ETV Bharat / bharat

ছত্তীশগড় নিৰ্বাচন: নক্সালবাদীৰ আক্ৰমণত শ্বহীদ আইটিবিপিৰ জোৱান

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 7:25 PM IST

ছত্তীশগড় নিৰ্বাচনত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ আইটিবিপিৰ জোৱান
ছত্তীশগড় নিৰ্বাচনত নক্সালবাদীৰ আক্ৰমণত শ্বহীদ আইটিবিপিৰ জোৱান

ছত্তীশগড় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত নক্সালবাদীৰ হিংসা । গাৰিয়াবান্দত আইইডি বিস্ফোৰণৰ ফলত এজন সুৰক্ষা বাহিনীৰ জোৱান নিহত হয় ।

নিউজ ডেস্ক, ১৭ নৱেম্বৰ : ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শুকুৰবাৰে সমাপ্ত হৈছে । তাৰ মাজতে গৰিয়াবান্দত নক্সালবাদীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰে । আইইডি বিস্ফোৰণত এগৰাকী আইটিবিপি জোৱান শ্বহীদ হয় । জানিব পৰা মতে, ভোটগ্ৰহণৰ পিছত উভতি অহাৰ সময়ত নিৰাপত্তা বাহিনীৰ দলটোক বদে গোব্ৰাৰ ওচৰত নক্সালবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় । নক্সালবাদীয়ে আইইডি বিস্ফোৰণেৰে আক্ৰমণ কৰে । এই ঘটনাত এগৰাকী আইটিবিপি জোৱান আহত হয় । তেওঁক চিকিৎসাৰ বাবে গাৰিয়াবান্দৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ।

গাৰিয়াবান্দৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ঘটনাৰ বিষয়ে অৱগত কৰি কৈছে যে ঘটনাটো বাডে গোব্ৰা গাঁৱৰ ওচৰত সংঘটিত হয় । নিৰাপত্তাৰক্ষীৰ বেষ্টনীত এটা ভোটগ্ৰহণকাৰী দলে উভতি অহাৰ সময়ত নক্সালবাদীয়ে বিস্ফোৰণ ঘটায় । এই আক্ৰমণত আইটিবিপিৰ জোৱানগৰাকী শ্বহীদ হয় । জোৱানজনক হেড কনিষ্টবল যোগিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে । অতিৰিক্ত বাহিনীক ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় আৰু অনুসন্ধান অভিযান তীব্ৰতৰ কৰা হৈছে ।

উল্লেখ্য যে নিৰ্বাচনৰ আগদিনা বৃহস্পতিবাৰেও ধামতাৰীৰ চিহাৱাত এক আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । দুটাকৈ বিস্ফোৰণ সংঘটিত হয় যদিও দুয়োটা বিস্ফোৰণৰ তীব্ৰতা কম । যাৰ বাবে কোনো ক্ষতি হোৱা নাছিল । পিছত আৰক্ষীয়ে অঞ্চলটোৰ পৰা এটা পাঁচ কিলোগ্ৰাম ওজনৰ আইইডি উদ্ধাৰ কৰে । ধামতাৰীৰ চিহাৱা হৈছে নক্সাল অধ্যুষিত অঞ্চল ।

ছত্তীশগড়ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বস্তাৰত নক্সালবাদীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰিছিল । কাঙ্কেৰ, চুকমা, বিজাপুৰ আৰু দান্তেৱাড়াত নক্সালবাদীয়ে নিৰ্বাচনত বাধা দিবলৈ চেষ্টা কৰিছিল যদিও তাত সফল হ'ব পৰা নাছিল । অৱশ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতো নক্সালবাদীৰ হিংসাত এজন জোৱান নিহত হয় ।

লগতে পঢ়ক :হিমাচলত উদ্ধাৰ ৰাছিয়াৰ দুই নাগৰিকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.