ETV Bharat / bharat

ভাৰত-নেপাল সীমান্তৰ পথ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

author img

By

Published : Jan 13, 2021, 6:10 PM IST

ভাৰত-নেপাল সীমান্তৰ পথ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন
ভাৰত-নেপাল সীমান্তৰ পথ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

ভাৰত-নেপাল সীমান্তৰ পথ নিৰ্মাণ পৰিযোজনাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ বাবে নাইনিতালৰ সাংসদ অজয় ভাটে ধন্যবাদ জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পৰ্যবেক্ষণ কৰিব পথ নিৰ্মাণৰ কাম ।

নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী: কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনালে ভাৰত-নেপাল সীমান্তৰ পথ নিৰ্মাণ কাৰ্যত । কেন্দ্ৰই অনুমোদন জনোৱাৰ বাবে নাইনিতালৰ সাংসদ অজয় ভাটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে । এখন পত্ৰত সাংসদগৰাকীয়ে কয় যে, ভাৰত-নেপাল সীমান্তৰ পথ নিৰ্মাণ পৰিযোজনা কৌশলগতভাৱে আৰু ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ পৰিযোজনা । নাইনিতালৰ সাংসদ অজয় ভাটে কয় যে, কেন্দ্ৰীয় চৰকাৰে ১০৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পুৰণি জগধ দলঙৰ পৰা ভাৰত-নেপাল সীমান্তৰ ৮০২/১১ সীমান্ত স্তম্ভলৈকে পথ নিৰ্মাণত অনুমোদন জনাইছে ।

এই পথৰ কাম সম্পূৰ্ণ হৈ উঠিলে দুয়োখন দেশৰে অৰ্থনৈতিক, কৌশলগত আৰু ব্যৱসায়িক ক্ষেত্ৰত লাভ হ'ব আৰু বাণিজ্যিক বাহনৰ যাতায়াতো সুচল হ'ব । সেয়ে, আন্তঃৰাষ্ট্ৰীয় পথ নিৰ্মাণত অনুমোদন জনোৱাৰ বাবে অজয় ভাটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে । তেওঁ লগতে কয় যে, এই পৰিযোজনাৰ কাম প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পৰ্যবেক্ষণ কৰিব । উল্লেখ্য যে, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে বিগত বৰ্ষৰ ২১ ছেপ্টেম্বৰত সীমান্তৰ পৰা ৪০ কিঃমিঃ ফ'ৰ লেনযুক্ত পথ বহলীকৰণ প্ৰক্ৰিয়াত অনূুমোদন জনাইছিল ।

লগতে পঢ়ক:2021 ত প্ৰতি সপ্তাহত এখনকৈ নতুন ছবি মুক্তি দিব নেটফ্লিক্সে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.