স্বৰ্ণ মন্দিৰ দৰ্শন চৰণজিৎ সিং চান্নীৰ

author img

By

Published : Sep 22, 2021, 9:01 AM IST

Punjab CM, deputy CMs alongwith Sidhu visit Golden Temple

বুধবাৰে কাহিলি পুৱাতে দুয়োগৰাকী উপ মুখ্যমন্ত্ৰী আৰু পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজোৎ সিং সিদ্ধুৰ সৈতে স্বৰ্ণ মন্দিৰত উপস্থিত হয় ৰাজ্যখনৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী ৷

নেশ্যনেল ডেস্ক, 22 ছেপ্তেম্বৰ : বুধবাৰে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ দৰ্শন কৰে পঞ্জাৱৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে ৷ তেওঁক সংগ দিয়ে দুয়োগৰাকী উপ মুখ্যমন্ত্ৰী ক্ৰমে সুখজিন্দৰ সিং ৰন্ধাৱা আৰু অ’ পি চাইনীৰ লগতে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজোৎ জিং সিদ্ধুৱে ৷ বুধবাৰে পুৱাৰ ভাগতে শ্ৰীদৰবাৰ চাহিবৰ দৰ্শন কৰে আটাইকেইগৰাকীয়ে ৷

যোৱা সোমবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল চৰণজিৎ সিং চান্নীয়ে ৷ পঞ্জাৱৰ ৰূপনগৰ চমকৌৰ চাহিব সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত চান্নী হৈছে ৰাজ্যখনৰ প্ৰথমগৰাকী দলিত সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী ৷ দেওবাৰে কেইবালানি বৈঠকৰ অন্তত কেপ্তেইন অমৰিন্দৰ সিঙৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা হয় চান্নীৰ নাম ৷

যোৱা শনিবাৰে পঞ্জাৱৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ৷

লগতে পঢ়ক : সীমান্তৰে ভ্ৰমণৰ ক্ষেত্ৰত শিথিলতা জাৰি বাংলাদেশ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.