ETV Bharat / bharat

Fodder Scam Case:ডোৰাণ্ডা গোচৰত জামিন লাভ লালুৰ

author img

By

Published : Apr 22, 2022, 2:03 PM IST

ডোৰাণ্ডা গোচৰত জামিন লাভ কৰে লালু প্ৰসাদ যাদৱে (Lalu Prasad Yadav granted bail in Doranda case)। আদালতে ১০ লাখ টকাৰ ব্যক্তিগত বণ্ডত লালুৰ জামিন মঞ্জুৰ কৰে । অসুস্থতা, বয়স আৰু কাৰাগাৰৰ আধা শাস্তিৰ ভিত্তিত, লালুলৈ এয়া এক ডাঙৰ সকাহ ।

lalu prasad bail plea in jharkhand high court
Fodder Scam Case:দোৰাণ্ডা গোচৰত লালুৰ জামিন লাভ

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল: বহুকোটি টকাৰ পশুখাদ্য কেলেংকাৰীৰ গোচৰত কাৰাবন্দী হৈ থকা লালু প্ৰসাদৰ দিন ভাললৈ আহিছে । শুকুৰবাৰে ঝাৰখণ্ড উচ্চ ন্য়ায়ালয়ে এই গোচৰটোৰ সন্দৰ্ভত শুনানী গ্ৰহণ কৰে(Bail plea of RJD president Lalu Prasad) । আদালতে ১০ লাখ টকাৰ ব্যক্তিগত বণ্ডত লালুৰ জামিন মঞ্জুৰ কৰে ।

লালু প্ৰসাদৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অপাৰেশ কুমাৰ সিঙৰ আদালতত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল । আৱেদনকাৰীৰ হৈ দাখিল কৰা আবেদনখনত লালু প্ৰসাদৰ অসুস্থতা, বয়স আৰু কাৰাগাৰত তেওঁৰ আধা শাস্তিৰ কথা উল্লেখ কৰি জামিন বিচাৰিছিল । ৰাঁচী উচ্চ ন্যায়ালয়ে CBIৰ যুক্তি নাকচ কৰিছিল আৰু শুনানিৰ পিছত ব্যক্তিগত বণ্ডত জামিন মঞ্জুৰ কৰিছিল ।

আদালতে ডোৰাণ্ডা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা প্ৰৱঞ্চনাৰে লুট কৰাৰ গোচৰটোৰ সন্দৰ্ভত RJD মুৰব্বী লালু প্ৰসাদৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে(Fraudulent withdrawal case of Rs 139.35 crore from the Doranda treasury) । ১৯৯০-৯৫ৰ ভিতৰত, ডোৰাণ্ডা কোষাগাৰৰ পৰা ১৩৯ কোটি টকা অবৈধভাৱে উলিওৱা হৈছিল ।

প্ৰায় ২৭ বছৰৰ পিছত, আদালতে এই বছৰৰ ফেব্ৰুৱাৰীত কেলেংকাৰীটোৰ ওপৰত ৰায় দিছিল । য'ত লালু যাদৱ দোষী সাব্যস্ত হৈছিল। এই ক্ষেত্ৰত, লালু যাদৱক পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছিল ।

উল্লেখ্য যে পূৰ্বৰ শুনানিত, ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে আৱেদনখনৰ এটা ত্ৰুটি আঁতৰাবলৈ নিৰ্দেশ দিছিল । ইয়াৰ লগতে, CBIকো উত্তৰ দাখিল কৰিবলৈ কোৱা হৈছিল । ইয়াৰ পূৰ্বে ১ এপ্ৰিলত উচ্চ ন্যায়ালয়ে ন্যায়াধীশৰ উপলব্ধতা নোহোৱাৰ বাবে লালুৰ জামিন আবেদনৰ শুনানি স্থগিত ৰাখিছিল ।

আজি আদালতৰ শুনানিৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছিল । লালুক ফেব্ৰুৱাৰীত ৰাঁচীৰ CBI আদালতে ৯৫০ কোটি টকাৰ পশুখাদ্য কেলেংকাৰীত দোষী সাব্যস্ত কৰিছিল যাক দেশৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী বুলি কোৱা হৈছিল । তেওঁক ডোৰাণ্ডা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা প্ৰৱঞ্চনাৰে হৰলুকী কৰাৰ গোচৰ দোষী সাব্যস্ত কৰা হৈছিল ।

লগতে পঢ়ক: তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত জিগনেশ মেৱানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.