ETV Bharat / bharat

সীমান্তৰে ভ্ৰমণৰ ক্ষেত্ৰত শিথিলতা জাৰি বাংলাদেশ চৰকাৰৰ

author img

By

Published : Sep 21, 2021, 11:19 AM IST

trans border travel
সীমান্তৰে ভ্ৰমণৰ ক্ষেত্ৰত শিথিলতা জাৰি বাংলাদেশ চৰকাৰৰ

বাংলাদেশ চৰকাৰে শেহতীয়াকৈ ক'ভিড স্বাস্থ্য বিধিৰ লগতে সান্ধ্য আইনৰ ক্ষেত্ৰত কিছু শিথিলতা জাৰি কৰিছে । বাংলাদেশ চৰকাৰৰ সিদ্ধান্তৰ পাছতে কিছু সকাহ পাইছে যাত্ৰীসকলে । কি কি ক্ষেত্ৰত শিথিলতা জাৰি কৰিছে বাংলাদেশ চৰকাৰে ?

আগৰতলা, ২১ ছেপ্টেম্বৰ : বহু দেশত ইতিমধ্যে কৰ'ণাৰ (Corona) সংক্ৰমণ হ্ৰাস পাইছে । যাৰ বাবে লকডাউন (Lockdown) আৰু সান্ধ্য আইনৰ (Curfew) ক্ষেত্ৰতো শিথিলতা জাৰি কৰা হৈছে । বাংলাদেশেও যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা ক'ভিডৰ কঠোৰ নীতি নিৰ্দেশনাত কিছু শিথিলতা জাৰি কৰিছে ।

ঠিক তেনেদৰে আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ ক্ষেত্ৰতো থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে । ত্ৰিপুৰাত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত (Assistant High Commissioner of Bangladesh High Commission) মঃ জোবাইদ হুছেইনে সাংবাদিকক জনোৱা মতে দুটা পৰ্যায়ত বাংলাদেশ কৰ্তৃপক্ষই ত্ৰিপুৰাৰ আখাউৰা স্থল বন্দৰকে ধৰি ক্ৰমান্বয়ে ১১ খন স্থল বন্দৰ মুকলি কৰিছে ।

ইতিমধ্যে যোৱা ২৬ এপ্ৰিলৰ পৰাই ভাৰত-বাংলাদেশ সীমান্তৰে ভ্ৰমণৰ (trans-border travel) ক্ষেত্ৰতো শিথিলতা জাৰি কৰা হৈছিল । ইয়াৰ পাছতে যাত্ৰীসকলৰ সুবিধাৰ্থে আখাউৰাকে ধৰি প্ৰায় পাঁচটা ভূমিবন্দৰ মুকলি কৰা হৈছে ।

অৱশ্যে নিষেধাজ্ঞা বলৱৎ থকা সময়তো বিশেষ কাৰণত সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি পত্ৰ দেখুৱাই লোকসকলক সীমা অতিক্ৰম কৰিবলৈ অনুমতি দিয়া হৈছিল । উচ্চায়ুক্তগৰাকীৰ মতে, ১৯ ছেপ্টেম্বৰত আৰু ৬ টা স্থল বন্দৰ মুকলি কৰা হৈছে যিবোৰ সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল । বাংলাদেশ কৰ্তৃপক্ষই কোৱাৰেণ্টাইনৰ ক্ষেত্ৰতো কিছু শিথিলতা আনিছে ।

পূৰ্বে সকলো যাত্ৰীৰ বাবে ১৪ দিনৰ ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত (institutional quarantine) থকাটো বাধ্যতামূলক আছিল কিন্তু ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ বাবে এতিয়া কেৱল লক্ষণ থকা লোকসকলেহে তেওঁৰ আৰটি-পিচিআৰ পৰীক্ষাৰ সময়লৈকে কোৱাৰেণ্টাইনত থাকিব লাগিব । আৰটি-পিচিআৰ পৰীক্ষাত নিগেটিভ ফলাফল থকা লোকসকলে কোনো অসুবিধা নোহোৱাকৈ সহজে সীমা অতিক্ৰম কৰিব পাৰিব ।

উচ্চায়ুক্ত হুছেইনে সংবাদমাধ্যমক জনোৱা মতে প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি এতিয়া কিছু কিছু ক্ষেত্ৰত ভিছাও প্ৰদান কৰা হৈছে । আবেদনকাৰীৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি ব্যৱসায়, বিনিয়োগকাৰী, বিষয়া, শিক্ষাৰ্থী, নিযুক্তি আৰু পাৰিবাৰিক ভ্ৰমণৰ ভিছা দিয়া আৰম্ভ কৰা হৈছে বুলি উচ্চায়ুক্তগৰাকীয়ে অৱগত কৰে ।

তেওঁ লগতে কয় যে, এই শিথিলতাই বাংলাদেশৰ চিকিৎসা পৰ্যটক (medical tourists) সকলক এক ডাঙৰ সকাহ দিয়াত সহায় কৰিব ।

লগতে পঢ়ক :নিশ্চিত হ’ল সুস্মিতা দেৱৰ ৰাজ্যসভালৈ যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.