ETV Bharat / bharat

আমাৰ সমাজত কিমান সুৰক্ষিত যৌন কৰ্মী ?

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 5:35 PM IST

Updated : Dec 17, 2023, 7:06 PM IST

যৌন কামক বৃত্তি হিচাপে অভিহিত উচ্চতম ন্যায়ালয়ৰ । যৌন কৰ্মীসকলক শালীনতা আৰু সন্মানেৰে ব্যৱহাৰ কৰিবলৈ ৰায়দানৰ ন্যায়ালয়ৰ (violence against Sex Workers)। তাৰ পিচতো আমাৰ সমাজত কেনেদেৰে কেনেদৰে লোৱা হয় যৌন বৃত্তিক ? সবিশেষ পঢ়ক...

Etv Bharatviolence against Sex Workers
Etv Bharatআমাৰ সমাজত কিমান সুৰক্ষিত যৌন কৰ্মী ?

নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ : 17 ডিচেম্বৰৰ দিনটোক যৌন কৰ্মীৰ বিৰুদ্ধে হিংসা সমাপ্ত কৰিবলৈ আন্তৰ্জাতিক দিৱস হিচাপে পালন কৰি অহা হয় ৷ আজিৰ এই বিশেষ দিনটো যৌন কৰ্মী, তেওঁলোকৰ অধিবক্তা, বন্ধুবৰ্গ, পৰিয়াল আৰু সহকৰ্মীৰ সৈতে উদযাপন কৰা হয় ৷ এই দিনটোৱে যৌন কৰ্মীসমূহৰ বিৰুদ্ধে ঘৃণামূলক অপৰাধসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ৷ সমগ্ৰ বিশ্বত যৌন কৰ্মীৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত কৰা সামাজিক কলংক আৰু বৈষম্যৰ সৈতে মোকাবিলা কৰাৰ প্ৰয়োজনৰ বিষয়ে হেতুকে এই দিনটো বিশেষভাৱে উল্লেখনীয় ৷

ইতিবৃত্ত:

2003 চনৰ 17 ডিচেম্বৰত এনি স্প্ৰিংকল আৰু যৌন কৰ্মী প্ৰচাৰ প্ৰকল্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ (এছডব্লিউওপি) হৈ চিয়েটলত গ্ৰীণ ৰিভাৰ কিলাৰৰ ভুক্তভোগীসকলৰ হকে স্মাৰক আৰু সজাগতা হিচাপে এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল । ইয়াৰ পিচতে, বিগত 14 বছৰত ই এক বিশ্বব্যাপী বাৰ্ষিক অনুষ্ঠান হিচাপে পালন কৰি আহিছে ৷ এই দিনটোত যৌন কৰ্মীসকলৰ কৰ্মক মান্যতা দিয়াৰ লগতে যৌন বৃত্তিৰ সৈতে সম্পৰ্কিত কলংকিত ঘটনা আৰু বৈষম্যৰ সমাপ্তিৰ বাবে আহ্বান জনোৱা হয় ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱেবছাইট SWOP ৰ এক উদ্ধৃতি অনুসৰি, 17 ডিচেম্বৰ দিনটো যৌন কৰ্মীৰ বিৰুদ্ধে হিংসা সমাপ্ত কৰাৰ হকে পালন কৰা আন্তৰ্জাতিক দিৱস । যৌন কৰ্মীৰ বিৰুদ্ধে প্ৰণয়ন কৰা আইন সমাজৰ বাবে ক্ষতিকাৰক ।

  • Today, on International Day to End Violence against Sex Workers #IDEVASW, we remember that 78% of murdered trans people in Europe were sex workers. We call for full decriminalisation of sex work that protects trans and other sex workers. pic.twitter.com/PiHYUVAQLS

    — ILGA-Europe (@ILGAEurope) December 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বেশ্যাবৃত্তি নহয় যৌন কৰ্মী : 2023 চনত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দান অনুসৰি এতিয়াৰ পৰা বেশ্যা বুলি কোনো শব্দ ব্যৱহাৰ কৰা নহ’ব ৷ হেণ্ডবুকখনত উল্লেখ কৰা অনুসৰি বেশ্যাৰ পৰিৱৰ্তে যৌনকৰ্মী শব্দৰ প্ৰয়োগ কৰা হ’ব ৷

