ETV Bharat / bharat

এইবাৰ লণ্ডনে ল'ব উত্তৰ-পূৱৰ ভোট জলকীয়াৰ সোৱাদ

author img

By

Published : Jul 28, 2021, 9:25 PM IST

Updated : Jul 28, 2021, 10:04 PM IST

King Chilli Raja Mircha from Nagaland exported to London for the first time
এইবাৰ লণ্ডনে ল'ব উত্তৰ-পূৱৰ ভূত জলকীয়াৰ সোৱাদ

প্ৰথমবাৰৰ বাবে লণ্ডনলৈ ভোট জলকীয়া ৰপ্তানিৰ ব্যৱস্থা ৷ এইবাৰ প্ৰথমবাৰৰ বাবে নাগালেণ্ডৰ Raja Mircha হিচাপে খ্যাত ভোট জলকীয়া লণ্ডনলৈ ৰপ্তানি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

নিউজ ডেস্ক, 28 জুলাই : উত্তৰ-পূৱৰ ভৌগোলিক সূচাংক (Geographical Indication, GI) টেগপ্ৰাপ্ত সামগ্ৰীসমূহ ৰপ্তানিৰ বাবে লোৱা পদক্ষেপক এক নতুন মাত্ৰা প্ৰদান কৰি বুধবাৰে প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ পৰা লণ্ডনলৈ বুলি ভোট জলকীয়া ৰপ্তানি কৰা হয় ৷ ৰজা জলকীয়া বা Raja Mircha হিচাপে পৰিচিত নাগালেণ্ডত(Nagaland) উৎপাদিত ভূত জলকীয়াৰ এটা consignment গুৱাহাটী হৈ বিমানযোগে লণ্ডনলৈ ৰপ্তানি কৰা হয় ৷ উল্লেখ্য যে, Scoville Heat Units (SHUs) আধাৰত এই জলকীয়াক বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া হিচাপে গণ্য কৰা হয় ৷

ৰপ্তানি কৰা জলকীয়াসমূহ নাগালেণ্ডৰ পেৰেন জিলাৰ(Peren District) টেনিঙ(Tening)ৰ পৰা সংগ্ৰহ কৰা হৈছে ৷ গুৱাহাটীস্থিত APEDA সহায়ক এটা পেকহাউছত এই জলকীয়াখিনি পেক কৰা কৰা হৈছিল ৷ নাগালেণ্ডৰ এই Raja Mirchi ভোট জলকীয়া বা ভোট জালুক হিচাপেও পৰিচিত ৷ 2008 চনত এই জলকীয়াই ভৌগোলিক সূচাংক (Geographical Indication, GI) প্ৰমাণপত্ৰ লাভ কৰিছিল ৷

লগতে পঢ়ক: ভোট জলকীয়া খাই গীনিজ বুক অৱ ৰেকৰ্ডত স্থান দখলৰ চেষ্টা

নাগালেণ্ড ৰাজ্যিক কৃষি বিপণন ব'ৰ্ডৰ (Nagaland State Agricultural Marketing Board, NSAMB) সহযোগত APEDAএ প্ৰথমে জলকীয়া ৰপ্তানিৰ বাবে আগভাগ লয় ৷ NSAMBৰ সহযোগত APEDAএ 2021 চনৰ জুন আৰু জুলাই মাহত নমুনাসমূহ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ৷ পৰীক্ষাৰ ফলাফল যথেষ্ট আশাব্যঞ্জক আছিল ৷ অৱশ্যে অতি সহজে বিনষ্ট হোৱা প্ৰকৃতিৰ বাবে ভোট জলকীয়া ৰপ্তানিৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বানৰো সৃষ্টি হৈছিল ৷

নাগালেণ্ডৰ Raja Mirchi, genus Capsicumৰ পৰিয়াল Solanaceaeৰ অন্তৰ্ভুক্ত ৷ Naga king chilli ক পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়া হিচাপে গণ্য কৰা হয় ৷ SHU ৰ আধাৰিত বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়াৰ তালিকাতো ই শীৰ্ষ পাঁচ স্থানত আছে ৷ উল্লেখ্য যে, APEDAএ ৰপ্তানি মানচিত্ৰত উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ স্থানপ্ৰাপ্তিৰ বাবে বিভিন্ন প্ৰচাৰমূলক কাৰ্যকলাপ চলাই আহিছে ৷ 2021 বৰ্ষত APEDAই লণ্ডন আৰু জাৰ্মানীলৈ বুলি ত্ৰিপুৰাৰ পৰা কঁঠাল, লণ্ডনলৈ অসমৰ নেমু, আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰঙা চাউল আৰু ডুবাইলৈ লেটেকু ৰপ্তানি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: Ghost Chilly: বহিঃৰাজ্যত কদৰ বাঢ়িছে অসমীয়া ভোট জলকীয়াৰ

Last Updated :Jul 28, 2021, 10:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.