উৰিত সেনাৰ অভিযান অব্যাহত

author img

By

Published : Sep 22, 2021, 10:13 AM IST

Jammu-Kashmir: Army search operation in Uri to continue

বুধবাৰেও অব্যাহত আছে উৰি চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত সেনাই চলোৱা অভিযান ৷ মঙলবাৰে সন্ধিয়া বাৰামূলা জিলাৰ উৰি টেহচিলত ম’বাইল আৰু ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰা হয় ৷

নেশ্যনেল ডেস্ক, 22 ছেপ্তেম্বৰ : বুধবাৰেও অব্যাহত আছে উৰি চেক্টৰৰ নিয়ন্ত্ৰণৰেখাত সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই চলোৱা অভিযান ৷ এই কথা সদৰী কৰিছে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ৷ বুধবাৰে এই অভিযানে তৃতীয় দিনত প্ৰৱেশ কৰিছে ৷ মঙলবাৰে এই অভিযানৰ সময়ত কেইগৰাকীমান সেনা জোৱান আঘাতপ্ৰাপ্ত হৈছিল ৷

এগৰাকী প্ৰতিৰক্ষা মুখপাত্ৰই কয় যে, ‘অভিযান চলোৱা অঞ্চলটোৰ অনুসন্ধানৰ অধীনত থকা এলেকাটো সুৰক্ষিত কৰা হৈছে । আমাৰ এজন সৈন্যই প্ৰাৰম্ভিক সম্পৰ্কত সামান্য আঘাত পাইছিল ৷ সম্প্ৰতি তেওঁ সুস্থিৰ আৰু চিকিৎসাৰ প্ৰতি ভাল সঁহাৰি দিছে’ ৷ ইয়াৰ উপৰিও অঞ্চলটোত তীক্ষ্ণ নিৰীক্ষণত ৰখা হৈছে বুলিও কয় মুখপাত্ৰগৰাকীয়ে ৷

মঙলবাৰে সন্ধিয়া বাৰামূলা জিলাৰ উৰি টেহচিলত ম’বাইল আৰু ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰা হয় ৷

উৰি চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা সন্ত্ৰাসবাদীৰ এটা সশস্ত্ৰ গোটক সেনাই বাধা প্ৰদান কৰা বুলি প্ৰকাশ কৰাৰ পিছতে সোমবাৰে সন্ধিয়া প্ৰশাসনে সমগ্ৰ অঞ্চলত ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল ৷ যোৱা 18 ছেপ্তেম্বৰৰ মাজনিশা এই কোম্বিং অপাৰেশ্যন আৰম্ভ কৰা হৈছিল ৷

সন্দেহযুক্ত উগ্ৰপন্থীৰ কাৰ্য-কলাপ ধৰা পৰা এই অঞ্চলটোতে 2016 চনত উৰি ব্ৰিগেডৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল ৷

লগতে পঢ়ক : স্বৰ্ণ মন্দিৰ দৰ্শন চৰণজিৎ সিং চান্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.