ভাৰতত যৌন বৃত্তি অপৰাধ নহয় :
1956 চনত ভাৰত চৰকাৰে অনৈতিক ব্যৱসায় (দমন) আইন (SITA) গৃহীত কৰে ৷ এই আইনৰ অধীনত যৌন বৃত্তি আইনীভাৱে কৰিব পাৰে ৷ কিন্তু কোনো লোকক জোৰ-জবৰদস্তি যৌন কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰোৱাটো অবৈধ। সেইবাবে ভাৰতত যৌন বৃত্তি আইনী। এয়া কোনো অপৰাধ নহয়, কিন্তু পতিতালয় চলোৱাটো অবৈধ ।

ভাৰতত যৌন কৰ্মীৰ অধিকাৰ : 2022 চনৰ জুন মাহত উচ্চতম ন্যায়ালয়ে যৌন বৃত্তিক বৃত্তি হিচাপে উল্লেখ কৰি কয় যে, যৌন কৰ্মীসকলক শালীনতা আৰু সন্মানৰ সৈতে ব্যৱহাৰ কৰা উচিত। যেতিয়া এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে সন্মতিপূৰ্ণভাৱে যৌন বৃত্তিত লিপ্ত হয়, তেনেক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষই হস্তক্ষেপ কৰিব নালাগে অথবা কোনো অপৰাধমূলক পদক্ষেপ ল'ব নালাগে ।

উচ্চতম ন্যায়ালয়ে লগতে উল্লেখ কৰে যে, যৌন কৰ্মী আৰু তেওঁলোকৰ সন্তানক ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 21- জীৱনৰ অধিকাৰ সুৰক্ষাৰ অধীনত সামৰি লোৱা হয় । ভাৰতত যৌন কৰ্ম অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইন আৰু অনৈতিক সৰবৰাহ (প্ৰতিৰোধ) আইন (আইটিপিএ), 1956-ৰ দ্বাৰা পৰিচালিত হয় । ভাৰতীয় দণ্ডবিধি (আইপিচি) আৰু কিশোৰ ন্যায় আইনত ভাৰতত যৌন কৰ্ম আৰু সৰবৰাহ ৰোধ কৰাৰো ব্যৱস্থা উল্লেখ আছে ৷

ভাৰতত যৌন কৰ্মীৰ স্থিতি :

সমগ্ৰ ভাৰতৰ মানুহে তেওঁলোকৰ যৌন অভিমুখিতা বা লিংগ পৰিচয়ৰ বাবেও বাৰম্বাৰে হিংসা আৰু বৈষম্যৰ বলি হৈ আহিছে ৷ আনকি সমকামিতা অথবা ট্ৰেন্সজেণ্ডাৰ পৰিচয়ে কিছু সংখ্যক যৌন কৰ্মীক বিপদাশংকাত পেলায় । যৌন কৰ্মীসকলে যৌন নিৰ্যাতন, ধৰ্ষণ, উৎপীড়ন, ধন দাবী, গ্ৰাহক আৰু এজেণ্ট, অন্তৰংগ সংগী, স্থানীয় বাসিন্দা আৰু ৰাজহুৱা বিষয়াসকলৰ পৰা উৎপীড়নকে ধৰি অভাৱনীয় স্তৰত হিংসাৰ সন্মুখীন হৈছে ।

ৰঙা ছাতিৰ প্ৰতীক :

ৰঙা ছাতি যৌন কৰ্মীৰ অধিকাৰৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰতীক ৷ 17 ডিচেম্বৰত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানত এই প্ৰতীক ব্যৱহাৰ কৰা হয় । ৰঙা ছাতিৰ চিহ্ন প্ৰথমবাৰৰ বাবে 2001 চনত ইটালীৰ ভেনিছত যৌন কৰ্মীসকলে ব্যৱহাৰ কৰিছিল । স্লোভেনিয়াৰ শিল্পী তাদেজ পোগাকাৰে 49 তম ভেনিছ বিয়েনেল অৱ আৰ্টৰ প্ৰস্তুত কৰিবলৈ "পতিতা পেভিলিয়ন" আৰু ক’ড ৰেড আৰ্ট ইনষ্টলেশ্বন নিৰ্মাণ কৰিবলৈ যৌন কৰ্মীসকলৰ সৈতে সহযোগিতা কৰিছিল ৷

যৌনকৰ্মীসকলৰ সুৰক্ষা কেনেদৰে নিৰ্ধাৰণ কৰিব ?

