ETV Bharat / bharat

আই ই ডি বিস্ফোৰণত আহত কনিষ্টবলক গ্ৰীণ কৰিড’ৰেৰে লৈ যোৱা হ’ল বিমান বন্দৰলৈ, দিল্লীত চলিব চিকিৎসা

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 3:50 PM IST

Jharkhand IED blast
ঝাৰখণ্ড আই ই ডি বিস্ফোৰণ

ঝাৰখণ্ডৰ ছাইবাশাত সংঘটিত আইডি বিস্ফোৰণত আহত চি আৰ পি এফ কনিষ্টবল জয়ন্ত নাথক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে ৷ শনিবাৰে ৰাঁচী আৰক্ষীয়ে গ্ৰীণ কৰিড’ৰ নিৰ্মাণ কৰি আঘাতপ্ৰাপ্ত কনিষ্টবলজনক 12 মিনিটৰ ভিতৰতে ৰাঁচী বিমান বন্দৰলৈ লৈ যায় ৷

নিউজ ডেস্ক, 18 নৱেম্বৰ : ঝাৰখণ্ডৰ ছাইবাশাত সংঘটিত আই ই ডি বিস্ফোৰণত আহত চি আৰ পি এফ কনিষ্টবল জয়ন্ত নাথক উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে শুকুৰবাৰৰ সন্ধিয়া জয়ন্ত নাথক ৰাঁচীৰ অৰ্কিড হাস্পতালত চিকিৎসা প্ৰদান কৰাৰ হৈছিল ৷ কনিষ্টবলজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে চি আৰ পি এফৰ তৰফৰ পৰা সিদ্ধান্ত লোৱা হয় যে তেওঁৰ চিকিৎসা দিল্লীত কৰোৱা হ’ব ৷ উক্ত সিদ্ধান্তৰ পাচতে শনিবাৰে ৰাঁচী আৰক্ষীৰ যান-বাহন শাখাৰ দ্বাৰা গ্ৰীণ কৰিড’ৰ নিৰ্মাণ কৰি মাত্ৰ 12 মিনিটতে ৰাঁচী বিমান বন্দৰলৈ লৈ যোৱা হয় আই ই ডি বিস্ফোৰণত আঘাতপ্ৰাপ্ত কনিষ্টবলজনক ৷

এয়াৰ এম্বুলেন্সৰ দ্বাৰা লৈ যোৱা হ’ল দিল্লীলৈ : আঘাতপ্ৰাপ্ত কনিষ্টবল জয়ন্ত নাথক এয়াৰ এম্বুলেন্সৰ জৰিয়তে দিল্লীলৈ লৈ যোৱা হয় ৷ দিল্লীৰ এইমছতে জয়ন্ত নাথক চিকিৎসা কৰা হ’ব ৷ ঝাৰখণ্ডৰ চাইবাবা জিলাৰ গৌইলকেৰা থানাৰ এলেকাত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত চি আৰ পি এফৰ 94 বেটেলিয়নৰ এগৰাকী কনিষ্টবল শ্বহীদ হ’বলগীয়া হয় ৷ ইয়াৰোপৰি আন দুগৰাকী আহত হয় ৷ আহত দুগৰাকী চি আৰ পি এফৰ 60 বেটলিয়ানৰ ছেকেণ্ড ইন কামাণ্ড বৈজয়ন্ত টীনাই আৰু কনিষ্টবল জয়ন্ত নাথ আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰে জয়ন্ত নাথক ৰাঁচীলৈ লৈ যোৱা হৈছিল আৰু শনিবাৰে উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, আই ই ডি উদ্ধাৰৰ খবৰ লাভ কৰাৰ লগে লগে চি আৰ পি এফৰ 60 বেটেলিয়নৰ ছেকেণ্ড ইন কামাণ্ডে লগত বোমা বিশেষজ্ঞক লৈ ঘন জংঘলৰ মাজত আই ই ডি বিস্ফোৰণৰ বাবে গৈছিল ৷

লগতে পঢ়ক : ছত্তীশগড় নিৰ্বাচন: নক্সালবাদীৰ আক্ৰমণত শ্বহীদ আইটিবিপিৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.