ETV Bharat / bharat

Terrorist Arrested in JK : জম্মু-কাশ্মীৰত লস্কৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ; অস্ত্ৰ, গোলাবাৰুদ উদ্ধাৰ

author img

By

Published : Mar 24, 2023, 7:54 AM IST

Jammu Kashmir
Jammu Kashmir

জম্মু-কাশ্মীৰ আৰক্ষীয়ে ভাৰতীয় সেনা আৰু চিআৰপিএফৰ সৈতে চলোৱা এক যুটীয়া অভিযানত ছপোৰৰ পৰা লস্কৰ-ই-তৈবাৰ এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে (Lashkar terrorist arrested in Sopore JK) ।

নিউজ ডেস্ক, ২৪ মাৰ্চ : জম্মু-কাশ্মীৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিৰাপত্তা বাহিনীৰ সৈতে এক যুটীয়া অভিযানত ছপোৰৰ পৰা লস্কৰ-ই-তৈবাৰ (এল ই টি) এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে (JK police arrested laskar e taiba terrorist) । ধৃত সন্ত্ৰাসবাদীটোৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদো উদ্ধাৰ কৰে (Lashkar terrorist arrested in Sopore JK) ।

সন্ত্ৰাসবাদীৰ গতিবিধি সম্পৰ্কীয় নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি জম্মু-কাশ্মীৰ আৰক্ষীয়ে ভাৰতীয় সেনা (৫২আৰআৰ) আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (১৭৭ বিএন) সৈতে পেথ চিৰ ৰে'ল ষ্টেচনৰ ওচৰত এক যুটীয়া বেষ্টনী গঢ়ি তোলে আৰু তালাচী অভিযান আৰম্ভ কৰে (Jammu Kashmir police joint operation with CRPF) ।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, তালাচীৰ সময়ত এজন সন্দেহযুক্ত ব্যক্তিক বাধা দিয়াৰ সময়তে তেওঁ ঘটনাস্থলীৰ পৰা পলাই যাবলৈ চেষ্টা কৰে । কিন্তু যুটীয়া দলটোৱে কৌশলেৰে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জনোৱা অনুসৰি, ব্যক্তিজনক উমেৰ বছিৰ ভাট বুলি চিনাক্ত কৰা হৈছে । তেওঁ মানজ চিৰৰ বাসিন্দা । তেওঁৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্ক আছে (arms and ammunition seized from terrorist in JK) ।

তালাচীৰ সময়ত তেওঁৰ পৰা এটা হেণ্ড গ্ৰেনেড, পিষ্টল, পিষ্টল মেগজিন, ১৫ টা পিষ্টলৰ সজীৱ গুলী আৰু ছীম কাৰ্ডৰ সৈতে এটা মোবাইল ফোন উদ্ধাৰ কৰা হয় । ঘটনা সন্দৰ্ভত টাৰজু আৰক্ষী থানাত আইনৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । পৰৱৰ্তী অনুসন্ধান চলি আছে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ৩০ জানুৱাৰীত জম্মু-কাশ্মীৰৰ অৱন্তীপোৰাৰ হাফু নাগিনপোৰা অৰণ্যত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্কিত চাৰিজন সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছিল । আৰক্ষীয়ে নিৰাপত্তাৰক্ষীৰ সৈতে বনাঞ্চলত এটা সন্ত্ৰাসবাদীৰ শিবিৰ ভাঙি ধ্বংস কৰে আৰু তাৰ পৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে । আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ।

আনহাতে, ইয়াৰ পূৰ্বে একেটা মাহতে নিৰাপত্তাৰক্ষীয়ে জম্মু-কাশ্মীৰৰ বুদগাম জিলাত সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ দুজন সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰে । সন্ত্ৰাসবাদীকেইটাক চাহিদ ৰছিদ শ্বেখ আৰু আৰবাজ আহ মীৰ বুলি চিনাক্ত কৰা হয় । নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত অনুসন্ধানৰ পিছত এটা এ কে ছিৰিজৰ ৰাইফল, এটা পিষ্টল আৰু অন্যান্য সামগ্ৰীও উদ্ধাৰ কৰে ।

লগতে পঢ়ক :Crackdown on Amritpal: অমৃতপালক গ্ৰেপ্তাৰৰ বাবে নেপাল সীমান্তত বৃদ্ধি নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.