  1. যৌন কৰ্মীসকলৰ ক্ষমতা নিৰ্ধাৰণ কৰক ৷
  2. যৌন কৰ্মীসকলে সন্মুখীন হোৱা হিংসা নথিভুক্ত কৰক ৷
  3. যৌন কৰ্মীসকলৰ মানৱ অধিকাৰ সুৰক্ষিত কৰক।
  4. সংস্কাৰৰ বাবে মাত মাতক ৷
  5. আৰক্ষীৰ দায়বদ্ধতা বৃদ্ধি কৰক ৷
  6. প্ৰতিষ্ঠানগত দায়বদ্ধতা গঢ়ি তোলক ৷
  7. কৰ্মস্থানত সুৰক্ষা বৃদ্ধি কৰক ৷
  8. যৌন কৰ্মীসকলৰ বাবে সুৰক্ষাৰ বিষয়ে তথ্য প্ৰচাৰ কৰক।
  9. এইচ.আই.ভি. প্ৰতিৰোধ পৰামৰ্শত যৌন কামৰ সৈতে হিংসাত্মক কাৰ্য কলাপৰ প্ৰতিৰোধ কৰি সকলোকে একত্ৰিত কৰক ৷
  10. হিংসাত্মক কাৰ্যকলাপৰ সন্মুখীন হোৱা যৌন কৰ্মীসকলক স্বাস্থ্য সেৱা প্ৰদান কৰক ৷
  11. মানসিক,সামাজিক, আইনী আৰু অন্যান্য সমৰ্থন প্ৰদান কৰক ৷

যৌন কৰ্মীসকলে সন্মুখীন হোৱা হিংসা:

