Kashmir wedding destination : আপোনাৰ আকাংক্ষিত বিবাহস্থলী হ’ব পাৰে কাশ্মীৰ

author img

By

Published : Sep 27, 2022, 4:57 PM IST

Kashmir wedding destination

আপুনি বাৰু আপোনাৰ বিয়াখন কাশ্মীৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত পাতিব বিচাৰিছে নেকি ? তেনেহ'লে আপোনাৰ বাবে এক সুখবৰ । কাশ্মীৰক বিবাহস্থলী হিচাপে ৰূপান্তৰিত কৰা হ'ব (Kashmir being promoted as wedding destination)। বিবাহ অনুষ্ঠানৰ বাবে অধিক উপযোগী কৰা হ'ব অঞ্চলটোৰ বিভিন্ন স্থান ।

নেশ্যনেল ডেস্ক,২৭ ছেপ্টেম্বৰ : আজি বিশ্ব পৰ্যটন দিৱস (World Tourism Day 2022)। দেশজুৰি পালন কৰা হৈছে এই দিৱস । বিশ্ব পৰ্যটন ক্ষেত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান জম্মু-কাশ্মীৰৰো কেইবাটাও স্থানত এই দিৱস পালন কৰা হৈছে (World Tourism Day organized in Jammu and Kashmir)।

শ্ৰীনগৰৰ ডাল হ্ৰদৰ পাৰত জাবৰৱান পাৰ্কত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয় । য'ত জম্মু আৰু কাশ্মীৰৰ পৰ্যটন বিভাগৰ সচিব চৰ্মাদ হাফিজ মুখ্য অতিথি হিচাপে উপস্থিত থাকে । অনুষ্ঠানটোত অংশ লৈ সচিবগৰাকীয়ে কয় যে, কাশ্মীৰৰ অন্যান্য পৰ্যটনৰ বিকাশৰ উপৰিও বিবাহৰ বিশেষ স্থান হিচাপে উন্নীত কৰিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে (Kashmir being promoted as wedding destination)। তেওঁৰ মতে এই উপত্যকাটোত বহুতো বিবাহৰ স্থান আছে ।

তেওঁ উল্লেখ কৰা মতে শেহতীয়াকৈ কানাডাৰ এক দম্পতিও শেহতীয়াকৈ বিয়াৰ বাবে পহেলগামলৈ আহিছিল । দুঃসাহসিক পৰ্যটন আৰু অন্যান্য পৰ্যটন কাৰ্যকলাপৰ উপৰিও, বিভাগে কাশ্মীৰক বিবাহৰ এক আকাংক্ষিত স্থান হিচাপে প্ৰচাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । তেওঁ উল্লেখ কৰা মতে বহু লোক জম্মু-কাশ্মীৰত বিবাহপাশত আৱদ্ধ হ'বলৈ আগ্ৰহী ।

তেওঁ লগতে কয় যে, জম্মু-কাশ্মীৰ পৰ্যটন বিভাগৰ হাতত বহুতো পৰ্যটন আহিলা আছে আৰু শেহতীয়াকৈ উপত্যকাটোত দুঃসাহসিক পৰ্যটনৰ প্ৰচাৰৰ বাবে এক চাইকেল ৰেলীৰো আয়োজন কৰা হৈছিল । যাৰ ফলত ইতিমধ্যে প্ৰায় ৭০ টা নতুন পৰ্যটনথলী চিনাক্ত কৰা হৈছে ।

সচিবগৰাকীয়ে এক প্ৰশ্নৰ উত্তৰত কয় যে, জম্মু-কাশ্মীৰক শৈক্ষিক পৰ্যটন হিচাপে প্ৰচাৰ চলোৱা হৈছে (Kashmir as Educational tourism) আৰু ইয়ালৈ অধ্যয়ন কৰিবলৈ অহা লোকসকলৰ উপৰিও কৰ্পোৰেট পৰ্যটনৰ প্ৰচাৰৰ চেষ্টা কৰি থকা হৈছে । তেওঁ উল্লেখ কৰা মতে অঞ্চলটোৰ জনসাধাৰণে সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে বিভিন্ন বিনিময়ৰ কাৰ্যসূচী আয়োজন কৰাৰ চেষ্টা কৰিব লাগে ।

তেওঁ লগতে কয় যে, পৰ্যটনক তৃণমূল পৰ্যায়লৈ লৈ গৈ জম্মু-কাশ্মীৰলৈ অহা লোকসকলক এক সম্পূৰ্ণ পৰ্যটনৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ চেষ্টা কৰি থকা হৈছে । তেওঁৰ মতে ভ্ৰমণৰ বিভিন্ন নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে দেশৰ বাকী অংশতকৈ অঞ্চলটোত অধিক বিদেশী পৰ্যটক থকাৰ কথাও উল্লেখ কৰে পৰ্যটন বিভাগৰ সচিবগৰাকীয়ে ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচী: কণাযুক্ত পদাৰ্থৰ মাত্ৰা 40% পৰ্যন্ত হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.