ETV Bharat / bharat

কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিলে ১০ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ নাম তালিকা

author img

By

Published : Aug 3, 2021, 1:20 PM IST

Kashmir police releases list of top 10 terrorists on target
কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিলে ১০ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ নাম অন্তৰ্ভুক্ত থকা তালিকা

শেহতীয়াকৈ কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে প্ৰকাশ কৰিছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ এখন তালিকা । ১০টা সন্ত্ৰাসবাদীৰ নাম অন্তৰ্ভুক্ত হৈ আছে এই তালিকাত । কিন্তু কোন কোন সন্ত্ৰাসবাদী হ'ব কাশ্মীৰ আৰক্ষীৰ টাৰ্গেট ?

নেশ্যনেল ডেস্ক, ৩ আগষ্ট : ন-পুৰণি মুঠ ১০টা সন্ত্ৰাসবাদী হ'ব কাশ্মীৰ আৰক্ষীৰ টাৰ্গেট । শেহতীয়াকৈ কাশ্মীৰৰ আৰক্ষীয়ে প্ৰস্তুত কৰিছে ১০ টা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ নাম সন্নিৱিষ্ট এখন তালিকা । কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে এই তালিকা প্ৰকাশ কৰিছে । এই তালিকাত আছে সাতটা পুৰণি সন্ত্ৰাসবাদীৰ নাম । কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে প্ৰকাশ কৰা মতে, চেলিম পেৰে, ইউচুফ কান্ট্ৰো, আব্বাছ শ্বেইখ, ৰেয়াজ শ্বেটাৰগুণ্ড, ফাৰুক নালি, জুবেইৰ ৱানী আৰু আশ্ৰাফ মোলভি কেইবা বছৰ ধৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰে জড়িত হৈ আছে ।

আনহাতে, আন তিনিজন নতুন সন্ত্ৰাসবাদী হৈছে চাকিব মঞ্জুৰ, উমেৰ মুস্তাক খাণ্ডে আৰু ৱাকীল শ্বাহ । শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানত কেইবাটাও সন্ত্ৰাসবাদী ধৰাশায়ী হৈছিল । আন কেইবাটাও সন্ত্ৰাসবাদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীৰ অভিযানত সময়ে সময়ে বিস্ফোৰক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰও জব্দ হৈ আহিছে ।

সন্ত্ৰাসবাদৰ ভেঁঁটি সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বদ্ধপৰিকৰ হৈছে জম্মু-কাশ্মীৰ আৰক্ষী । এতিয়া এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ তালিকাখন প্ৰকাশ কৰাৰ পাছত আৰক্ষীয়ে কেনেদৰে অভিযান চলায় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ চাম্বাৰ আকাশত উৰিছে ৪ খন সন্দেহজনক ড্ৰোণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.