  1. গ্ৰাহক হিচাপে : ইয়াত আক্ৰমণ, ধৰ্ষণ, ডকাইতি আৰু শাৰীৰিক ভাবুকি অন্তৰ্ভুক্ত হৈ আছে ।
  2. অন্তৰংগ সংগীৰ হিংসা : ৰাজপথত ব্যৱসায় কৰা যৌন কৰ্মীসকলে অপ্ৰত্যাশিত ঘটনা আৰু আচৰণৰ সন্মুখীন হ’বলগীয়া হয়।
  3. যৌন উৎপীড়ন, কণ্ডমৰ অসংগত ব্যৱহাৰ ফলত যৌনকৰ্মীসকলে অধিক বিপদাজ্জনক পৰিস্থিতিৰ সন্মুখীন হয় ৷
  4. HIV আৰু STI ৰোগত সংক্ৰমিত হোৱা ৷
  5. আৰক্ষীৰ বৰ্বৰতা : যৌন কৰ্মীসকল এতিয়াও আৰক্ষীৰ নিৰ্যাতন, হিংসা আৰু ধন দাবীৰ শংকাত ভোগে ৷
  6. কলংক আৰু ভেদভাৱ: যৌন কামক প্ৰায়ে অপৰাধ বুলি গণ্য কৰা হয় ৷ যাৰ ফলত যৌন কৰ্মীসকলে সামাজিক বিচ্ছিন্নতা, বিৰক্তি আৰু মানসিক স্বাস্থ্যৰ সমস্যা হয় ।
  7. মোখক দুৰ্ব্যৱহাৰ আৰু উৎপীড়ন : যৌন কৰ্মীসকলে আপত্তিজনক ভাষা আৰু ভাবুকিৰ সন্মুখীন হ'ব পাৰে । গ্ৰাহক, সহকৰ্মী বা আনকি অচিনাকি লোকৰ দ্বাৰা এনে ব্যৱহাৰৰ সন্মুখীন হয় ৷
  8. আইনী সুৰক্ষা আৰু সমৰ্থনৰ অভাৱ : যৌন কৰ্মত আইনী স্থিতি যথেষ্ট পৰিৱৰ্তন হয় ৷
  9. কৰ্মীসকলৰ কেৱল স্বাস্থ্য সেৱাই নহয় মৌলিক অধিকাৰ আৰু সুৰক্ষাৰ অভাৱ ৷
  10. আৰ্থিক হিংসা : বহুতো যৌন কৰ্মীয়ে আৰ্থিক কষ্টৰ সন্মুখীন হয়। তেওঁলোকৰ প্ৰায়সংখ্যকেই বাস্তৱৰ বিষয়ে নজনাকৈয়ে কাম কৰিব লগা হয় ৷
  11. যৌন কৰ্মীৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপ ৰোধ কৰাটো কিয় গুৰুত্বপূৰ্ণ: সকলোৱে সমান অধিকাৰত জীৱন-যাপন কৰাৰ যোগ্য ৷
  12. হিংসা অথবা ভয়ৰ সন্মুখীন : বিশেষকৈ, যৌন কৰ্মীসকলে অত্যাধিক উৎপীড়নৰ সন্মুখীন হয় ।
  13. বহুতো দেশত, যৌন কৰ্মীসকলৰ আন নাগৰিকৰ দৰে স্বাস্থ্য সেৱা, সামাজিক সেৱা বা সুৰক্ষাৰ সুবিধা নাই ।
  14. ইয়াৰ সমান্তৰালকে, ৰাজপথত ব্যৱসায় কৰা যৌন কৰ্মীসকলে গ্ৰাহকৰ পৰা অপ্ৰত্যাশিত ঘটনা আৰু আচৰণৰ সন্মুখীন হয়, ইয়াপৰ ভিতৰত অন্যতম হৈছে যৌন নিৰ্যাতন ।
  15. কণ্ডমৰ সঠিককৈ ব্যৱহাৰ নকৰাৰ বাবে ব্যৱহাৰে এইছ.আই.ভি. আৰু এছ.টি.আই. ৰোগত সংক্ৰমিত হোৱাৰ অধিক আশংকা থাকে ৷ ভাৰতত যৌন কৰ্ম আইনী ৷ ইয়াৰ পিচতো তেওঁলোকে হিংসাৰ বলি হ’বলগীয়া হয় ৷
  16. যৌন কৰ্মীসকলক গ্ৰাহকৰ সৈতে দৈনিক শাৰীৰিক সম্পৰ্ক কৰিবলৈ মালিকপক্ষই জোৰ কৰাৰ ফলত যৌন কৰ্মীসকলৰ শীৰিৰক আৰু মানসিক হাৰাশাস্তিৰ বলি হয় ৷ বহুতো যৌন কৰ্মীয়ে এই সন্দৰ্ভত প্ৰতিবেদন দাখিল নকৰে ৷
  17. মানৱ অধিকাৰ : সকলো ব্যক্তিৰ দৰে, যৌন কৰ্মীসকলে মৌলিক মানৱ অধিকাৰ লাভ কৰে, যাৰ ভিতৰত আছে জীৱনৰ অধিকাৰ, সুৰক্ষা আৰু হিংসাৰ পৰা মুক্তি ।
  18. স্বাস্থ্য: যৌন কৰ্মীসকলে স্বাস্থ্য সেৱা লাভ নকৰিলে তেওঁলোক অসুৰক্ষিত হ'ব পাৰে ।
  19. এইছ.আই.ভি. আৰু বহুতো যৌন সংক্ৰমণ আৰু অন্যান্য স্বাস্থ্যজনিতৰোগে বিপজ্জনক ৰূপ লয় ৷
  20. 17 ডিচেম্বৰৰ সপ্তাহত, যৌন কৰ্মী সম্প্ৰদায় আৰু সামাজিক ন্যায় সংগঠনবোৰে পদক্ষেপ লয় ৷ সাধাৰণতে যৌন কৰ্মীৰ বিৰুদ্ধে হিংসাৰ সজাগতা বৃদ্ধি কৰিবলৈ নিৰীক্ষণ কৰাৰ লগতে কাম কৰিব লগা হয় ।
  21. যৌন কৰ্মীৰ আক্ৰমণ, ধৰ্ষণ আৰু হত্যা বন্ধ হ'ব লাগিব । যৌন কৰ্মীসকলৰ বাবে সামাজিক সমৰ্থন গুৰুত্বপূৰ্ণ ৷
  22. ব্ৰিটিছ মেডিকেল জাৰ্নেলত 2012 চনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে সঠিক আন্তঃগাঁথনিৰ অভাৱে তেওঁলোকক দুৰ্বল হ’বলৈ অৰিহণা যোগায় ।

লগতে পঢ়ক: অপৰাধ ৰোধ সন্দৰ্ভত ৰাজস্থানত সক্ৰিয় বিজেপি চৰকাৰ; SIT-এণ্টি গেংষ্টাৰ টাস্ক ফ’ৰ্চ গঠন

Last Updated : Dec 17, 2023, 7:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.