ETV Bharat / bharat

G20 summit : দেশৰ বৈচিত্ৰ্যপূৰ্ণ ব্যঞ্জনৰ সোৱাদ পাব বিশ্ব প্ৰতিনিধিসকলে; জি২০ ভাৰত বিশেষ সচিব

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:31 PM IST

নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বহু প্ৰত্যাশিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ নেতাসকলে বিভিন্ন ধৰণৰ ভাৰতীয় ব্যঞ্জনৰ সোৱাদ লাভ কৰিব । ইয়াৰ ভিতৰত আছে মিলেট ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ব্যঞ্জনসমূহ ।

G20 summit
G20 summit

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : ভাৰতে শনিবাৰ আৰু দেওবাৰে দিল্লীত জি-২০ সন্মিলন আয়োজন কৰিবলৈ সাজু হৈছে । ভিভিআইপি আৰু ১৯ খন দেশৰ পৰা অহা অন্যান্য বিদেশী গণ্য-মান্য ব্যক্তি আৰু ইউৰোপীয় ইউনিয়নৰ (ইইউ) স্থানীয় ভাৰতীয় ব্যঞ্জনৰ সোৱাদ যোগোৱাৰ লগতে মিলেট ভিত্তিক ব্যঞ্জনৰ এক বিশেষ আকৰ্ষণ থাকিব ।

ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপত জি-২০ ভাৰতৰ বিশেষ সচিব মুক্তেশ পৰদেশীয়ে কয়, "ভাৰতৰ বিচিত্ৰ্য ব্যঞ্জন বিশ্বৰ প্ৰতিনিধিসকলৰ সন্মুখত উপস্থাপন কৰা হ'ব । মিলেট ব্যৱহাৰ কৰা হ'ব আৰু ৰন্ধন প্ৰকৰণত ভাৰতৰ বৈচিত্ৰ্য প্ৰস্তুত কৰা হ'ব ।"

মুক্তেশ পৰদেশীয়ে কয় যে সকলো বিদেশী প্ৰতিনিধিয়ে স্থানীয় ষ্ট্ৰিট ফুডৰ সোৱাদ পাব । ২০২৩ বৰ্ষক আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰাৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (ইউএনজিএ) প্ৰস্তাৱৰ নেতৃত্ব দিয়াৰ পিছত মিলেট ভিত্তিক ব্যঞ্জন পৰিৱেশন কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই প্ৰস্তাৱটো ৭২ খন দেশে সমৰ্থন কৰিছে ।

জি-২০ সন্মিলনৰ প্ৰতিনিধিসকলৰ মেনুত মিলেটৰ জুতি থাকিব । আন কিছু খাদ্য-সামগ্ৰীৰ ভিতৰত আছে মিলেটৰ ড্ৰেছিঙৰ সৈতে ফলৰ চালাড আৰু 'গুড় আৰু ৰাগি খীৰ' (এক প্ৰকাৰৰ মিঠাই) । বিদেশী গণ্য-মান্য ব্যক্তিসকলক বিশেষ মিলেট থালি, মিলেট পোলাও আৰু মিলেট ইডলীও পৰিৱেশন কৰা হ'ব বুলি আশা কৰা হৈছে । ভাৰতে যুক্তি দিছে যে আহাৰত মিলেট অন্তৰ্ভুক্ত কৰিলে কেৱল উন্নত পুষ্টি নিশ্চিত হোৱাই নহয়, পৰিৱেশকো সহায় কৰিব আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিব । কিয়নো সেইবোৰ উৎপাদন কৰিবলৈ কম পানীৰ প্ৰয়োজন ।

সমগ্ৰ সন্মিলনত বিশিষ্ট ব্যক্তিসকলক স্থানীয় খাদ্য আৰু পৰম্পৰাগত ব্যঞ্জন পৰিৱেশন কৰা হ'ব । ৰাষ্ট্ৰসমূহৰ মুৰব্বী আৰু সকলো বিদেশী প্ৰতিনিধিক ৰাজস্থান, পশ্চিমবংগ, কৰ্ণাটক আৰু বিহাৰৰ দৰে ৰাজ্যৰ পৰা বিশেষ ব্যঞ্জন পৰিৱেশন কৰা হ'ব । ৰাজস্থানৰ 'দল বাতি চুৰমা', পশ্চিমবংগৰ 'ৰসগোল্লা', দক্ষিণ ভাৰতীয় বিশেষ 'মচলা দোচা', আৰু বিহাৰৰ 'লিট্টি চোখা'ও বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰা হ'ব ।

বিশ্ব নেতা আৰু প্ৰতিনিধিসকলে পুৰণি দিল্লীৰ চান্দনী চকৰ ৰন্ধন প্ৰণালীৰ সোৱাদৰ আনন্দ উপভোগৰো সুযোগ পাব । 'দেশী ষ্ট্ৰীট ফুড'ৰ ভিতৰত বিদেশী অতিথিসকলে 'গোল গপ্পা', 'দহি ভল্লা', 'চিংৰা' আৰু অন্যান্য মচলাযুক্ত চাটৰ সোৱাদ পাব ।

সূত্ৰসমূহে ইটিভি ভাৰতক জনোৱা মতে, প্ৰগতি ময়দানত সকলো বিদেশী গণ্য-মান্য ব্যক্তিৰ বাবে শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আয়োজন কৰিবলগীয়া এক বিশেষ নৈশ ভোজ অনুষ্ঠানতো কেইবাটাও ভাৰতীয় ব্যঞ্জন থাকিব । কেন্দ্ৰীয় মন্ত্ৰী আৰু সমগ্ৰ ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলকো তালৈ আমন্ত্ৰণ জনোৱা হৈছে ।

উল্লেখ্য যে ভিভিআইপি আৰু বিদেশী প্ৰতিনিধিসকলক ৰাখিবৰ বাবে দিল্লী আৰু চুবুৰীয়া গুৰুগ্ৰামৰ ২১ খন হোটেলৰ প্ৰায় ৩,৫০০ কোঠা বুক কৰা হৈছে । বাংলাদেশ, ইজিপ্ত, মৰিচাছ, নেদাৰলেণ্ড, নাইজেৰিয়া, ওমান, ছিংগাপুৰ, স্পেইন আৰু সংযুক্ত আৰব আমিৰেটছৰ দৰে অ-জি-২০ সদস্য দেশসমূহকো ভাৰতে বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে । ভাৰতৰ সভাপতিত্বত ঐতিহাসিক সন্মিলনখন নৱনিৰ্মিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ 'ভাৰত মণ্ডপম'ত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :G-20 summit : জি-২০ বৈঠকৰ সময়ত দিল্লীত বৰষুণৰ সম্ভাৱনা আছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.