ETV Bharat / bharat

New AICC in-charges: কংগ্ৰেছত ডাঙৰ ৰদ-বদল; কেইবাখনো ৰাজ্যৰ প্ৰভাৰী সলনি

author img

By

Published : Aug 17, 2023, 9:14 PM IST

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে তিনিখন ৰাজ্যত নিজৰ প্ৰভাৰী সলনি কৰিছে ৷ দলৰ ভেঁটি শক্তিশালী কৰাৰ লক্ষ্যৰে এই সাল-সলনি কৰা হৈছে ৷

New AICC in-charges
New AICC in-charges

নেশ্যনেল ডেস্ক, 17 আগষ্ট: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বৃহস্পতিবাৰে 2024 চনৰ লোকসভা নিৰ্বাচন আৰু 2023 চনত হ’ব লগা চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এআইচিচিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা ঘোষণা কৰে ৷ দলৰ নিৰ্দেশ অনুসৰি, মুকুল ৱাছনিকক (Mukul Wasnik) ৰঘু শৰ্মাৰ ঠাইত গুজৰাটৰ এআইচিচিৰ প্ৰভাৰী হিচাপে আৰু ৰণদ্বীপ সুৰজেৱালাক জে পি আগৰৱালৰ ঠাইত নিৰ্বাচনমুখী মধ্য প্ৰদেশৰ প্ৰভাৰী হিচাবে নিযুক্তি দিয়া হৈছে ৷

প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ দায়িত্বত থকা উত্তৰ প্ৰদেশত, অজয় ৰায়ক ব্ৰীজ লাল খাবৰীৰ ঠাইত ৰাজ্যিক গোটৰ মুৰব্বী হিচাবে নিযুক্তি দিয়া হৈছে ৷ ইফালে মধ্যপ্ৰদেশৰ দায়িত্ব প্ৰদান কৰা হৈছে সুৰজেৱালাক ৷ উল্লেখ্য যে কৰ্ণাটক কংগ্ৰেছৰ প্ৰভাৰী সুৰজেৱালা ৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বৃহৎ জয়েৰে চৰকাৰ গঠন কৰাৰ পৰিপ্ৰেক্ষিতত সুৰজেৱালাক অতিৰিক্তভাৱে মধ্যপ্ৰদেশৰ প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

জানিব পৰা মতে, সুৰজেৱালাৰ কাম পোনপটীয়াকৈ তদাৰক কৰিছিল দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ৷ উল্লেখ্য যে এইবাৰ মধ্যপ্ৰদেশক লৈ অধিক আশাবাদী হৈছে কংগ্ৰেছে ৷ মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি কমল নাথৰ নেতৃত্বত কংগ্ৰেছে ভাল ফল দেখুৱাব বুলি আশা কৰা হৈছে ৷

এইদৰেই এতিয়া আগন্তুক নিৰ্বাচনৰ পূৰ্বে দেশজুৰি নিজৰ ভেঁটি শক্তিশালী কৰাত নামি পৰিছে কংগ্ৰেছ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহত গৃহৰাজ্য গুজৰাটত বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফলত অতি শোচনীয় আছিল যদিও এইবাৰ নিজৰ ভেঁটি দৃঢ় কৰাৰ চেষ্টা কৰিছে ৷ পূৰ্বৰ গুজৰাট কংগ্ৰেছৰ সভাপতি জগদীশ ঠাকুৰৰ ঠাইত শক্তি সিং গোহিলক ৰাজ্যিক সভাপতি হিচাবে নিযুক্ত দিয়া হয় ৷

লগতে পঢ়ক: Bhupen Borah: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতো চৰকাৰ গঠনৰ সম্পূৰ্ণ সক্ষমতা-সামৰ্থ আছে কংগ্ৰেছৰ; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.