Opposition Unity

লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পূৰ্বে অনুষ্ঠিত হ'ব নেকি ? বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ শেহতীয়া বক্তব্যৰ পিছত, এই সন্দৰ্ভত জল্পনা-কল্পনা তীব্ৰতৰ হৈছে । ইফালে, আৰজেডিৰ সভাপতি লালু যাদৱেও এই সন্দৰ্ভত এক ডাঙৰ বিবৃতি দিছে । তেওঁ কয়, ‘‘নিৰ্বাচন আহি আছে ৷’’

নেশ্যনেল ডেস্ক, 30 আগষ্ট: ৰাষ্ট্ৰীয় বিৰোধী দলসমূহৰ নেতাসকলে I.N.D.I.A এলায়েন্সৰ তৃতীয় বৈঠকৰ বাবে মুম্বাইত একত্ৰিত হৈছে । বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আৰজেডিৰ সভাপতি লালু প্ৰসাদ যাদৱে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ সৈতে এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যেই মঙলবাৰে মুম্বাইত উপস্থিত হৈছে । আজি তেওঁ বিভিন্ন দলৰ নেতাসকলক সাক্ষাৎ কৰি মিত্ৰজোঁটৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰে । ইফালে, সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ লোকসভা নিৰ্বাচন, 2024 সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

সাংবাদিকে তেওঁক মুম্বাইত I.N.D.I.A মিত্ৰজোঁটৰ বৈঠকৰ কাৰ্যসূচী কি হ’ব বুলি কৰা প্ৰশ্ন উত্তৰত কয়, ‘‘অধিক প্ৰস্তুতি কৰা উচিত, কিয়নো নিৰ্বাচন ওচৰ চাপি আহিছে, এই সন্দৰ্ভত আলোচনা হ’ব ৷’’ আৰজেডিৰ সভাপতিগৰাকীৰ এই মন্তব্য এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে কিয়নো দুদিন পূৰ্বে নীতিশ কুমাৰে অনাগত নিৰ্বাচনৰ বাবে আশংকা প্ৰকাশ কৰিছিল ৷

বিহাৰৰ নালন্দাত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি নীতিশে কৈছিল, ‘‘সাধাৰণ নিৰ্বাচন সময়মতে অনুষ্ঠিত হোৱাটো প্ৰয়োজনীয় নহয় । কেন্দ্ৰই আগতেও নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে ৷’’

লালু প্ৰসাদ যাদৱে I.N.D.I.A মিত্ৰজোঁটৰ আহ্বায়ক সন্দৰ্ভত কয় যে কাইলৈ মিত্ৰজোঁটৰ বৈঠক আৰম্ভ হ'লেহে নাম প্ৰকাশ কৰা হ'ব । BSP মুৰব্বী মায়াৱতীৰ সন্দৰ্ভত তেওঁ কয় যে আমি তেওঁক নিমন্ত্ৰণ কৰা নাই ৷ ইফালে বুধবাৰে ৰাতিপুৱা লালু প্ৰসাদ যাদৱে তেওঁৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে ।

উল্লেখ্য যে I.N.D.I.A এলায়েন্সৰ তৃতীয় বৈঠক 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ'ব । প্ৰথমখন বৈঠক পাটনাত আৰু দ্বিতীয়খন বেংগালুৰুত অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক: INDIA Alliance Mumbai Meet : ইণ্ডিয়া মিত্ৰজোঁটৰ মুম্বাই বৈঠক; এখন পতাকা, এটা প্ৰতীকৰ ওপৰত কৰিব আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.