ETV Bharat / bharat

Kapil Sibal slams BJP: ফৌজাদাৰী আইন বাতিলৰ যোগেদি বিজেপিয়ে দেশত প্ৰতিষ্ঠা কৰিব বিচাৰিছে একনায়কত্ববাদ; ছিবাল

author img

By

Published : Aug 14, 2023, 1:21 PM IST

বিজেপি চৰকাৰে সদনত উত্থাপন কৰা ন্যায় সংহিতা বিধেয়কক ক্ষৰধাৰ সমালোচনা প্ৰাক্তন আইন মন্ত্ৰী কপিল ছিবালৰ ৷ এনে আইন বাস্তৱত পৰিণত হ’লে দেশৰ ভৱিষ্যত বিপদাপন্ন হৈ পৰিব বুলি আশংকা ব্যক্ত কৰে প্ৰাক্তন আইন মন্ত্ৰীগৰাকীয়ে ।

Kapil Sibal slams bills to replace criminal laws
ভাৰতীয় ন্যায় সংহিতা বিধেয়কক সমালোচনা কপিল ছিবালৰ

নেশ্যনেল ডেস্ক, 14 আগষ্ট: ভাৰতীয় ন্যায় সংহিতা বিধেয়কক 'অসাংবিধানিক' বুলি অভিহিত কৰে প্ৰাক্তন আইন মন্ত্ৰী কপিল ছিবালে ৷ দেওবাৰে এই অভিযোগ জুলি ছিবালে কয়, ‘‘চৰকাৰে ঔপনিৱেশিক যুগৰ আইন শেষ কৰাৰ কথা কয় যদিও তেওঁলোকৰ চিন্তাধাৰা হৈছে যে তেওঁলোকে এনে আইনৰ জৰিয়তে 'এনানায়কত্ববাদ আনিব' বিচাৰে । কেন্দ্ৰীয় চৰকাৰে এনে আইন প্ৰণয়নৰ জৰিয়তে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, দণ্ডাধীশ, ৰাজহুৱা সেৱক, কেজি (কম্প্ট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল), আৰু অন্যান্য চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা বিচাৰে ।"

অধিবক্তাসকলক সজাগ হ’বলৈ অনুৰোধ জনায় এনে আইন গৃহীত হ’লে দেশৰ ভৱিষ্যত বিপদাপন্ন হৈ পৰিব বুলি ছিবালে দাবী কৰে ।

নতুন বিধেয়কখনৰ কথা উল্লেখ কৰি ছিবালে কয় যে ই 'বিপদজ্জনক' আৰু যদি গৃহীত হয় তেন্তে সকলো প্ৰতিষ্ঠানৰ ওপৰত কেৱল চৰকাৰৰ আদেশহে চলিব । কংগ্ৰেছৰ প্ৰাক্তন নেতাগৰাকীয়ে কয়, ‘‘এই বিধেয়কখন ন্যায়পালিকাৰ স্বাধীনতাৰ সম্পূৰ্ণ বিপৰীত । এয়া সম্পূৰ্ণ অসাংবিধানিক, ই ন্যায়পালিকাৰ স্বাধীনতাত মোক্ষম আঘাত সানিব । চৰকাৰক তীব্ৰ সমালোচনা কৰি ছিবালে কয়, তেওঁলোকৰ চিন্তাধাৰা স্পষ্ট যে তেওঁলোকে এই দেশত গণতন্ত্ৰ নিবিচাৰে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে লোকসভাত উত্থাপন কৰা বিধেয়কখনৰ যোগেদি ভাৰতীয় দণ্ডবিধি 1860, ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা 1898 আৰু ভাৰতীয় সাক্ষ্য আইন 1872 আইনক ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰা আতৰাব বিচাৰিছে বুলি কয় ছিবালে ৷

লগতে মন্ত্ৰীগৰাকীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক এই তিনিখন বিধেয়ক গৃহ পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । অন্যান্য বিষয়ৰ লগতে তিনিখন বিধেয়কত দেশদ্ৰোহ আইন বাতিল কৰি নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে ।

লগতে পঢ়ক: Priyanka Gandhi vs PM Modi: প্ৰধানমন্ত্ৰী মোদীৰ বিপৰীতে বাৰাণসীৰ জনসাধাৰণে বিচাৰে প্ৰিয়ংকা গান্ধীক; সঞ্জয় ৰাউট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.