Kedarnath Yatra: 18 ঘণ্টাৰ অন্তত পুনৰ আৰম্ভ কেদাৰনাথ যাত্ৰা

author img

By

Published : May 25, 2022, 1:01 PM IST

kedarnath-yatra-has-started-again-after-18-hours

যোৱা দুটা দিনত হোৱা ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হৈছিল কেদাৰনাথ যাত্ৰা(Snowfall in Kedarnath) ৷ বুধবাৰৰ পুৱাৰে পৰা পুনৰ মুকলি কৰা হৈছে কেদাৰনাথ যাত্ৰা ৷ অৱশ্যে বৰষুণ আৰু তুষাৰপাত পাছত কেদাৰনাথ ধাম আৰু ইয়াৰ চাৰিওফালৰ এলেকাত হ্ৰাস পাইছে তাপমাত্ৰা । মন্দিৰৰ চাৰিওফালৰ শৃংগবোৰত দেখা গৈছে বৰফৰ বগা আচ্ছাদন(Kedarnath Dham peaks covered with snow ) ।

নেশ্যনেল ডেস্ক, 25 মে’: বুধবাৰৰ পুৱাৰে পৰা ভক্তৰ বাবে পুনৰ মুকলি কৰা হৈছে কেদাৰনাথ ধামলৈ যাত্ৰা ৷ পুৱা 6 বজাত সোনপ্ৰয়াগ আৰু গৌৰীকুণ্ডৰ ষ্টপৰ পৰা প্ৰায় 15 হাজাৰ তীৰ্থযাত্ৰী কেদাৰনাথলৈ ৰাওনা হয় । সোম আৰু মঙলবাৰে ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হোৱাৰ বাবে সোনপ্ৰয়াগত কেদাৰনাথ যাত্ৰা বন্ধ কৰিব লগা হৈছিল(Snowfall in Kedarnath Dham) । ইয়াৰ উপৰিও, ফাটা আৰু গৌৰীকুণ্ডৰ হেলিকপ্টাৰ সেৱাও অস্থায়ীভাৱে স্থগিত ৰাখিব লগা হৈছিল ।

18 ঘণ্টাৰ পিছত পুনৰ আৰম্ভ কেদাৰনাথ যাত্ৰা

বৰষুণ আৰু তুষাৰপাতৰ বাবে কেদাৰনাথ ধাম আৰু ইয়াৰ চৌদিশে হোৱা তুষাৰপাতৰ ফলত তাপমাত্ৰাও বহুখিনি হ্ৰাস পাইছে(Temperature drop after snowfall in Kedarnath) । তাৰোপৰি কেদাৰনাথ মন্দিৰৰ চাৰিওফালৰ শৃংগবোৰ বৰফেৰে আগুৰি ধৰিছে । মন্দিৰৰ চাৰিওফালে থকা পাহাৰবোৰত বগা বৰফৰ চাদৰৰ আচ্ছাদন দেখা গৈছে(Kedarnath Dham peaks covered with snow) । কেদাৰপুৰীত ভক্তসকলে অধিক ঠাণ্ডাৰ বাবে পৰিছে সমস্যাত । একে সময়তে, ৰুদ্ৰপ্ৰয়াগতো বৃদ্ধি পাইছে ঠাণ্ডা ।

একে সময়তে আজিও বতৰ বিজ্ঞান কেন্দ্ৰই চাৰধাম পথ আৰু অন্যান্য জিলাৰ লোকৰ লগতে তীৰ্থযাত্ৰীসকলক অধিক শতৰ্কতা অৱলম্বন কৰিবলৈ জনাইছে আহ্বান । বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা তথ্য অনুসৰি উত্তৰাখণ্ডৰ পাহাৰীয়া অঞ্চলৰ বিভিন্ন স্থানত বজ্ৰপাতৰ সৈতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে, সমতল ভূমিত বতৰৰ পৰিমান সামান্য থাকিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : পথ বন্ধ: বদ্ৰীনাথ-কেদাৰনাথ ভ্ৰমণত বতৰৰ ব্যাঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.