লখিমপুৰ খেৰীৰ ঘটনা : উচ্চতম ন্যায়ালয়ক সমালোচনা কংগ্ৰেছ নেতা কপিল ছিব্বালৰ

author img

By

Published : Oct 6, 2021, 2:26 PM IST

Kapil Sibal takes dig at Supreme Court over no action on Lakhimpur Kheri incident

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাক লৈ এতিয়া দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে । ঘটনা সংঘটিত হোৱাৰ দিন ধৰি কংগ্ৰেছে বিজেপিক সমালোচনা কৰি আহিছে । এইবাৰ উচ্চতম ন্যায়ালয়(Supreme court)ক সমালোচনা কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই ।

নেশ্যনেল ডেস্ক, ৬ অক্টোবৰ : বুধবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিব্বালে টুইটযোগে উচ্চতম ন্যায়ালয়ক তীব্ৰ সমালোচনা কৰে । উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজাববীয়া গোচৰ নোলোৱাৰ বাবে সমালোচনা কৰে কংগ্ৰেছ নেতাজনে । কপিল ছিব্বালে টুইটটোত উল্লেখ কৰে যে, এনে সময়ো আছিল, যেতিয়া ইউটিউব নাছিল, কোনো সামাজিক মাধ্যম নাছিল, তেতিয়া উচ্চতম ন্যায়ালয়ে ছপা মাধ্যমত প্ৰকাশিত বাতৰিৰ ওপৰত ভিত্তি কৰি নিজাববীয়াকৈ গোচৰ লৈ ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । আদালতে বিপদত পৰা লোকৰ আহ্বান শুনিছিল ।

Kapil Sibal takes dig at Supreme Court over no action on Lakhimpur Kheri incident
লখিমপুৰ খেৰীৰ ঘটনা সন্দৰ্ভত উচিত ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ক সমালোচনা কপিল ছিবালৰ

তেওঁ লগতে কয় যে, কিন্তু এতিয়া দেশৰ নাগৰিকসকলক ৰাজপথতে হত্যা কৰা হয় । উচ্চতম ন্যায়ালয়ক কাম কৰিবলৈ অনুৰোধ কৰিবলগীয়া হৈছে । ছিব্বালে সোমবাৰে লখিমপুৰ খেৰী ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাইছিল । তেওঁ কয় যে, কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা এই ঘটনাৰ ন্যায়িক তদন্ত কৰা উচিত ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীক অন্ততঃ তদন্তৰ সময়ত নিলম্বন কৰিবলৈও তেওঁ দাবী জনায় ।

তেওঁ যুক্তি দৰ্শাই যে, এই ঘটনা মন্ত্ৰীগৰাকীৰ কনভয়ে খুন্দিওৱাৰ ফলত সংঘটিত হৈছে । উল্লেখ্য যে, দেওবাৰে লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী আঠজনকৈ কৃষকক তীব্ৰবেগী বাহনে মহতিয়াই নিছিল । ইয়াৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশিস মিশ্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে কৃষক সংগঠনে ।

লগতে পঢ়ক:15 টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.